Latest Movie

Saturday, November 7, 2015

11/07/2015 06:09:00 PM

কিভাবে মুছলিম-হিন্দু একলগ হ'ব পাৰা যায়?

প্রশ্নঃ কেনেকৈ মুছলিম-হিন্দু একলগ হ'ব পাৰা যায়? আমি সেইটো কেনেকৈ কৰিম? এই ক্ষেত্রত কোৰআনত কোনো সমাধান আছেনে? 
⤵ 
(ড' জাকিৰ নাইকৰ লেকচাৰৰ সাহায্যত)

উত্তৰঃ যদি কোনো সাধাৰণ হিন্দুক প্রশ্ন কৰা হয় যে, তেওঁ কিমানজন দেৱতাক বিশ্বাস কৰে, তেতিয়াহ'লে তেওঁ এনেদৰে ক'ব পাৰে যে ৩জন, আকৌ কোনোবাই ক'ব ১০০জন, কোনোবাই ক'ব ১০০০জন। আকৌ কোনোবাই ক'ব ৩৩কোটি, বা ৩৩০মিলিয়ন৷ কিন্তু যদি কোনো জ্ঞানী হিন্দুক প্রশ্ন কৰে, যিজনৰ হিন্দুধর্মগ্রন্থ সম্পর্কে জ্ঞান আছে আৰু হিন্দুধর্মগ্রন্থ সম্পর্কে ভাল ধাৰণা ৰাখে, তেখেতে উত্তৰ দিব যে, হিন্দুধর্ম অনুযায়ী আমাৰ বিশ্বাস আৰু পূজা কৰা উচিত এজন ঈশ্বৰক৷ কিন্তু উল্লেখ্য যে, এজন সাধাৰণ হিন্দু যি ধর্মমতে বিশ্বাস কৰে সেইটো হ'ল প্যানথিজম, যাৰ অর্থ হল সকলো বস্তুয়েই স্রষ্টা৷ সাধাৰণ হিন্দুসকলে বিশ্বাস কৰে- গছ,সূর্য,চন্দ্র,মানুহ, আনকি সাপোও স্রষ্টা। আৰু আমি মুছলিমসকলে কওঁ সকলো বস্তু স্রষ্টাৰ৷ "স্রষ্টা" শব্দটোৰ পিছত "ৰ" আছে। সকলোবস্তুৰ একমাত্র মালিক হ'ল স্রষ্টা৷ গছ,সূর্য,চন্দ্র, মানুহৰ একমাত্র মালিক হ'ল স্রষ্টা। তেতিয়াহ'লে এজন সাধাৰণ হিন্দু আৰু সাধাৰণ মুছলিমৰ মাজত প্রধান পার্থক্য হ'ল- হিন্দু সকলে ক'ব সকলো বস্তুয়েই স্রষ্টা আৰু এজন মুছলিমে ক'ব সকলো বস্তুয়েই স্রষ্টাৰ সৃষ্টি৷ মুছলিমসকলে সকলো সময়ত স্রষ্টা শব্দৰ পিছত "ৰ" আখৰটো যোগ কৰি ক'ব সকলো বস্তুয়েই স্রষ্টাৰ।৷

           তেতিয়াহলে দেখা গ'ল প্রধান পার্থক্য হৈছে এই "ৰ" আখৰটো। আমি যদি এই "ৰ" আখৰটোৰ পার্থক্য দূৰ কৰিব পাৰো তেতিয়াহ'লে ইনশ্বা-আল্লাহ হিন্দু আৰু মুছলিমসকল এটা হ'ব পাৰিম৷ আমি সেইটো কেনেকৈ কৰিম??? কোৰআন হৈছে সকলো সমস্যাৰ সমাধান৷ আল্ কোৰআনত এইটোৰোও সমাধান দিয়া আছে৷ পৱিত্ৰ কোৰআন মজীদৰ ছূৰা আল- ইমৰাণৰ ৬৪নম্বৰত উল্লেখ কৰা হৈছে- সেই কথাত আঁহা, য'ত আমাৰ আৰু তোমালোকৰ মাজত একেই৷ (প্রথম সাদৃশ্যটা কোনটো?) আমি আল্লাহ তায়ালাৰ বাহিৰে অন্য কাকো ইবাদত নকৰো৷

       এতিয়া আহঁক বুজিবলৈ চেষ্টা কৰো হিন্দু ধর্মগ্রন্থসমূহে সেই ধর্মৰ সৰ্ৱশক্তিমান ঈশ্বৰ সম্পর্কে কি কয়,

ছান্দগ্য উপনিষদঃ- অধ্যায়-৬, অনুচ্ছেদ-২ ও ১ ত আছে-- 
স্রষ্টা মাত্র এজনেই, দ্বিতীয় কোনো নাই৷

শ্বেতাছত্র উপনিষদঃ- অধ্যায়-৬,অনুচ্ছেদ-৯ত কোৱা হৈছে-- তেখেতৰ(ঈশ্বৰৰ) কোনো মা-দেউতা নাই, তেখেতৰ কোনো প্রভু নাই, সৰ্ৱশক্তিমান ঈশ্বৰৰ দেউতা নাই, তাৰ কোনো মা নাই, তাতকৈ ডাঙৰ আৰু কোনো নাই৷

শ্বেতাছত্র উপনিষদঃ- অধ্যায়-৪, অনুচ্ছেদ-১৯ত আছে-- 
সৰ্ৱশক্তিমান ঈশ্বৰৰ কোনো প্রতিমা নাই, কোনো প্রতিমূর্তি নাই, তাৰ কোনো ভাস্কর্য নাই৷

শ্বেতাছত্র উপনিষদঃ- অধ্যায়-৪, অনুচ্ছেদ-১০,অনুচ্ছেদ ২০ত উল্লেখ আছে-- 
সৰ্ৱশক্তিমান ঈশ্বৰক কোনেও দেখা নাপায়৷ 

ইয়াৰ বাহিৰেও
ভগৱদগীতা অধ্যায়-৭,অনুচ্ছেদ ২০ত আছে--
সেইসকল লোক যিসকলৰ বিচাৰবুদ্ধি কাঢ়ি লৈছে জাগতিক আকাঙ্খাই, সিহঁতেই মূর্তি পূজা কৰে৷

ভগৱতগীতা:- অধ্যায়-৭,অনুচ্ছেদ-২০, আৰু অধ্যয়-১০, অনুচ্ছেদ-৩ ত কোৱা হৈছে-- 
লোকে জানে মই কেতিয়াও জন্ম লোৱা নাই, কেতিয়াও উদ্ভূত হোৱা নাই, মই এই বিশ্ব জগতৰ সৰ্ৱোময় প্রভু৷

হিন্দুধর্মৰ যাৱতীয় ধর্মগ্রন্থৰ মাজত চবতকৈ পবিত্র হ'ল বেদ। 

যযুর্বেদ:- অধ্যায়-৩২,অনুচ্ছেদ-৩ ত উল্লেখ কৰা হৈছে-- 
সৰ্ৱশক্তিমান ঈশ্বৰৰ কোনো মূর্তি নাই, প্রতিমা শব্দৰ অর্থ পপ্রতিমূর্তি, উপমা, ৰূপক, ফটো, ভাস্কর্য, মূর্তি প্রভৃতি৷

যযুর্বেদ:- অধ্যায়-৪০, অনুচ্ছেদ-৮ ত উল্লেখ কৰা হৈছে, 
সৰ্ৱশক্তিমান ঈশ্বৰ নিৰাকাৰ ও পৱিত্র৷

যযুর্বেদৰ ৪০নং অধ্যায়, ৯নং অনুচ্ছেদত আছে, 
"আন্ধাতমা" ৰ অর্থ হ'ল- অন্ধকাৰ।
"প্রবিশান্তি" ৰ অর্থ হ'ল- প্রৱেশ কৰা,
আৰু "আমানুতি" ৰ অর্থ- বিভিন্ন প্রাকৃতিক বস্তু যেনেঃ জুই,পানী,বতাহ ইত্যাদি
সিহঁতে অন্ধকাৰত প্রৱেশ কৰে, যিসকলে প্রাকৃতিক বস্তুৰ পূজা কৰে।

ইয়াত আৰু স্পষ্টভাবে উল্লেখ আছে"- 
যযুর্বেদৰ ৪০নং অধ্যায়ৰ ৯নং অনুচ্ছেদত এনেদৰে কোৱা হৈছে- 
সিহঁতে অন্ধকাৰত প্রৱেশ কৰে যিসকলে ছাম্বুতিৰ পূজা কৰে৷ ছাম্বুতি হ'ল মানুহৰ তৈয়াৰী বস্তু যেনেঃ:- চকী,মেছ,মূর্তি ইত্যাদি৷

বাস্তৱিকতে হিন্দুসকলে যদি সিহঁতৰ ধর্মগ্রন্থৰ উপৰৰ কথাসমূহ ভালকৈ মানি চলে তেতিয়াহ'লে ইনশ্বা-আল্লাহ আমি মুছলিমসকল আৰু হিন্দুসকল এক হ'ব পাৰিম৷ আহঁক আমি ধর্মগ্রন্থৰ সাদৃশ্যসমূহ যথাযথ ভাৱে মানি চলো, তেতিয়াহ'লে আমি এক হ'ব পাৰিম ইনশ্বা-আল্লাহ।

Wednesday, September 9, 2015

9/09/2015 03:53:00 PM

ধর্মৰ কিয় দৰকাৰ ? মানৱতাবাদীতাই শ্রেষ্ঠ ধর্ম নহয় নেকি ?


((প্রবন্ধটো পঢা হ’লে, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব))
প্রশ্ন ১: এচামৰ প্ৰশ্ন যে ধর্মৰ দৰকাৰ কিয়? মই এইটোৱেই বুজি নাপাও। সেই প্রাচীন যুগ এতিয়া আৰু নাই। এতিয়া আমি সভ্য, বুদ্ধিমান প্রাণী। মানৱতাবাদীতাই শ্রেষ্ঠ ধর্ম নহয় নেকি?
*মানৱতাবাদী~নাস্তিকতাবাদী
উত্তৰঃ মানৱতাবাদীতা কেনো পধ্যেই শ্রেষ্ঠ ধর্ম নহয় তাৰ বহুত কাৰণ আছে, তলত তাৰ কেইটামান উল্লেখ কৰা হ’ল-

এক – ‘মানৱতাবাদীতা’ত সমস্যা হ’ল যে ‘মানৱতাবাদীতা’ৰ কোনো ষ্টাণ্ডাৰ্ড নাই।যেনেকৈ, আমি সকলোৱেই জানো যে আমাৰ উচিত মা-দাউতাৰ সৈতে ভাল ব্যৱহাৰ কৰা। কিন্তু, কিমানখিনি ভাল ব্যৱহাৰক ভাল ব্যৱহাৰ বুলি গণ্য কৰিম? কোনে এইটোৰ ষ্টাণ্ডাৰ্ড ঠিক কৰি দিব? অথচ, ইছলামে কয়, মা-দেউতাৰ সৈতে এনেকুৱা ভাল ব্যৱহাৰ কৰা যাতে সিহঁতৰ প্রতি কেতিয়াও উহ্ শব্দ পৰ্যন্ত উলাই নাহে। এনেকৈৱেই, মানুহৰ জীৱনৰ প্রতিটো কামৰ ষ্টাণ্ডাৰ্ড ধর্মই (বিশেষ কৈ ইছলামে) নির্ধাৰিত কৰি দিয়ে, ফলত পথহাৰা মানুহে পথ বিচাৰি পায়। 
 
দুই – মানুহ এনে এটা সৃষ্টি যাৰ ব্রেইন ওয়াচ কৰা খুব সহজ, আৰু এবাৰ ব্রেইন ওয়াচ হৈ গ’লে সেই মানুহ হত্যাৰ নিচিনা গুৰুতৰ বেয়া কামকো সি খুব স্বাভাৱিক কাণ্ড বুলি মানি ল’ব পাৰে (যিটো আচলতে অমানবিক!)।  উদাহৰণ স্বৰুপে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে জার্মানসকৰ এনেকৈ ব্রেইন ওয়াচ কৰিছিল যে সিহতে অনায়াসে এই গণহত্যাৰ সমর্থন কৰিছিল (http://www.schoolhistory.co.uk/lessons/riseofhitler/whysupport.htm)। আকৌ, প্রিয়নবী মুহাম্মাদ(ছাঃ)ৰ আগমনৰ আগতে আৰবৰ ৰীতি আছিল কন্যা সন্তানক জীৱন্তে কবৰ দিয়া, এইটোক সিহঁতে খুব স্বাভাবিক বুলি ভাবিছিল! কাৰণ, সিহঁতৰ ব্রেইন এনেভাবেই ওয়াচ হৈ গৈছিল। এটা সময়ত আমেৰিকাত সমকামী সকলক ঘৃণাৰ চকুৰে চোৱা হৈছিল, অথচ এতিয়া চোৱা হয় সম্মানৰ চকুৰে! আজিৰ সমাজে ভাই-ভনী বিছনাত শুৱাক (Incest) ঘৃণাৰ চকুৰে দেখা হয়, কিন্তু সেইদিন খুব বেছি দূৰত নাই যিদিনা এই অসভ্যহালী কামটোকো মানৱতাৰ চকুত ‘বৈধ’ হ’ব!
     সত্য কথাটো  হ’ল, ষ্টাণ্ডাৰ্ড ঠিক কৰি নিদিলে মানুহ আৰু মানুহ হৈ নাথাকিব, ক্রমশঃ ই পশু হৈ যাব। আৰু ভাল-বেয়াৰ এই ষ্টাণ্ডাৰ্ড মানুহে দিব নোৱাৰিব, কাৰণ সি সকলো সময়তেই সুবিধাবাদী, সকলো সময়তেই কিবা নহয় কিবাৰ দ্বাৰা ব্রেইন ওয়াচ কৰিবই। এই ষ্টাণ্ডাৰ্ড আচলতে হ’ব লাগিব উপৰৰ লেভেলৰ পৰা। এই প্রসঙ্গে এনেকোৱা এজনৰ উক্তি দিয়া যাওঁক যাক কোনো ‘নাস্তিক’/‘মানৱতাবাদী’য়ে উপেক্ষা কৰিব নোৱাৰিব!
We cannot solve our problems with the same thinking we used when we created them. – Albert Einstein
      অলপ চিন্তা কৰিলে বুজিব ওপৰৰ কথাটোত এটা অসীম পুনৰাবৃত্তিৰ চক্র আছে। আপুনি যিকোনো সমস্যাৰ সমাধান কৰিবলৈ হ’লে যি লেভেলত তাক তৈয়াৰ কৰা হৈছিল তাৰ ওপৰৰ লেভেলত গৈ চিন্তা কৰিব লাগিব, কিন্তু সেই লেভেলত চিন্তা কৰিবলৈ গৈ আপুনি আকৌ কিছু সমস্যা তৈয়াৰ কৰিব, যাক সমাধান কৰিবলৈ হ’লে যাব লাগিব আৰু উপৰত, তাৰপিছত আৰু, তাৰপিছত আৰু … অৱশেষত আপুনি আচলতে সমস্যাৰ সমাধানেই কৰিব নোৱাৰিব। বাস্তৱতে, মানৱজীৱনৰ সমস্যাৰ সমাধান আচলতে পাৰিব একমাত্র সৃষ্টিকর্তাৰ ফালৰ পৰা।
তোমালোকে বেছি জানা নেকি, নে আল্লাহে? তাতকৈ ডাঙৰ অত্যাচাৰী কোন যিয়ে আল্লাহৰ ফালৰ পৰা পোৱা প্রমাণ গোপন কৰে? – (কোৰআনঃ ২:১৪০)

তিনি – মানুহক পোন পথত ৰখাৰ আটাইতকৈ উত্তম উপায় হ'ল Carrot and Stick পদ্ধতি। ধর্মক বাদ দিলে স্রষ্টাৰ ওচৰত জবাবদিহিতাক বাদ দিয়া হয়, বাকী থাকে মাত্র মানুহৰ ওচৰত জবাবদিহিতা। সেয়েই, যাৰ স্রষ্টাভীতি (ইছলামী পৰিভাষাত তাকওয়া) নাই সি যেতিয়া মানুহৰ চকুত ফাঁকি দি তাৰ লোভ-লালসা পূৰণৰ কোনো উপায় পায় যায়, তেতিয়া সেই কামটো বেয়া হ'লেও খুব সহজেই সেই পাপসমূহ সি কৰি পেলায় বা ভাল কাম কৰাৰ পৰা বিৰত থাকে। উদাহৰণ দিছো- ধৰক আপোনাৰ এক প্রতিবেশী আপোনাৰ ওচৰত এদিন সাহায্য বিচাৰিলে, আপুনি তাক সাহায্য কৰিলে, কিন্তু বিনিময়ত সি আপোনাক ধন্যবাদ নজনালে, আপুনি কিন্তু মনঃক্ষুণ্ণ হ'ব। দ্বিতীয়দিনা সি সাহায্য বিচাৰিলে, আপুনি সেইদিনাও তাক সাহায্য কৰিলে, এইবাৰো সি আপোনাক ধন্যবাদ নজনালে, আপুনি কিন্তু আচলতেই মনঃক্ষুন্ন হ'ব এইবাৰ, আৰু খুব সম্ভৱতঃ তৃতীয়দিনা সি যেতিয়া সাহায্য বিচাৰিব আপুনি তাক সাহায্য নকৰিব। কাৰণ, মানুহ জন্মগতভাবে প্রতিদান প্রিয় (ইয়াৰ বাবেই বছৰৰ শেষত চেলাৰি-বেতন নাবাঢ়িলে আপোনাৰ মন বেয়া হয় যায়!), সি এদিন ফ্রি-ফ্রি কাম কৰি দিব, ২ দিন কৰি দিব, কিন্তু তৃতীয় দিনা আৰু নকৰিব। অথচ, আপুনি যদি এজন প্রকৃত ধার্মিক হয় থাকে, আপুনি কিন্তু তেতিয়াও সেই মানুহজনক উপকাৰ কৰি যাব, ধন্যবাদে তোয়াক্কা নকৰিব। কাৰণ, যিজনে আল্লাহক বিশ্বাস কৰে, সি পৰকালকো বিশ্বাস কৰে। এজন প্রকৃত ধার্মিক মানুহে এই দুনিয়াত(পৃথিৱীত) মানুহৰ ওচৰৰ পৰা প্রতিদান পোৱাৰ আশাত কাম নকৰে, সি কাম কৰে আল্লাহৰ ওচৰত প্রতিদান পোৱাৰ আশাত। এজন মু’মিনে গীবত (সমালোচনা কৰা, কথা লগাই ফুৰা) নকৰিব, অশ্লীল কথা নক'ব – যদিও সি জানে এই কামৰ বাবে তাক পুলিচে নধৰিব, যদিও জানে কোনোবাই তাক নেদেখিব, কিন্তু সি জানে আল্লাহৰ ওচৰত তাক এদিন জবাবদিহি হ'বই লাগিব, আৰু সেয়ে সি সর্বাবস্থাত সকলো বেয়া কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।  সেয়েহে ধর্মীয় জীৱন ব্যবস্থা অৱশ্যেই ধর্মহীন জীৱন ব্যৱস্থাতকৈ শ্রেষ্ঠ।
       গৱেষনাত দেখা গৈছে যে, ধার্মিক মানুহসকলে ধর্মহীনসকলতকৈ দান বেছি কৰে আৰু ভলান্টিয়াৰ কামতোও বেছি অংশগ্রহণ কৰে। বিশ্বখ্যাত সমাজবিজ্ঞানী আর্থুৰ ছি ব্রুকছ স্ট্যানফোর্ড বিশ্ববিদ্যালয়ৰ পৰা প্রকাশিত তাৰ গবেষনাপত্র Religious Faith and Charitable Giving (http://www.hoover.org/publications/policy-review/article/6577) য়ে তথ্য-উপাত্তসহ এই ব্যাপাৰত বিস্তাৰিত আলোচনা কৰিছে। কোন্ কোন্ ফ্যাক্টৰে মানুহক civic behavior (যেনেকৈ – দানশীলতা আৰু ভলান্টিয়াৰ কাম) প্রভাবিত কৰে তাক জনাৰ বাবে ২০০০ চনত আমেৰিকাৰ কিছু ৰিছার্চাৰে ৫০টা কমিউনিটিৰ পৰা ৩০ হাজাৰ অবজাৰভেচন সংগ্রহ কৰে। সিহঁতৰ গৱেষনাত প্রাপ্ত ফল দেখি সিহঁতে বিস্মিত হয় যায়

      নাস্তিকসকলে মুখত যিমানেই ডাঙৰ ডাঙৰ কথাই কওঁক না কিয়, ভাল কামৰ হিচাপ ললে দেখা যায় যে ধার্মিকসকলে ভাল কামৰ অংশগ্রহণত ধৰ্ম নিৰপক্ষসকলৰ পৰা বহুগুণে আগুৱাই আছে। মই আর্থুৰ ছি ক্লার্কৰ লিখনীৰ পৰা উদ্ধৃত কৰিছোঃ
• The differences in charity between secular and religious people are dramatic. Religious people are 25 percentage points more likely than secularists to donate money (91 percent to 66 percent) and 23 points more likely to volunteer time (67 percent to 44 percent).
• The data show that if two people — one religious and the other secular — are identical in every other way, the secular person is 23 percentage points less likely to give than the religious person and 26 points less likely to volunteer.

চনন –  নাস্তিক সকলে প্ৰায় থিয় দিয়ে সুবিধাবাদীৰূপে। এজন নাস্তিক (মানৱতাবাদী) যিয়ে শাস্তি সকলোৰ বাবে অমানবিক বুলি ভাবে, সেই একেই শাস্তি তাৰ চৰম শত্রুৰ বাবে সঠিক বুলি ভাবিব পাৰে। উদাহৰণ দিছো- বাংলাদেশৰ যুদ্ধাপৰাধী সকলৰ বিচাৰৰ সময়ত সিহঁতে কিন্তু এই অপৰাধীসকলক ফাঁচিৰ বাবে চিঞৰি চিঞৰি ডিঙি ফটাই পেলাইছে। কিন্তু, এইসকলেই আকৌ অন্য আলোচনাত ক'লে মানুহৰ ফাঁচি দিয়া গুৰুতৰ অপৰাধ, যিহেতু আমি প্রাণ দিব নোৱাৰো, সেয়েহেই প্রাণ লোৱাৰ অধিকাৰো আমালোকৰ নাই। [আপুনি আকৌ ভাবি নল'ব মই ৭১ ৰ হত্যাকাৰীৰ মৃত্যুদন্ডৰ বিৰোধী! মই মাত্র ৭১ কিয়? সকলো প্রকাৰ খুনীসকলৰ মৃত্যুদন্ডৰ পক্ষত, কাৰণ আল্লাহৰ আইন সকলো অপৰাধীৰ বাবে সমান]।

পাঁচ – শেষ কথা হ'ল ধর্মক বাদ দিলে আপুনি সৃষ্টিকর্তাক বাদ দিছে। অথচ সৃষ্টিকর্তাৰ অস্তিত্ব যুক্তি দি প্রমাণিত (মোৰ এই লেখনীটো পঢ়ক- http://islam-assamese.blogspot.in/2015/07/blog-post_52.html), সৃষ্টিকর্তাৰ উপাসনা কৰা মানুহৰ মানসিক কাঠামোৰ অবিচ্ছেদ্য অংশ। আল্লাহে মানুহক উপাসনা কৰাৰ বাবে তৈয়াৰী কৰিছে, আৰু সেয়ে বিপদে পৰিলে বা থমকি গ'লে ঘোৰ নাস্তিকেও স্রষ্টাক মাতে (এই ভিডিঅ'টোৰ উদাহৰণ চাওঁক- http://youtu.be/zBRk2nfB9zo)। সেয়েহে, স্রষ্টাক উপাসনা নকৰি মানুহ কেতিয়াও মানসিক প্রশান্তি লাভ কৰিব নোৱাৰে। 

 *****
 
প্রশ্ন ২: ধর্ম অবিহনে পৃথিবীটো কিমানেই সুন্দৰ হ'ল হয়! ধর্ম কাণেই মানুহেই মানুহ কিমান বিভেদ, মাৰপিট, যুদ্ধ! ধর্ম বেপাৰটো বাদ দিলে নহয় নিকি ?

উত্তৰঃ আপুনি ওপৰৰ বক্তব্যত বিশ্বাসী হ'লে বুজি ল'ব লাগিব যে হয়তো আপোনাৰ এই বিষয়ত জ্ঞান নাই, নতুবা আপোনাৰ ব্রেইন চয়তানৰ দ্বাৰা ভাল কৰি ওয়াছ কৰা হৈছে। পৃথিবীত মাৰপিট আৰু যুদ্ধ-বিগ্ৰহ তেতিয়াই হয় যেতিয়া মানুহে ধর্মক নামানে। পৃথিবীৰ বেছিৰভাগ যুদ্ধৰেই কাৰণ হ'ল- অর্থ আৰু ক্ষমতা – ধর্ম নহয়।

বিংশ শতাব্দী আছিল ধর্ম-নিৰপেক্ষতা আৰু ধর্মহীনতাৰ উত্থানৰ শতক। আহক চাই লও এই শতকৰ মানৱতাৰ কিছু অর্জন! (তথ্যসূত্ৰ: How Do You Kill 11 Million People – Andy Andrews)

• প্ৰথম বিশ্বযুদ্ধত তুর্কীৰ নবগঠিত চেক্যুলাৰ চৰকাৰে সিহঁতৰ দেশত জ্ঞানী-গুনী, ধর্মীয় নেতা, নাৰী, গর্ভবতী মা, আৰু শিশুসহ ২ মিলিয়ন মানুহক হত্যা কৰিছিল।
• ১৯৩৩ ৰ পৰা ১৯৪৫ চনলৈ হিটলাৰে পৰিকল্পিতভাবে হত্যা কৰিছে ১১ মিলিয়ন মানুহক।
• দ্বিতীয় বিশ্বযুদ্ধত আৰু মৰা যায় ৫ মিলিয়ন জার্মান বে-সামৰিক ও সামৰিক মানুহ, ২.৮ মিলিয়ন ইউৰোপীয়ান...
• কম্বোডিয়াৰ চৰকাৰে ১৯৭৫ ৰ পৰা ১৯৭৯ চনলৈ মাৰিছে সেই দেশৰ তিনি মিলিয়ন মানুহক – যি দেশৰ মুঠ জনসংখ্যা আছিল ৮ মিলিয়ন...
• ১৯১৭ ৰ পৰা ১৯৮৭ চনলৈ ছোভিয়েত ইউনিয়নৰ ‘মানৱতাবাদী’ কমিউনিষ্ট চৰকাৰে হত্যা কৰিছে সিহঁতৰ দেশৰ ৫৫ মিলিয়ন (হয় ঠিকেই পঢ়িছে, ছাড়ে পাঁচ কোটি) পুৰুষ, নাৰী আৰু শিশুসকলক!! (যোৱা শতাব্দীৰ বৃহত্তম গণহত্যা!)
• ৩ নভেম্বৰ ২০০২ ৰ পৰা আৰম্ভ কৰি পিছৰ ১০ বছৰত মার্কিন দ্রোন আক্ৰমণত মৰা গৈছে ৪৭০০ মানুহ য'ত আছে- স্কুলগামী শিশু, বিয়াত অংশগ্ৰহণ কৰিব যোৱা বৰযাত্রীসহ অসংখ্য নিৰপৰাধ মানুহ (সূত্ৰ: Josh Begle’s DroneStream)
আপোনাৰ ওচৰত মোৰ প্ৰশ্নঃ এই হত্যাকান্ড কোন ধার্মিকসকলে কৰিছে? আৰু স্পষ্টভাবে ক'লে, কোন মুছলিমসকলে কৰিছে? বৰঞ্চ, যি জাতি যিমান ধর্মবিৰোধী আছিল, সেই জাতি আছিল সিমানেই নিষ্ঠুৰ।

প্ৰথম বিশ্বযুদ্ধৰ কাৰণ আছিল ইউৰোপীয় শক্তিসমূহৰ মতপার্থক্য, শত্রুতা, জোটবদ্ধতা, সামৰিকবাদ, সাম্রাজ্যবাদ ও জাতীয়বাদ। ধর্ম ইয়াত সম্পূর্ণ অনুপস্থিত!
The main causes of World War I, which began in central Europe in late July 1914, included many factors, such as the conflicts and hostilitybetween the great European powers of the four decades leading up to the war. Militarism, alliances, imperialism, and nationalism played major roles in the conflict as well. – Wikipedia
দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আছিল হিটলাৰৰ ক্ষমতাৰ লোভ , অর্থৰ লোভ। আৰু মানুহক অনুপ্ৰাণিত কৰাৰ বাবে হিটলাৰে ব্যবহাৰ কৰিছিল মিছাঁ কথা আৰু ঘৃণা। সেয়েই, এই যুদ্ধৰ বাবেও ধর্মক দোষ দিয়াৰ কোনো কাৰণ নাই!
The main cause of World War II was the desire and ability of Adolf Hitler, in control of Nazi Germany, to dominate Europe and gain controlespecially of the agrarian resources to the east of Germany.– Wikipedia
১৯৭১ চনত পাকিস্তান আর্মিৰ গণহত্যা, মধ্যপ্রাচ্যত পশ্চিমা আগ্রাসন আনকি চিৰিয়াত বাছাৰ আল আছাদৰ হত্যাযজ্ঞ – এই প্ৰত্যেকটো নৃশংসতাৰ পিছে কাৰণ হ'ল অর্থ আৰু ক্ষমতাৰ লোভ । বাস্তবতে, সত্য হ'ল পৃথিবীৰ হত্যা, যুদ্ধ বিগ্ৰহৰ মূলতেই আছে স্ৰষ্টাৰ ওচৰত জবাবদিহি হ'ব লাগিব এই সত্যক উপেক্ষা কৰি মানুহৰ ওচৰৰ জবাবদিহিতা কৌশলেৰে এৰুৱাই গৈ অন্ধভাবে ক্ষমতা আৰু অর্থৰ পিছে ঘুৰা!

আমেৰিকাৰ বিখ্যাত আইন বিশেষজ্ঞ Stephen Carter য়ে কয় যে- 
বিংশ শতাব্দী হ'ল মানৱ সভ্যতাৰ ইতিহাসৰ চবতকৈ ৰক্তাক্ত শতক আৰু এই বিশাল হত্যাযজ্ঞৰ পিছফালৰ কাৰণ ধর্ম নহয়, আছিল ক্ষমতালোভী চিন্তা-ভাবনা! 

বিশ্বনন্দিত ৰাষ্ট্ৰবিজ্ঞানী Zbigniew Brzezinski য়ে তাৰ Out of Control: Global Turmoil on the Eve of the Twenty-First Century (1993) ত লিখাত এই হত্যাকান্ডৰ যি কাৰণ উল্লেখ কৰিছে তাৰ উদ্ধৃত কৰি Shaikh Hamza Tzortzis য়ে কয়:
Lives had been deliberately extinguished, by politically motivated carnage via state backed entities. The war dead alone for politically motivated reasons is eighty seven and a half million people. State terrorism is the real terrorism.
.
বাস্তবতে, পৃথিবীৰ চবতকৈ ডাঙৰ সন্ত্রাস হ'ল- ক্ষমতালিপ্সু ৰাষ্ট্রীয় সন্ত্রাস! যোৱা শতাব্দীত ৮ কোটি ৭৫ লক্ষ মানুহ মৰা গৈছে চেক্যুলাৰ চিন্তা-ভাবনাৰ ৰাস্ট্ৰসমূহৰ সন্ত্রাসৰ কাৰণত আৰু এই ৰাষ্ট্ৰসমূহেই দোষ দিয়ে ধর্মক! ধর্মই মানুহক বিভেদ সৃষ্টি নকৰে, ধর্মই মানুহক একত্রিত কৰে, কমন লক্ষ্য দিয়াৰ মাধ্যমেৰে ঐক্যবদ্ধ কৰে, অন্য মতৰ প্ৰতি সহিষ্ণু হ'বলৈ শিকায়। অন্যদিশত মানুহক বিভক্ত কৰে মুনাফালোভী ধর্মবিদ্বেষী চিন্তা-ভাবনাই।
… যি ব্যক্তিয়ে কাৰোবাক নৰহত্যা (পৃথিবীত যুদ্ধ সৃষ্টিকাৰী কামৰ শাস্তি প্ৰদানৰ উদ্দেশ্যৰ বাহিৰে) কৰিলে, সি যেন পৃথিবীৰ সকলো মানুহকেই হত্যা কৰিলে। আৰু কোনোবাই কাৰোবাৰ প্রাণ ৰক্ষা কৰিলে, সি যেন পৃথিবীৰ সকলো মানুহৰ প্রানৰক্ষা কৰিলে।– ছূৰা মায়িদাহ্ ৫:৩২
ইছলামৰ ইতিহাস যদি চায় তেতিয়া দেখিব মুছলিমসকলে কেতিয়াও জোৰ কৰি সিহঁতৰ ধর্ম অন্য মানুহৰ উপৰত চপাই দিয়া নাই। ইছলামী ৰাষ্ট্ৰত অন্য ধর্মাবলম্বীসকলৰ নির্বিঘ্নে ধর্ম-চর্চাৰ অধিকাৰৰ ইতিহাস লৈ মুছলিমসকলেই মাত্ৰ নহয়, অমুছলিমসকলও শত শত গবেষণামূলক লিখা লিখিছে (পঢ়ক Alexander Knysh ৰ লিখা Islam in Historical Perspective)। 

ইছলামৰ সহমর্মিতাৰ মই মাত্ৰ কেইটামান উদাহৰণ দিছোঃ
মদীনাত ৰাছূলুল্লাহ(ছাঃ)য়ে নিশ্চিত কৰিছিলে যাতে ইহুদীসকলে নির্বিঘ্নে সিহঁতৰ ধর্ম পালন কৰিব পাৰে।
উমাৰ(রাঃ)য়ে জেৰুজালেমৰ চাবি হিৰাক্লিয়াছৰ ওচৰৰ পৰা বুজি লোৱাৰ পিছত পাদ্রীৰ অনুৰোধৰ পিছতো গীর্জাত যোহৰৰ নামাজ পঢ়া নাই একমাত্ৰ এই কাৰণে যে ভবিষ্যতে মুছলিমসকলে এই গীর্জাক হয়তো আমিৰুল মু’মিনীনৰ মছজিদ বুলি দাবী কৰিব।
খালিদ বিন ওয়ালিদ(ৰা)ৰ নেতৃত্বত ৬৩৪ খ্রীষ্টাব্দিত চিৰিয়াৰ দামাস্কাছ বিজয় কৰাৰ পিছত মুছলিমসকলে চেন্ট জন দি ব্যাপ্টিস্টে গির্জাত শুক্ৰবাৰে জুমুআৰ নামাজ পঢ়িছিল, একেই সপ্তাহৰ ৰবিবাৰে খ্রীষ্টানসকলে সেই একেই গির্জাত সিহঁতৰ সাপ্তাহিক উপাসনা কৰিছিল। মুছলিমসকলে দামাস্কাচত আহি খ্রিস্টানসকলৰ গির্জা ভেঙ্গি দিয়া নাই। বৰঞ্চ মুছলিমসকলৰ ব্যবহাৰ আৰু চাৰিত্রিক গুনাবলিত আকৃষ্ট হৈ দলে দলে মানুহে ইছলাম ধর্ম গ্ৰহণ কৰে।
ক্রুছেডাৰসকলে ১০৯৯ চনৰ ১৫ জুলাইত জেৰুজালেম দখল কৰে মুছলিমসকলৰ তেজেদি গোটেই চহৰক আঁঠু পর্যন্ত ডুবাই দিয়ে, কিন্তু ইয়াৰ প্রায় ১শ বছৰ পিছত ১১৮৭ চনত ছালাহ-আদ-দীন আইউবী (ৰহিমাহুল্লাহ)য়ে যেতিয়া জেৰুজালেম পুনরূদ্ধাৰ কৰে তেতিয়া তেখেতে কোনোও প্ৰতিশোধ তো লোৱাই নাই বৰঞ্চ খ্রীষ্টানসহ সকলো বিধর্মীসকলক ক্ষমা কৰি দিয়ে, সিহঁতক সিহঁতৰ নিচিনাকৈ ধর্ম পালন কৰিব দিয়ে, আনকি সিহঁতক সিহঁতৰ সকলো সম্পদ লৈ অন্য দেশত (ইউৰোপলৈ) গুচি যোৱাৰোও স্বাধীনতা দিয়ে।
[বিস্তাৰিত জানিব খুজিলে চাওকঃ PBS Documentary – Islam: Empire of Faith.]

সকলো ধর্মৰ মানুহৰ প্ৰতি ইছলামে সহনশীলতাৰ কথা কয়, সহমর্মিতাৰ আৰু ন্যায়বিচাৰৰ কথা কয়। কাৰণ এইটো মানুহৰ বনোৱা ধর্ম নহয়, এইটো আহিছে আল্লাহ্ ছুবহানাহু ওয়া তা’আলাৰ ওচৰৰ পৰা, যিজন চবতকৈ বেছি ন্যায়বিচাৰক। এজন মু’মীনৰ ওচৰত এজন মুছলিম যিমানখিনি নিৰাপদ, এজন অমুছলিমও সিমানখিনিয়েই নিৰাপদ – যেনেকৈ ৰাছূলুল্লাহ(ছাঃ)য়ে শিকাই দি গৈছে।

ৰাছূলুল্লাহ(ছাঃ) য়ে কৈছেঃ সাবধান! যি ব্যক্তি কোনও মুয়াহিদৰ (মুয়াহিদঃ মুছলিম ৰাষ্ট্ৰত ন্যায়সঙ্গতভাবে বসবাস কৰা অমুছলিম) উপৰত অত্যাচাৰ কৰিব অথবা তাৰ কোনো অধিকাৰ উলংঘা কৰিব অথবা তাক অসহনীয় যন্ত্ৰণা দিব অথবা তাৰ অনুমতি অবিহনে তাৰ কোনো কিবা লৈ ল'ব, সি জানি ৰাখক যে বিচাৰ দিবসত মই তাৰ (অত্যাচাৰী ব্যক্তিৰ) বিৰুদ্ধে যুদ্ধ কৰিম। – (আল্ হাদিছ্) (চুনান আবু দাউদ, ভলিউম ৩, হাদিছ ৩০৫২)
  **************      


9/09/2015 03:44:00 PM

মুছলিম নে মুছলমান?



মুছলিম নে মুছলমান?

    আল্লহৰ মনোনীত সত্যধৰ্মৰ নাম ইছলাম আৰু এই ধৰ্মৰ অনুসাৰীৰ নাম মুছলিম। আদম (‘আলাইহিছ ছালাম)ৰ পৰা মুহাম্মদ (ছাল্লাল্লাহু‘আলাইহি ওয়াছাল্লাম) পৰ্যন্ত সকলো ৰাছূল ও নাবী য়ে নিজক মুছলিম হিচাপেই পৰিচয় দিছিল।

নূহ (‘আলাইহিছ ছালাম)য়ে কৈছেঃ
   “মই তো মুছলিমসকলৰ মাজত (আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী) অন্তৰ্ভুক্ত হৈ আদিষ্ট হৈছো। (কোৰ’আনঃ ছূৰা য়ুনূছ, আয়াঃ ৭২)

ইব্ৰাহিম(‘আলাইহিছ ছালাম)’ৰ বাবে কোৰ’আনত উল্লেখিতঃ
 “আৰু ইব্ৰাহিম ও ইয়াকুব য়ে এই সমন্ধে তাৰ পুত্ৰসকলক নিৰ্দেশ দি কৈছে,
     হে পুত্ৰগণ! আল্লাহ তোমালোকৰ বাবে এই দ্বীন(ধৰ্ম)ক মনোনীত কৰিছে, সেয়েহে তোমালোক মুছলিম নোহৱালৈকে মৃত্যুবৰণ নকৰিবা।(কোৰ’আনঃ ছূৰা আল-বাকাৰা, আয়াঃ ১৩২)

য়ুছূ’ফ(‘আলাইহিছ ছালাম) য়ে কৈছেঃ
     “আৰু তুমিয়ে(আল্লাহ) মোৰ ইহকাল পৰকালৰ অভিভাৱক; তুমি মোক মুছলিম হিচাপে মৃত্যু দিয়া আৰু সত্ কৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত কৰা।(কোৰ’আনঃ ছূৰা য়ুছূ’ফ, আয়াঃ ১০১)

    ইয়াৰ উপৰিও কোৰআন শ্বৰীফৰ বহুত আয়াতত সকলো নাবীসকলৰ পৰিচয় হ’ল মুছলিম। ‘আৰাবী ভাষাৰ ব্যাকৰণ অনুযায়ী মুছলিম শব্দটো মুছলিমূন, মুছলেমীন ইত্যাদি ৰূপ গ্ৰহণ কৰিব পাৰে। মুছলিম- শব্দটো কৰ্তৃকাৰক্ত একবচন (ফা‘য়েল মুফৰাদ); মুছলিমূন সেই কাৰকত বহুবচন (ফা‘য়েল জাম্‘য়া); মুছলেমীন কৰ্মকাৰকত বহুবচন(মাফয়ূল জাম্‘য়া) অথবা সম্বন্ধপদৰ বহুবচন; কিন্তু সেই সকলোৰ মূল হৈছে মুছলিম। মুছলিম শব্দৰ দ্বিবচন মুছলিমান বা মুছলিমাইন। ‘আৰাবী ভাষাত মুছলমান শব্দটোৰ ব্যৱহাৰ কতোও নাই। মুছলমান শব্দটো ফাৰ্চী বা তুৰ্কিকৰণৰ দ্বাৰা ভাৰতবৰ্ষত সোমাইছে মুছলিমান বা মুছলিমাইন শব্দৰ বিকৃতৰূপে। ‘আৰাবী আমাৰ ধৰ্মীয় ভাষা, এই ভাষাতেই আল্লাহে কোৰ’আন অৱতীৰ্ণ (নাযিল) কৰিছে আৰু এই ভাষাতেই মুছলিম শব্দটো ব্যৱহূত হৈছে। ‘আৰাবী ভাষাত প্ৰয়োগৰীতি অনুসৰণ নকৰি ফাৰ্চী বা তুৰ্কীসকলৰ কায়দাত গ্ৰহণ কৰাক সুবিবেচিত হয় বুলি নাভাবো। বিশেষকৈ শব্দটো যেতিয়া কোৰ’আনীয় লাফ্জ শব্দ।

তেন্তে কিয় আমি কোৰ’আনৰ ভাষাৰ প্ৰয়োগৰীতি অগ্ৰাহ্য কৰি অন্য ভাষাৰ মাধ্যমেৰে সেইয়া গ্ৰহণ কৰিম?

Thursday, September 3, 2015

9/03/2015 08:05:00 PM

সমালোচক সকলে অপ্ৰাসংগিকভাবে দাঙি ধৰা এটা শ্লোক (আয়াত)

কোৰআনত অমুছলিমক হত্যা কৰিব কোৱা হৈছে নেকি?


          সমালোচক সকলে সঘনাই ইচলামক বদনাম কৰিবলৈ কোৰআনৰ কিছুমান শ্লোক অপ্ৰাসংগিকভাবে দাঙি ধৰে আৰু তাৰ ভিতৰত অন্যতম হৈছে চুৰা তৌবা অধ্যায় নং ৯ শ্লোক নং ৫ তাত কোৱা হৈছে "যতে অমুছলমানক পাবা তাতে সিহঁতক হত্যা কৰিবা" আৰু সঁচাকৈ যদি আপুনি কোৰআনখন মেলি চায় এই শ্লোকটো দেখা পাবকিন্তু এই শ্লোকটো অপ্ৰাসংগিক আৰু বিভ্ৰান্তিমূলক ভাবে উপস্থাপন কৰা হৈছে কাৰণ এই শ্লোকটো সম্পূৰ্ণ শ্লোক নহয় ইয়াৰ লগত অন্যান্য আগৰ আৰু পিছৰ শ্লোকসমূহ জড়িত হৈ আছেউদাহৰণস্বৰুপে 
"কোৰআনত আছে নামাজ নপঢ়িবা"(অধ্যায় নং-4 ,শ্লোক নং-43 )কোনোবাই অকল সেই শ্লোকটো দি ক'ব পাৰে যে কোৰআনত নামাজ নপঢ়িবা বুলি লিখা আছে কিন্তু শ্লোকটো সম্পূৰ্ণ হ'ব তেতিয়া যেতিয়া এইদৰে গোটেইখিনি উল্লেখ কৰা হ'ব "নামাজ নপঢ়িবা,যেতিয়া তুমি নিচাসক্ত অৱস্থাত থাকা"
         এতিয়া আমি উল্লেখ কৰা বিতৰ্কিত শ্লোকটো লৈ আহো য'ত পূৰ্ব আৰু পাছত উল্লেখ কৰা শ্লোকসমূহৰ মাজত ইয়াৰ সংগতি আছে এই প্ৰসংগটো আৰম্ভ হৈছে পূৰ্বৰ শ্লোক নং ১ৰ পৰা য'ত উল্লেখ আছে সেইসময়ত মুছলমান আৰু অমুছলমান সকলৰ মাজত এখন শান্তি চুক্তি হৈছিল আৰু এই শান্তি চুক্তিখন সেইসময়ৰ আৰবৰ অমুছলমানসকলে ভংগ কৰিছিল আৰু তাৰ ক্ষতিপূৰণ কৰিবলৈ অমুছলমানসকলক চাৰি মাহৰ সময় দিয়া হয় অন্যথা তেঁওলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হ'বআৰু যুদ্ধক্ষেত্ৰত ভয় নাখাবলৈ আল্লাহে মুছলমানসকলক আদেশ দিছে লগতে কৈছে যুদ্ধক্ষেত্ৰত য'তেই শক্ৰ (যিসকল অমুছলমানে শান্তি চুক্তি ভংগ কৰিছিল)ক পোৱা তাতেই হত্যা কৰা এতিয়া মই যদি উদাহৰণ হিচাপে কও এখন যুদ্ধত এজন আৰ্মি জেনেৰেলে উৎসাহ বঢ়াবলৈ কয় যতে শক্ৰ পোৱা তাতেই হত্যা কৰা, তাৰ মানে এইটো নহয় যে যুদ্ধ শেষ হোৱাৰ পাছতো যেতিয়াই শক্ৰুক লগ পোৱা তেতিয়াই হত্যা কৰা ইয়াৰ উপৰিও আৰ্মি জেনেৰেলে তেঁওৰ নিজৰ সৈন্যক কেতিয়াও নকয় যে শক্ৰৰ হাতত গৈ তুমি মৃত্যু হোৱা গতিকে কোৰআনত যিটো শ্লোক উল্লেখ কৰা হৈছে সেইয়া যুদ্ধৰ প্ৰসংগত হে উল্লেখ কৰা হৈছে
       অৰুণ শ্বোৰী নামৰ সমালোচক জনে তেঁওৰ কিতাপ "ৱৰ্ল্ড অৱ ফাতৱাছ"ত ওপৰত উল্লেখ কৰা চুৰা তৌবা অধ্যায় নং ৯ শ্লোক নং ৫ টো উল্লেখ কৰিছে আৰু এই শ্লোকটো উল্লেখ কৰিয়েই তেঁও শ্লোক নং ৬ উল্লেখ নকৰি শ্লোক নং ৭ লৈ জাপি মাৰিছে কাৰণ তেঁও জানে শ্লোক নং ৬ ত তেঁও কোৰআনৰ বিপক্ষে যি অভিযোগ আনিছিল তাৰ উত্তৰ আছে
অধ্যায় নং ৯ শ্লোক নং ৬ ত কোৱা হৈছে যদি কোনো অমুছলমানে তোমাৰ আশ্ৰয় বিচাৰে তেন্তে সিঁহতক অকল আশ্ৰয় দিয়াই নহয় যি ঠাইত সিঁহত নিৰাপদ তালৈ সুৰক্ষা সহকাৰে তালৈ পঠিয়াই দিয়াএতিয়া সমসাময়িক কালছোৱাত, যদি শক্ৰপক্ষৰ কোনোবাই শান্তি বিচাৰি যুদ্ধক্ষেত্ৰত আত্মসমৰ্পন কৰে তেন্তে কোন আৰ্মি জেনেৰেলে তেঁওৰ সৈন্যবাহিনীক ক'ব যে যদি কোনো শক্ৰয়ে শান্তি বিচাৰে তেন্তে সিঁহতক অকল এৰি দিয়াই নহয় যি ঠাইত সিঁহত নিৰাপদ তালৈ সুৰক্ষা সহকাৰে তালৈ পঠিয়াই দিয়া ?
          কিন্তু ইয়াৰ উদাহৰণ পৰম কৰুণাময় আল্লাহেই মুছলমানক দিছে
গতিকে কোৰআনত অমুছলমানক হত্যা কৰিব কোৱা কথাষাৰ বিভ্ৰান্তিমূলক তথা মিছা
((জাকিৰ নাইকৰ প্ৰশ্নোত্তৰৰ আধাৰত ৰচিত আৰু কিছু আমাৰ সংযোজন))

Wednesday, September 2, 2015

9/02/2015 08:33:00 PM

ছাহাবা - ছাহাবী - ছাহাবায়ে কেৰাম - ৰাদিআল্লাহু আনহু - আল্লাহ তাৰ ওপৰত সন্তুষ্ট হৈছে

    “ছাহাবা” আৰবি ভাষাৰ শব্দ। ইয়াৰ একবচন ছাহাবী। ছাহাবীৰ অৰ্থ- সঙ্গী বা স্বাথী বা সহচ। যিসকলে ৰাছূল মুহাম্মদ(ছাল্লাহুআলাইহিৱাছাল্লাম)ৰ প্ৰতি ঈমান আনিছে(বিশ্বাস স্থাপন কৰিছে), তেখেতক নিজ চকুৰে দেখিছে আৰু ঈমানৰ সৈতেই পৃথিৱীৰ পৰা বিদায় লৈছে সেইসকলেই ছাহাবী নামেৰে পৰিচিত।

     মানৱ জাতিৰ মাজত ৰছূলনবী সকল সকলোতকৈ বেছি সন্মান, ভক্তি ও শ্ৰদ্ধা পোৱাৰ যোগ্য। সিহঁতৰ পিছতেই ছাহাবা সকলেই চবতকৈ শ্ৰেষ্ঠ মানুহ। সেয়েহে ছাহাবা শব্দৰ পিছত “কেৰাম” শব্দ ব্যৱহাৰ কৰা হয়। কেৰাম মানে- সন্মানিত। “ছাহাবায়ে কেৰাম” মানে সন্মানিত ছাহাবাসকল। শেষ ৰছূলনবী মুহাম্মদ (ছাল্লাহুআলাইহিৱাছাল্লাম) ৰছূল ও নবী সকলৰ মাজত শ্ৰেষ্ঠ, তেনেকৈয়েই তেখেতৰ ছাহাবা সকলেও আনসকলো ৰছূলনবীৰ ছাহাবা সকলতকৈ বেছি মৰ্যদাৰ অধিকাৰী।

      কোনো ছাহাবীৰ নাম ল’লে নামৰ শেষত “ৰাদিআল্লাহু আনহু” ক’ব লাগে। এই কথাৰ অৰ্থ হ’ল- “আল্লাহ তাৰ ওপৰত সন্তুষ্ট হৈছে”। আল্লাহে কোৰআনতেই এইকথা ঘোষনা কৰিছে যে, “আল্লাহ সিহঁতৰ ওপৰত সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ ওপৰত সন্তুষ্ট”।


       ভাবি আচৰিত লাগে যে, সেইসকল আৰবৰ মানুহ সভ্য ও বৰ্বৰ আছিল বুলি ইতিহাসত লিখা আছে অথচ সিহঁতৰ মাজত যিসকলেই ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম)ৰ প্ৰতি ঈমান আনিছে, তেখেতৰ স্বাথী হৈছে সিহঁতে ইমান উন্নত কেনেকৈ হ’ব পাৰিলে? কোন যাদুৰ পৰশত এটা অসভ্য সমাজৰ লোকসকল মানৱজাতিৰ মাজত শ্ৰেষ্ঠ বুলি গণ্য হ’ল। ইছলামেই সেই যাদু যি মানি চলাৰ কাৰণে অসভ্য মানুহে এনেকৈ সভ্য হ’ব পাৰে। ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম) নিজে ইছলাম মানি চলিছিল আৰু ছাহাবায়ে কেৰামে মনে-প্ৰাণে ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম)ক অনুসৰণ কৰিছিল। ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম) নিজে মানৱজাতিৰ চবতকৈ ডাঙৰ আদৰ্শ আৰু ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম)ক কেনেকৈ মানি চলিব লাগিব সেই সকলো বিষয়ে ছাহাবায়ে কেৰামেই কিয়ামত পৰ্যন্ত মানৱজাতিৰ বাবে সকলোতকৈ ডাঙৰ আদৰ্শ।

Thursday, August 6, 2015

8/06/2015 11:35:00 AM

কোৰআনত ব্যৱহৃত "আমি" শব্দটো

প্রশ্নঃ কোৰআনত মই শব্দটোৰ বিপৰীতে “আমি” শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে? ?


উত্তৰঃ

       আৰবী ভাষাত “আমি” শব্দ দুই প্ৰকাৰৰ। এটা হ'ল বহুবচন আৰু আন এটা হ'ল সম্মানার্থত কোৱা, ৰাজকীয় বহুবচন।

        উদাহৰণ হিচাপে ৰাজীৱ গান্ধীয়ে কৈছিল “হাম দেখনা চাহতে হে”। ইয়াত এই "হাম" শব্দটা বহুবচন নহয়, একবচন। এইটোকে কোৱা হয় ৰাজকীয় বহুবচন।

       ঠিক এইদৰেই আল্লাহ তা’আলায়ে কোৰ'আনত নিজক সম্বোধনৰ ক্ষেত্রত কোনো কোনো ঠাইত কৈছে “মই” কোনো ঠাইত “আমি” ব্যৱহাৰ কৰিছে। "আমি" শব্দটো দি বহুবচন বুজোৱা হোৱা নাই, এইটো ৰাজকীয় বহুবচন। আচলতে এটা একবচন।

   
    তেতিয়াহ'লে যেতিয়া কোৱা হৈছে “আমি” তোমালোকক সৃষ্টি কৰিলো, তেতিয়া এইটোৰ দ্বাৰা আচলতে একবচন বুজোৱা হৈছে। কাৰণ পবিত্র কোৰ'আনৰ ছূৰা ইখলাছৰ ১ নং আয়াতত কোৱা হৈছে,
তুমি কোৱা, তেখেত আল্লাহ্‌ একক-অদ্বিতীয়। 
আশাকৰো উত্তৰটো বুজি পাইছে। (ডঃ জাকিৰ নাইক)

Reference:
Dr.Zakir Naik- Christian women asked question why some Quran verses say "WE" (http://www.youtube.com/watch?v=9eZfRpIzQQo)

Sunday, July 26, 2015

7/26/2015 12:36:00 PM

সেই অভিশপ্ত ধুমুহাজাক আৰু নৱবিবাহিত দম্পতি


এজন লোকে বিয়া কৰোৱাই নকইনাক লগত লৈ ঘৰলৈ উভতি আহি আছিল। কইনা ঘৰ আৰু দৰা ঘৰৰ মাজত আছিল এখন বিশাল সাগৰ । সিহঁতে যেতিয়া নৌকা দি সাগৰ পাৰ হৈ আহি আছিল, তেতিয়া হঠাৎ এটি ডাঙৰ ধুমুহা কবলত পৰিল। দৰাজন আছিল এজন সাহসী যোদ্ধা, কিন্তু তেঁওৰ স্ত্রী সেইসময়ত যথেষ্ট ভয় খাই উঠে যিহেতু নাওখন সৰু আছিল আৰু যি কোনো মুহূর্ততেই সিহঁত পানীত ডুবি যোৱাৰ আকংশা আছিল। প্ৰাণ হেৰুৱাৰ ভয়ত তাই অতি নিৰাশ হৈ পৰিলে। কিন্তু তাইৰ স্বামী সেই অৱস্থাতো নীৰব আৰু শান্ত আছিল যেনিবা একোৱেই ঘটা নাই।
 
মহিলাজনীয়ে আতঙ্কগ্রস্ত ৰু কম্পিত কন্ঠত প্রশ্ন কৰিলে,''আপোনাৰ ভয় লগা নাই নিকি? এইয়া আমা জী শেষ মুহূর্ত হ'ব পাৰে! একমাত্র কিবা অলৌকিকতাইহে আমাক ৰক্ষা কৰিব পাৰে; অন্যথা আমাৰ মৃত্যু নিশ্চিত।''

লোকজনে হাঁহি হাঁহি আত্মৰক্ষাৰ বাবে থকা তৰোৱালখন উলিয়াই আনিলে। নকইনা আতঙ্কিত হৈ পৰিল আৰু ভাবিবলৈ ধৰিলে আচলতে তেঁওৰ স্বামীয়ে এইয়া কি কৰিব খুজিছে? তাৰপিছত স্বামীয়ে খোলা ত
ৰোৱালখন পত্নীৰ ডিঙিত স্পর্শ কৰিৰি ৰাখিলে। নপত্নীক আচৰিত হোৱা নেদেখি সি কলে, “তোমাৰ ভয় লগা নাই?” তাকে শুনি স্ত্রীয়ে হাঁহিব ধৰিলে আৰু কলে, “মই কিয় ভয় খাম নু? তৰোৱাল খন আপোনা হাততহে আছে। মই জানো যে আপুনি মোক বহুত ভালপায়।”

ইয়াৰ পাচত তেঁও তৰোৱালখন খোলৰ ভিত
ৰাখি ক'লে, “তুমি মোৰ উত্ত পাই গৈছা। মই জানো আল্লাহে আমাক ভালপাই আৰু বিপদ তেঁওৰেই হাতত। সেয়ে যি হ'ব গৈ আছে ভালেই হ'ব। যদি আমি জীয়াই থাকো ভাল আৰু জীয়াই নাথাকিলেও ভাল; কাণ সকলো তেঁওৰ হাততেই আৰু তেখেতে নিশ্চয় কোনো অলপো ভুল কৰিব নোৱাৰে

অনুপ্রে
ণা_গল্পঃ সৃষ্টিকর্তা প্রতি বিশ্বাস বৃদ্ধি কৰাৰু তেঁওৰ প্রতি বিশ্বাস খা যিজনে তোমা জীৱনক সম্পূৰ্ণ সললি কৰিবলৈ সক্ষম। সকলো ঘটনা যিকোনো এটা কাণ লৈয়ে ঘটে।


Monday, July 20, 2015

7/20/2015 11:37:00 AM

যুৱক, যৌনতা, যিনাঃ এটা শিক্ষণীয় ঘটনা



এদিন এক মজলিছত এজন যুৱক আহি নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক ক'লে,

‘ইয়া ৰাছূলুল্লাহ,মোক যিনা (বিবাহ বন্ধন অবিহনে অবৈধ পন্থাত যৌন তৃপ্তি লাভ কৰা) কৰাৰ অনুমতি দিয়ক।’ এই কথা শুনি উপস্থিত সকলোৱেই আচঁৰিত হৈ উঠিলে আৰু তাক তিৰস্কাৰ কৰিবলৈ ধৰিলে, কিন্তু নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক'লে,

(আদৰ সহকাৰে) মোৰ ওচৰত আঁহা, সি ওচৰত আহিল। ক'লে, বহাঁ, সি বহিলে। ইয়াৰ পিছত (তাৰ ঊৰুত হাত ৰাখি) ক'লে, 
‘তুমি কি তোমাৰ মাৰ বাবে এইটো পছন্দ কৰিবা?’
সি ক'লে, নহয় ইয়া ৰাছূলুল্লাহ। আল্লাহে মোক আপোনাৰ প্রতি উৎসর্গিত কৰক। কোনো মানুহেই তাৰ মাৰ বাবে এইটো পছন্দ নকৰিব।’

নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক'লে, ‘তেতিয়াহ'লে তোমাৰ কণ্যাৰ বাবে?’
যুৱকজনে ক'লে, নহয়, ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ কণ্যাৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, তেতিয়াহ'লে তোমাৰ ভগ্নিৰ বাবে?’
যুৱকজনে ক'লে, ‘নহয় ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ ভগ্নিৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, ‘তেতিয়াহ'লে তোমাৰ পেহীৰ বাবে?’
যুৱকজনে ক'লে,‘নহয় ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ পেহীৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, তেতিয়াহ'লে তোমাৰ মাহিৰ বাবে?’
যুৱকজনে ক'লে, নহয় কেতিয়াও নহয়। আল্লাহে মোক আপোনাৰ বাবে উৎসর্গিত কৰক। কোনো মানুহেই তাৰ মাহিৰ বাবে এইটো পছন্দ নকৰিব।’

ইয়াৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে তাৰ শৰীৰত হাত ৰাখিলে আৰু দুআ কৰিলে- ইয়া আল্লাহ তাৰ পাপ ক্ষমা কৰক, তাৰ অন্তৰ পৱিত্র কৰক আৰু তাৰ চৰিত্র ৰক্ষা কৰক। বর্ণনাকাৰীয়ে কয়, নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম-ৰ শিক্ষাৰ ফলাফল এই হ'ল যে, পৰবর্তী জীৱনে সি (ৰাস্তা দি গ'লে) কোনো দিশে চকু তুলিও চোৱা নাছিল।
- [মুছনাদে আহমদ ৫/২৫৬-২৫৭ ]

* এই হাদীছে শিক্ষা দিয়ে যে, এজন পুৰুষে যাৰ লগত যিনা কৰিব সি নিশ্চই অন্যএজনৰ মা, কণ্যা, ভগ্নি, পেহী নাইবা মাহি হ'ব... সেয়ে সি যেনেকৈ নিজৰ মা, কণ্যা, ভগ্নি, পেহী, মাহি ক সম্মানৰ চকুৰে দেখে তেনেকৈ যদি বেলেগৰ মা, কণ্যা, ভগ্নি, পেহী, মাহিকোও সম্মানৰ সৈতে দেখে তেতিয়াহ'লে সি এই অপৰাধ কৰিব নোৱাৰিব !

-চাওঁক কেনেকোৱা আছিল বিশ্ব মানৱতাৰ দূত নবী মুহাম্মাদ ছাল্লালাহু আলাইহি অয়াছাল্ললামৰ শিক্ষাদানৰ পদ্ধতি !
(( ছুবহানআল্লাহ...))

Wednesday, July 15, 2015

7/15/2015 01:43:00 AM

ইছলাম যে প্ৰকৃত সত্য ধর্ম তাৰ প্রমাণ কি?

প্রশ্নঃ সকলো ধর্মৰ মানুহেই দাবী কৰে যে তেঁওৰ ধর্মটো সত্য। তেনেস্থলত ইছলাম যে প্ৰকৃত সত্য ধর্ম তাৰ প্রমাণ কি?



উত্তৰঃ


কোৰআনে কয়,

''আৰু সিহঁতক যেতিয়া কোৱা হয় ‘আল্লাহে যি অৱতীর্ণ কৰিছে সেইয়া তোমালোকে অনুসৰণ কৰা, তেতিয়া সিহঁতে কয়, ‘নহয়, নহয়, আমাৰ পূর্বপুৰুষসকলক যেনেকৈ দেখিছো আমি তাৰেই অনুসৰণ কৰিম’। যদি চয়তানে সিহঁতক জ্বলন্ত জুইৰ দিশে মাতে, তেতিয়াও কি?'' 
– ছূৰা লুক্বমান (৩১:২১) 

          আপোনাৰ ওচৰত কোনোবাই যদি আহি কয়, ২ আৰু ২ যোগ কৰিলে ৩ হয়, কোনোবাই যদি আহি কয় ৪ হয় আৰু কোনোবাই যদি কয় ৫ হয় – তেতিয়া আপুনি সিহঁতৰ বিবাদ আঁতৰ কৰিবলৈ কি কৰিব? আপুনি আপোনাৰ যুক্তি ও বুদ্ধি প্রয়োগ কৰিব, আৰু যি উত্তৰটোক আপুনি প্রমাণ কৰিব পাৰিব সেইটোকেই সত্য বুলি গ্রহণ কৰিব। পৃথিৱীৰ সকলো ক্ষেত্ৰতেই যিহেতু যুক্তি দি, বুদ্ধি দি আমি বিচাৰ কৰো, তেতিয়াহ'লে কোনটো ধর্ম সত্য তাক বুজাবৰ বাবেও আমি কিয় যুক্তি আৰু বুদ্ধি ব্যৱহাৰ কৰিব নোৱাৰো? 

কোৱা, যদি তোমালোক সত্যবাদী হোৱা, তেতিয়াহ'লে প্রমাণ উপস্থাপন কৰা। – (ছূৰা বাক্বাৰাহ্ ২:১১১)

      আপুনি যদি কোনো অমুছলিমক প্ৰশ্ন কৰে – তুমি কিভাবে প্রমাণ কৰিবা যে তোমাৰ ধর্ম সত্য? বেছিভাগৰ ক্ষেত্রতেই আপুনি যি উত্তৰ পাব সেইটো হ'ল – মই মোৰ ঈশ্বৰক মাতি প্রার্থনা কৰিলে সেইয়া কবুল হয়, সেয়েহে মোৰ ধর্মই সত্য ধর্ম। আচলতে এইটো কোনো প্রমান নহ'ল। যদি প্রার্থনা কবুল হোৱাই কোনো ধর্ম সত্য হয় নে নহয় তাক প্রমাণ কৰিব পাৰে তেতিয়াহ'লে পৃথিৱীৰ সকলো ধর্মই সত্য, কাৰণ সকলো ধর্মৰ মানুহৰেই বিভিন্ন প্রার্থনা কবুল হৈ থাকে কিন্তু, বিভিন্ন ধর্মসমূহৰ মাজত তাৰতম্য থকাৰ কাৰণে সকলো ধর্মই সত্য হ'ব নোৱাৰে।
          কোনো ধর্ম সত্য নে মিছাঁ তাক প্রমান কৰাৰ বাবে আমি সেই ধর্মৰ গ্রন্থসমূহৰ দিশে ঘূৰি যা'ব লাগিব। যিহেতু সকলো ধর্মৰ মানুহেই দাবী কৰে সিহঁতৰ ধর্মগ্রন্থ সিহঁতৰ ঈশ্বৰৰ পৰা আহিছে , সেয়েই সেই ধর্মৰ গ্রন্থত সৃষ্টিকর্তা অৱশ্যেই এনেকুৱা কিবা দি দিব যাৰ দ্বাৰা মানুহে বুজিব পাৰিব যে সেই ধর্মটো সন্দেহাতীতভাৱে সত্য। 

          ইছলামত ধর্মৰ সত্যতাৰ অসংখ্য প্রমান আছে, যেনেকৈ স্রষ্টাৰ সংজ্ঞা ও বৈশিষ্ট্য (তাওহীদ), কোৰআনৰ কাব্যিক, বৈজ্ঞানিক, সংৰক্ষণ সহ বিবিধ আশ্চর্য বিষয়, ৰাছূলুল্লাহ(ছাঃ)ৰ জীৱনৰ বিভিন্ন ঘটনা ইত্যাদি। কিন্তু, এই লেখাত মই মাথো এটি প্রমানৰ কথাই কম – সেইটো হ'ল তাওহীদ।

         যি কোনো ধর্মৰেই সকলোতকৈ গুৰুত্বপূর্ন অংশ হৈছে স্রষ্টা ও তাঁৰ বৈশিষ্ট্য। সেয়েই, কোনো ধর্মই স্রষ্টাৰ সংজ্ঞাই যদি ঠিক মতে দিব নোৱাৰে তেতিয়াহ'লে সেয়া অৱশ্যেই গ্রহণযোগ্য ধর্ম হ'ব নোৱাৰে। আপুনি ইছলামক এৰি পৃথিৱীৰ অন্য যি কোনো ধর্ম লৈ পড়াশুনা কৰিব যাওঁক, আপোনাক সেই ধর্মৰ প্রচাৰকসকলে ক'ব যে স্রষ্টাৰ অস্তিত্ব এটা আবেগীয় কথা; এইটো প্রমান কৰা সম্ভৱ নহয়, এইটো তর্ক-বিতর্কৰ বিষয় নহয়, অথবা সিহঁতে স্রষ্টাৰ এনেকোৱা সকলো বৈশিষ্ট্যৰ কথা ক'ব – যি আপুনি অৱশ্যেই কনফিউজড হৈ পৰিব । স্রষ্টাৰ সংজ্ঞাৰ ক্ষেত্ৰত একমাত্র ইছলাম ধর্মই ব্যতিক্রম। ছূৰা ইখলাছত আল্লাহ্ ছুবহানাহু তা’আলাৰ বৈশিষ্ট্য ইমান সুন্দৰ কৈ বর্ণনা কৰা হৈছে, যে ইয়াৰ পিছত স্রষ্টা সম্পর্কে আৰু কোনো দ্বিধা-দ্বন্দৰ অৱকাশ নাথাকে।

কোৱা – তেখেতেই আল্লাহ্‌, এক ও অদ্বিতীয়। সকলোৱেই তাৰ মুখাপেক্ষী, তেখেত কাৰোৰেই মুখাপেক্ষী নহয়। তেখেত কাকো জন্ম দিয়া নাই আৰু তেখেতকোও জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়। – ছূৰা ইখলাছ (১১২:১-৪)

         মোৰ আগৰ লিখনীত যুক্তি দি আল্লাহৰ অস্তিত্বৰ যি প্রমান দিয়া হৈছে ( islam-assamese.blogspot.in/2015/07/blog-post_52.html ), আল্লাহৰ যি বৈশিষ্ট্যসমূহৰ কথা কোৱা হৈছে সেইদৰে পৃথিৱীৰ আৰু কোনো ধর্মই প্ৰভূৰ সম্পর্কে আপোনাক ইমান যুক্তিসম্পন্ন ও সৰল উত্তৰ দিব নোৱাৰিব। আল্লাহ্ এক, তেখেতৰ লগত কাৰো তুলনা কৰা নাযায়, তেখেত সর্বশক্তিমান, সেয়ে সকলো মাধ্যম এৰি পোন-পোটিয়াকৈ তেখেতৰ উপসনা কৰিব লাগিব – ইয়াতকৈ আৰু সহজ আৰু একোৱেই হ'ব নোৱাৰে? তাওহিদৰ বাণী ইমানেই সৰল ও সহজাত যে কোনো মানুহ – সি শিক্ষিতই হওঁক বা অশিক্ষিতই হওঁক, তৰুণেই হওঁক বা বৃদ্ধই হওঁক – অতি সহজেই এইটো তেঁওৰ হৃদয়ত স্থান লাভ কৰে। 

        আল্লাহে মানুহক এক স্রষ্টাত বিশ্বাসৰ সহজাত প্রবৃত্তি দি পৃথিৱীত পঠিয়েছে (http://www.telegraph.co.uk/news/religion/3512686/Children-are-born-believers-in-God-academic-claims.html )। ইছলামৰ ভাষাত ইয়াক ফিতৰা বোলে। পৃথিৱীৰ ২০তকৈয়ো বেছি দেশত অন্য ধৰ্মৰ পৰা ইছলামে ঘূৰি অহা মানুহসকলৰ মাজত জৰিপ চলাই দেখা গৈছে, সিহতে মুছলিম হোৱাৰ পিছে সকলোতকৈ বেছি যিয়ে সিহঁতক প্রভাৱিত কৰিছে সেইটো হ'ল – আল্লাহ এক (তাওহীদ) [সূত্র: Contemporary Issues – Dr. Bilal Philips]। 

তুমি একনিষ্ঠভাবে নিজক ধর্মত প্রতিষ্ঠিত ৰাখা। তুমি ফিতৰাহ্ ৰ অনুসৰণ কৰা, যাৰ বাবে তেখেতে মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিত কোনো পৰিৱর্তন কৰা নহওঁক। এইটোৱেই সৰল ধর্ম; কিন্তু অধিকাংশ মানুহে সেয়া নাজানে। -ছূৰা ৰুম (৩০:৩০) 

       আল্লাহৰ ইচ্ছাত এক ইছলামক এৰি পৃথিৱীৰ আন সকলো ধর্মতেই God ৰ ধাৰণা কনফিউজিং। হিন্দু ধর্মত ঈশ্বৰৰ ধাৰণা বেচ জটিল। হিন্দুসকলে এক ব্রাক্ষ্মণ-ত বিশ্বাস কৰিলেও তেঁওলোকৰ চাৰিটি ভাগ (saivism, shaktism, vaishnavism, smartism) ৰ ভিন্ন ভিন্ন দেৱতা আছে। এই চাৰি ভাগে ঈশ্বৰক ভিন্ন ভিন্ন নামেৰে মাতে, ভিন্ন ভিন্ন মূর্তি বনায় আৰু সিহঁতৰ ঈশ্বৰ সংক্রান্ত ধাৰণাও ভিন্ন। কিন্তু, সকলো চেক্টেই প্যান্থেইছম-ত বিশ্বাস কৰে। যাৰ অর্থ হৈছে – স্রষ্টা আৰু সৃষ্টিৰ মাজত কোনো পার্থক্য নাই, যি অলপ আমি দেখো তাৰ সকলোই স্রষ্টা আৰু সকলোই সৃষ্টি। এই বিশ্বাসৰ ফলতে হিন্দুসকলে মূর্তি, পাথৰ, গছ, আনকি কোনোবাই কোনোবাই শিশ্ন আৰু যোনিকোও পূজা কৰে ( http://en.wikipedia.org/wiki/Lingam ), বেছিৰভাগ হিন্দুয়ে গোমূত্র আৰু গোবৰক পূজাৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰে। হিন্দু ধর্মৰ ঈশ্বৰ পৃথিৱীত দেৱতা ৰূপে আহি ধর্ষণ, পৰকীয়াসহ এনেকোৱা সকলো কাম কৰে যি কেতিয়াও সৃষ্টিকর্তাৰ কাম হ'ব নোৱাৰে। 

         অন্যদিশে, খ্রীষ্টানসকলে কয় ঈশ্বৰৰ লৰা যীশুক এই পৃথিৱীত পঠিয়াইছিল আৰু মানুহৰ পাপৰ প্রায়শ্চিত্ত হিচাপে ছ্যেক্রিফাইছ পর্যন্ত কৰিছে। কিন্তু মানুহৰ সন্তান যেনেকৈ মাছ হ'ব নোৱাৰে, তেনেকৈ অসীম ক্ষমতাবান ঈশ্বৰৰ সন্তান কিদৰে সসীম মানুহ হ'ব পাৰে সেয়া বোধগম্য নহয়। নিজে ‘ঈশ্বৰ’ হোৱা সত্ত্বেও তেখেত মানুহৰ নিচিনাই খোৱা-বোৱা কৰিছিল, শুইছিল, ঈশ্বৰৰ ওচৰত চিজদাহ কৰিছিল, তেঁওৰ সাহায্য বিছাৰিছিল, আনকি সাধাৰণ মানুহসকলে মিলি এই ‘ঈশ্বৰ’ক হত্যা পর্যন্ত কৰি পেলাইছে! মাত্ৰ সেয়াই নহয়, খ্রীষ্টানসকলৰ ঈশ্বৰ গোটেই মহাবিশ্বৰ পালনকর্তা হ'লেও তেঁওৰ ক্ষমতা ইমানেই সীমিত যে স্বর্গত আদমে তেঁওক ফাঁকি দি লুকায় থাকিব পাৰে! বাইবেলত ইব্রাহিম(আঃ) ক নবী বুলি কোৱা হৈছে, বাইবেলৰ ইব্রাহিম(আঃ) কিন্তু ট্রিনিটি (তিনি ঈশ্বৰৰ ধাৰণা) প্রচাৰ কৰা নাই, তেখেত এক ঈশ্বৰৰ ওচৰতেই মানুহক আত্মসমর্পণ কৰিব কৈছে অর্থাৎ তেখেত ইছলাম ধর্মই প্রচাৰ কৰিছিল। 

        অন্যদিশে ইহুদীসকলে কয় সিঁহতে আল্লাহৰ Chosen People. ইহুদী হৈ জন্মিব লাগে, ইহুদীত ধর্মান্তৰিত হোৱা নাযায়। ইহুদীসকলে কয় ঈশ্বৰ নিষ্ঠুৰ, সিহঁতে ঈশ্বৰক অভিশাপ দিয়াৰ কাৰণ- সিহঁতৰ উপৰত এটাৰ পিছত এটা গজব নামি আহিছিল। আৰু, বৌদ্ধ ধর্মই তো স্রষ্টা সম্পর্কে কোনো স্বচ্ছ ধাৰণাই দিয়া নাই। 

       মুঠ কথা, পৃথিৱীৰ বাকী সকলো ধর্মত সৃষ্টিকর্তাৰ সংজ্ঞাত ইমান কনফিউজিং, কোনো চিন্তাশীল মানুহেই সহজেই বুজিব পাৰিব যে ইছলামক এৰি অন্য কোনো ধর্ম সত্য ধর্ম হ'ব নোৱাৰে।

কিন্তু কি সিঁহতে কোৰআন সম্বন্ধে মন দি চিন্তা নকৰে? নে কি সিহঁতৰ অন্তৰত তলা লাগিছে? – ছূৰা মুহাম্মাদ(ছাঃ) (৪৭:২৪)



ৰেফাৰেন্সঃ
১। Islam: The Religion Of Truth by Abdur Raheem Green (http://youtu.be/bCgj6p3JTLg)
২। Concept of God in Hinduism (http://youtu.be/W9Fezg2Ss5E) – Hindu Students Association
৩। Krishna on Hinduism, Lot in Bible – Dr. Zakir Naik (http://youtu.be/w5ClHfou2uY)
৪। How the Bible led me to Islam – Yusha Evans (http://youtu.be/IYMKQKSV0bY)



Thursday, July 9, 2015

7/09/2015 11:06:00 PM

প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ


(১) “বেলেগৰ কষ্ট দূৰ কৰাৰ বাবে, কষ্ট কৰাৰ মাজত আছে মহত্বৰ প্রকৃত নির্যাস।”
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(২) "মানুহে পৃথিৱীৰ(দুনিয়াৰ) সুখত বসবাস কৰাৰ উপযোগী সাজ সৰঞ্জাম সংগ্রহত ব্যস্ত থাকে৷
কিন্তু
পৃথিৱীৱে সকলো সময়তেই তাক ইয়াৰ পৰা বাহিৰ কৰি দিবৰ বাবে ব্যস্ত থাকে ৷"
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৩) "এদিন কান্দিব, যেতিয়া উপলব্ধি কৰিব জীবন শেষ হৈ আহিল অথচ কোনোও ভাল(নেক) কাম কৰা নহ'ল।”
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৪) "যিয়ে তোমাৰ লগত শত্রুতা কৰে, তাকো ভালপোৱা। যিয়ে তুমাক কষ্ট দিয়ে তাৰ বাবেও দু'আ কৰা।
চকু মেলি চোৱা-সৃষ্টিকর্তাই সূর্যৰ পোহৰ ভাল-বেয়া সকলোৰৰ বাবেই অৱধাৰিত ৰাখিছে। পাপী ও পূণ্যবান সকলোৰৰ বাবেই তেখেতে বৰষুণ বর্ষিত কৰিছে।"
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৫) "যৌৱনৰ ইবাদত বৃদ্ধ বয়সৰ ইবাদত তকৈ বহুত বেছি দামী আৰু বৃদ্ধ বয়সৰ পাপ যৌৱনৰ পাপতকৈ বহুত বেছি জগন্য।"
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৬) ''যিসকলে মুহাম্মাদ(ছাঃ) ক পুজা কৰে সিহঁতে জানি ৰাখক, মুহাম্মাদ(ছাঃ) মৃত্যুবৰণ কৰিছে আৰু যিসকলে আল্লাহৰ ইবাদত কৰে সিহঁতে জানি ৰাখক নিশ্চয়ই আল্লাহ চিৰঞ্জীৱ।''
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৭) "এজন বান্দাৰ বাবে সবতকৈ জঘন্য পাপসমূহৰ এটা হ'ল তাৰ নিজৰ পাপ কাম সমূহক সৰু কৰি দেখা।”
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)
[আল-মুজালাছাহ, পৃ ৩৯৮]


7/09/2015 01:11:00 AM

ঈশ্বৰ বিশ্বাস কি আচলতেই এটা আবেগীয় অনুভতি? ঈশ্বৰৰ অস্তিত্বৰ যুক্তিযুক্ততা আছে নে?

[ Note: এই লিখনীত আল্লাহ / ঈশ্বৰ / সৃষ্টিকৰ্তা / God সমাৰ্থকৰূপে ব্যৱহাৰ কৰা হৈছে ]
প্রশ্ন ১। বিভিন্ন সময়ত নাস্তিকসকলে কওঁতে শুনা যায় যে আল্লাহৰ অস্তিতত্ব বিশ্বাস কৰা অন্ধবিশ্বাস মাথো। ঈশ্বৰ বিশ্বাস কি আচলতেই এটা আবেগীয় অনুভতি? ঈশ্বৰৰ অস্তিত্বৰ যুক্তিযুক্ততা আছে নে?



উত্তৰঃ       নাস্তিকসকলে কয় থাকে সৃষ্টিকর্তাত বিশ্বাস ৰখা এটি অন্ধবিশ্বাস মাাথো। সিহঁতে কয়, যিহেতু আল্লাহক দেখা নাযায়, ধৰিব পৰা নাযায়, শুনিব পৰা নাযায়, যুক্তিৰে প্রমাণ কৰিব পৰা নাযায় – সেয়েহে আল্লাহ বুলিবলৈ একোৱেই নাই। কিন্তু বাস্তৱতে সৃষ্টিকর্তাৰ প্রতি বিশ্বাস আৰু সৃষ্টিকর্তাৰ উপসনা কৰা মানুহৰ জন্মগত স্বভাৱ। আৰু যদিও নাস্তিকসকলে নিজকে যুক্তিবাদী বুলি দাবী কৰে, কিন্তু প্ৰকৃততে সৃষ্টিকর্তাৰ অস্তিত্ব যুক্তিসহকাৰে প্রাচীন কালৰ পৰাই প্রমাণিত হৈ আহিছে।

       বর্তমান আমি যি লজিক বা যুক্তিবিদ্যা পঢ়ো, তাৰ আৱিষ্কাৰক হ'ল প্রাচীন গ্রীকৰ পণ্ডিতসকল। গ্রীক ইতিহাসৰ সবাতোকৈ বিখ্যাত লজিছিয়ান বা যুক্তিবিজ্ঞানী আছিল প্লেটো আৰু তেঁওৰ ছাত্র এৰিস্টোটল, যিসকলে লজিকক formal discipline হিচাপে প্রতিষ্ঠিত কৰি গৈছে। আপুনি জানে নে এই দুজনেই সৃষ্টিকর্তাৰ অস্তিত্ব (সিহঁতৰ ভাষাত ‘unmoved mover’) বিশ্বাস কৰিছিল? এই দু’জনেই যুক্তি দিয়েই সৃষ্টিকর্তাৰ অস্তিত্ব প্রমাণ কৰি গৈছে। ইয়াৰ মাধ্যমে এইখিনি বুজিব পৰা গ'ল, যুক্তিবাদী(?) নাস্তিকসকলে যুক্তিবিদ্যাৰ পিতা / পিতাতুল্যসকলক নিজেই বিশ্বাস নকৰে।

       এবাৰ আহঁক চাই লওঁ প্লেটোৰ যুক্তি কি আছিল। প্লেটো যি যুক্তিটো ব্যৱহাৰ কৰিছিল সেইটো হ'ল, Design Indicates Designer, অর্থাৎ – প্রতিটি নকস্কাৰেই নকস্কাকাৰী আছে। মহাগ্রন্থ কোৰআনত আল্লাহ ছুবহানাহু ওয়া তা’আলাই এই একেই যুক্তিৰেই বাৰে বাৰে অবিশ্বাসীসকলৰ ওচৰত স্রষ্টাৰ অস্তিত্ব প্রমাণ কৰিছে (যেনেকৈঃ ছূৰা আন’আম ৬:৯৯, ছূৰা ৰুম ৩০:২০-২৭)। উদাহৰণ দি বুজোৱা যাওঁক, আপুনি যদি সমুদ্র পাৰত এটা বালিৰ ঘৰ দেখে, আপুনি কি চিন্তা কৰিব? – বাহঃ কি সুন্দৰ এটা ঢৌ আহিছিল যিটোয়ে এটা বালিৰ ঘৰ তৈয়াৰী কৰি গুচি গ'ল? নে এইটো চিন্তা কৰিব যে নিশ্চয়ই ইয়াত কোনোবা মানুহ আহি এইটো বনাইছিল? কাক আপুনি যুক্তিবাদী ভাবে? এইটো সম্পূর্ণই অযৌক্তিক হ'ব যদি কোনোবাই কয়, যে সেই বালিৰ ঘৰ ভাগ্যক্রমে বা হাজাৰ হাজাৰ ঢৌৰ মিশ্রণত হৈছে। বৰঞ্চ সাধাৰণ বিচাৰ-বুদ্ধি সম্পন্ন যিকোনো মানুহে ক'ব যে সেই বালিৰ ঘৰটো নিশ্চয়ই কোনোবা নহয় কোনোবাই তৈয়াৰী কৰিছে। কাৰণ, প্রতিটো সৃষ্টিৰ পিছফালেই এজন স্রষ্টা থাকে। ঠিক একেইভাবে, এই মহাবিশ্ব আৰু ইয়াৰ ভিতৰৰ সকলো বস্তুৰ অৱশ্যেই এজন স্রষ্টা আছে বা থাকিবই।

      এটা কলম নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, ফেচবুক নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, আইফেল টাওয়াৰৰ পৰা আৰম্ভ কৰি মনালিচা কোনো একোৱেই নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, তেতিয়াহ'লে ইমান নিয়মতান্ত্রিক, নিঁখুত মহাবিশ্ব ও মানৱজাতি কেনেকৈ নিজে নিজে তৈয়াৰী হ'ব পাৰে? এটা অণুৰ ভিতৰত চাওঁক আপুনি ডিজাইন দেখিবলৈ পাব, মহাকাশৰ ফালে চাওঁক আপুনি ডিজাইন দেখিবলৈ পাব। সূর্য যদি পৃথিৱীৰ আৰু ওচৰত থাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱী বহুত বেছি গৰম হৈ গ'ল হয়, পৃথিৱীৰ পৰা সূর্য অধিক দূৰত থাকিলে পৃথিৱী ঠাণ্ডা হৈ বসবাসৰ অনুপযুক্ত হৈ গ'ল হয়, সূর্য পৃথিৱীৰ পৰা ঠিক সিমানখিনি দূৰত্তত আছে যিমানখিনি দূৰত থাকিলে পৃথিৱীটো প্রাণী জীয়াই থকাৰ উপযুক্ত হ'ব, সৃষ্টিজগতৰ এই নিঁখুত স্থাপত্যই এইটো প্রমাণ কৰে যে এই সৃষ্টি জগত নিজে নিজেই সৃষ্টি হ'ব নোৱাৰে, নিশ্চয় ইয়াৰ পিছফালে এজন প্রবল পৰাক্রমশালী, অসীম ক্ষমতাধৰ, প্রজ্ঞাময় স্রষ্টা আছে। আল্লাহ্ ছুবহানাহু ওয়া তা’আলায়ে কোৰআন মজিদত প্রশ্ন কৰিছেঃ
সিহঁতে কি স্রষ্টাহীন সৃষ্টি? নে সিহঁতে নিজেই নিজক সৃষ্টি কৰিছে? নে সিহঁতে আকাশ ও পৃথিৱী সৃষ্টি কৰিছে? বৰঞ্চ সিহঁত নিশ্চিত বিশ্বাস নাৰাখে। – ছূৰা তুৰ (৫২:৩৫-৩৬)
       প্রত্যেকটো মানুহেই এক আল্লাহৰ অস্তিত্বৰ স্বাভাৱিক অনুভূতি লৈ জন্ম লয়, জন্মৰ পৰাই মানুহে জানে যে আল্লাহ এক আৰু আল্লাহে বিচাৰে আমি তেখেতক ইবাদত কৰো – ইছলামৰ ভাষাত এই অনুভূতিক ‘ফিতৰাহ’ বুলে।

কি?, ‘ফিতৰাহ’ৰ ব্যাপাৰটো বিশ্বাস হোৱা নাই ন? বৈজ্ঞানিক প্রমান লাগিব? তেতিয়াহ'লে শুনক। University of Oxford ৰ Centre for Anthropology and Mind বিভাগৰ চিনিয়ৰ ৰিছার্চাৰ Dr. Justin Berrett য়ে দীর্ঘ ১০ বছৰ শিশুসকলৰ উপৰত বৈজ্ঞানিক গবেষনা কৰি কৈছেঃ  (http://www.telegraph.co.uk/news/religion/3512686/Children-are-born-believers-in-God-academic-claims.html)

    “Young people have a predisposition to believe in a supreme being because they assume that everything in the world was created with a purpose.”
    “If we threw a handful (of babies) on an island and they raised themselves I think they would believe in God.”





প্রশ্ন ২। আচ্ছা বুজিলো এই সৃষ্টিজগত এজন স্রষ্টায়ে তৈয়াৰী কৰিছে, কিন্তু তেতিয়াহ'লে সেই স্রষ্টাৰ স্রষ্টা কোন?

উত্তৰঃ স্রষ্টাক কোনোবাই সৃষ্টি কৰিব পাৰে নে নাই– আহঁক এই বিষয়ে বিশ্লেষণ কৰো ।
উদাহৰণ-১
          এই ছবিখন কোনে আঁকিছে? ইয়াৰ উত্তৰত এজন চিত্রশিল্পীৰ অস্তিত্ব থকা আৱশ্যক, কিন্তু “চিত্রশিল্পীক কোনে আঁকিছে?” এই প্রশ্নটো অবান্তৰ কিয়নো চিত্রশিল্পীৰ ক্ষেত্রত “আঁকা” নামক ক্রিয়াটো প্রযোজ্য নহয় ৷ সেয়ে চিত্রশিল্পীৰ অংকিত হোৱাৰ প্রয়োজন নাই, অন্য কথাত “অংকিত নহয়”, এনেকোৱা এজন অংকনকাৰী থকা সম্ভৱ৷ একেইভাবে “সৃষ্ট নহয়" এনেকোৱা এজন স্রষ্টা থকা সম্ভৱ, সেয়ে বার্ট্রান্ড ৰাছেলৰ “হু ক্রিয়েটেড গড মাম?” এই প্রশ্ন কৰা অযৌক্তিক, অবান্তৰ, মুর্খামী (বোকামী) । 
আৰু এটা উদাহৰণ দিয়া যাওঁক-

উদাহৰণ-২
             কেতিয়াবা ডমিনোৰ খেলা দেখিছে? ডমিনোবোৰক এটাৰ পিছত এটা সজাই বাহিৰৰ পৰা ধাক্কা দিয়া হয় আৰু তাৰ effect আৰম্ভ হয়, এটাৰ পিছত এটাকৈ ডমিনো পৰি থাকে। সৃষ্টিৰ ক্ষেত্ৰতোও একেই কথা । এটা সৃষ্টিয়ে আনএটা সৃষ্টিৰ কাৰক়। এতিয়া, মই যদি আপোনাক কওঁ, কোনো বতাহ নাছিল, কোনেও ধাক্কাই দিয়া নাই, বহুতকেইটা ডমিনো সজাৱা আছিল আৰু কোনো বাহ্যিক বল অবিহনে এনেই এনেই ডমিনো এটাৰ উপৰত আৰুএটা পৰিবলৈ আৰম্ভ কৰিলে, আপুনি কি বিশ্বাস কৰিব? নকৰিব (নিউটনৰ ১ম সূত্র) । আৰু যিয়ে এই বাহ্যিক বল প্রয়োগ কৰিব সি অৱশ্যই ডমিনো হ'ব নোৱাৰে। কাৰণ সি ডমিনো হ'লে, অর্থাৎ সি process of creation ৰ অন্তর্ভুক্ত হ'লে তাক push কৰাৰ বাবে, অন্য কৰবাত তাক সৃষ্টি কৰাৰ বাবে অন্য কাৰোবাক লাগিব। অর্থাৎ, এই বাহ্যিক বল প্রয়োগকাৰী স্রষ্টাক সৃষ্টিৰ পৰা ভিন্ন প্রকৃতিৰ হ'ব লাগিব। সৃষ্টি যদি সসীম হয়, স্রষ্টা হ'ব অসীম; সৃষ্টি যদি অন্য সৃষ্টিৰ প্রয়োজন অনুভৱ কৰে, স্রষ্টা হ'ব চাহিদাৰ উর্দ্ধত; সৃষ্টি যদি ভুল প্রবণ হয়, স্রষ্টা হ'ব ভুলৰ উর্দ্ধত; সৃষ্টি যদি ক্ষণস্থায়ী হয়, স্রষ্টা হ'ব চিৰস্থায়ী। আৰু এই স্রষ্টা যিহেতু অসীম ক্ষমতাশীল, অনাদি, অনন্ত, সেয়েই এই নিচিনা স্রষ্টা মাত্র এজনেই থাকিব। কাৰণ, একাধিক অসীম ক্ষমতাশীল, অনাদি, অনন্ত স্রষ্টাৰ সহাৱস্থান অসম্ভৱ।
কওঁক তেখেতেই আল্লাহ্, এক ও অদ্বিতীয়। সকলোৱেই তেখেতৰ মুখাপেক্ষী, তেখেত কাৰোৰ মুখাপেক্ষী নহয়। তেখেতে কাকো জন্ম দিয়া নাই আৰু তেখেতকো জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়।
– ছূৰা ইখলাছ (১১২:১-৪)
         বাস্তৱতে, মহাবিশ্বৰ অস্তিত্বই প্রমাণ কৰে যে স্রষ্টাক কোনেও সৃষ্টি কৰা নাই। কাৰণ, মহাবিশ্বক যি স্রষ্টায়ে সৃষ্টি কৰিছে সেই স্রষ্টাক সৃষ্টি কৰিবলৈ যদি স্রষ্টা লাগে তেনেহলে আকৌ তাক সৃষ্টি কৰিবলৈ স্রষ্টা লাগিব, আকৌ সেই স্রষ্টাক সৃষ্টি কৰিবলৈ আন এজন স্রষ্টা লাগিব.. –আৰু এই প্রক্রিয়া চলিয়েই থাকিব আৰু যদি এয়াই সত্য তেতিয়াহ'লে কোনোদিনেই মহাবিশ্বৰ সৃষ্টি নহলেহেঁঁতেন। এই সুত্ৰৰ একমাত্র সমাধান হলঃ স্রষ্টাক কোনেও সৃষ্টি কৰা নাই, আৰু তেখেত সকলো সময়তেই আছিল। এই কথাই মহাগ্রন্থ কোৰআনত উল্লেখ আছে:
আল্লাহ্ – তেখেত অবিহনে আৰু কোনো উপাস্য নাই। তেখেত চিৰঞ্জীৱ, অনাদি। তেখেতক তন্দ্রা বা নিদ্রাই স্পর্শ নকৰে। আকাশ ও পৃথিৱীত যি আছে সকলোবোৰ তেখেতৰ। কোন আছে যে তেখেতৰ অনুমতি অবিহনে তেখেতৰ দৰবাৰত ওকালতি কৰিব? সিহঁতৰ (মানুহৰ) সন্মুখত ও পিছফালে যি-কিছু আছে তেখেতে জানে। তেখেতৰ অবিহনে তেখেতৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে, অৱশ্যে কোনো বিষয়ে তেখেতে নিজেই যদি কাৰোবাক জনাব বিচাৰে(সেয়া সুকিয়া কথা)। আকাশ ও পৃথিৱীব্যাপী তেখেতৰ শাসনৰ নিয়ন্ত্ৰাধীন, আৰু ৰক্ষণাবেক্ষণত তেখেত ক্লান্ত নহয়। তেখেত অত্যুচ্চ মহামহিম।
- ছূৰা বাক্বাৰাহ্ (২:২৫৫ – আয়াতুল কুৰছী)

উদাহৰণ-৩ 
সৃষ্টিকৰ্তাক কোনে সৃষ্টি কৰিছে? এই প্রশ্নৰ উত্তৰটো সাধাৰণতে অন্যএটা প্রশ্নৰ মাধ্যমেৰে দিব পৰা যায়। এনেকৈ যে, মোৰ বন্ধু "জন", সন্তান জন্ম দিয়াৰ বাবে হস্পিতালত ভর্তি হৈছে, হস্পিতালত এটি সন্তান জন্ম দিলে; আপুনি ক'ব পাৰিবনে সন্তানটো লৰা নে ছোৱালী?
?
?আপুনি কি ভাবিছে? সম্ভাৱনা ৫০% লৰাৰ ক্ষেত্ৰতো আছে একেদৰে ৫০% ছোৱালীৰ ক্ষেত্ৰতো আছে। আচলতে ইয়াত ঘটনাটো হ'ল- "জন" এজন পুৰুষ, তেওঁ কেনেকৈ সন্তান জন্ম দিব! যিহেতু তেওঁ পুৰুষ সেয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰে। সেয়ে এই প্রশ্ন কৰা ঠিক নহ'ব যে তেওঁৰ বাচ্চাটো লৰা নে ছোৱালী, এই প্রশ্নটো কৰাই উচিত নহ'ব!

কিন্তু কোনোবাই যদি প্রশ্ন কৰে আল্লাহক কোনে সৃষ্টি কৰিছে তেতিয়াহ'লে আমি কম, আল্লাহ তায়ালাৰ সংজ্ঞা হ'ল- আল্লাহক কোনেও সৃষ্টি কৰা নাই। তেখেত কাৰোৰ সন্তান নহয়, তেখেতক কোনেও জন্ম দিয়া নাই। যদি কোনো ইশ্বৰ সৃষ্টি হৈ থাকে তেতিয়াহ'লে সি প্রকৃত ইশ্বৰ নহয়। ইয়াৰ বাবেই আমি কওঁ যে ‘লা ইলাহা ইল্লাল্লাহ’। তেখেতৰ বাহিৰে কোনো ইলাহ নাই, তেখেত এক ও অদ্বিতীয়, তেখেত সৃষ্টি হোৱা নাই, তেখেতক কোনেও সৃষ্টিও কৰা নাই, তেখেতৰ আৰম্ভনীও নাই, শেষো নাই। তেখেতে সকলো বস্তুয়েই সৃষ্টি কৰিছে, সকলো বস্তুয়েই তেখেতৰ ওপৰত নির্ভৰ কৰে, তেখেত কাৰোৰ ওপৰত নির্ভৰ নকৰে। 


প্রশ্ন ৩। মোৰ মতে মহাবিশ্ব নিজেই স্রষ্টা। ইয়াত কোনো সমস্যা আছে?

উত্তৰঃ আপুনি নিশ্চয়ই বিগ ব্যাং থিউৰীত বিশ্বাস কৰে। বিগ ব্যাং থিউৰীৰ মতে এই মহাবিশ্বৰ এটা আৰম্ভনী আছে। পৃথিৱীৰ অন্যতম ডাঙৰ পদার্থবিজ্ঞানী স্টিফেন হকিং নিজেও তাৰ ওয়েবচাইটত এই সম্পর্কে লিখেছেঃ (http://www.hawking.org.uk/the-beginning-of-time.html)

    The conclusion of this lecture is that the universe has not existed forever. Rather, the universe, and time itself, had a beginning in the Big Bang, about 15 billion years ago. – The Beginning of Time, Stephen Hawking

যাৰ আৰম্ভনীৰ পৰা তাৰ সৃষ্টি হোৱাৰোও এটা কাল থাকে, আৰু যি সৃষ্টি হয় - তাৰ অৱশ্যেই এজন স্রষ্টা থাকে। সেয়েই মহাবিশ্ব নিজে কেতিয়াও স্রষ্টা হ'ব নোৱাৰে। মহাবিশ্বক সৃষ্টি কৰাৰ বাবে এজন অনন্ত-অসীম, পৰম ক্ষমতাশীল স্রষ্টা লাগিব – আৰু সেই পৰম ক্ষমতাশীল স্রষ্টাই হ'ল- আল্লাহ্ ছুবহানাহু ওয়া তা’আলা।
অবিশ্বাসীসকলে কি ভাবি নাচায় যে, আকাশ ও পৃথিৱী ওতপ্রোতভাৱে লগ হৈ আছিল? তাৰপিছত মই উভয়ক পৃথক কৰি দিলো আৰু প্রাণবান সকলোকিছু পানীৰ পৰা সৃষ্টি কৰিলো। তথাপিও কি সিহঁতে বিশ্বাস নকৰিব?
– ছূৰা আম্বিয়া (২১:৩০)



References:
1. Does God exist? – Abdur Raheem Green(https://www.youtube.com/watch?v=0aCbrGqhoBc)  
2. Who is your Lord? – Dr. Bilal Philips(http://youtu.be/ww9ORhhrGyA)  
3. Fundamentals of Faith – Dr. Yasir Qadhi(http://www.youtube.com/watch?v=Pz1IrqgDhjI&feature=share&list=SPC30F4AE16515F031)


Wednesday, July 1, 2015

7/01/2015 05:11:00 PM

‼ ইছলাম তৰোৱালৰ মাধ্যমেৰে প্রসাৰিত হৈছে ? ‼

প্রশ্নঃ ইছলামক কেনেকৈ শান্তিৰ ধর্ম ক'ব পাৰা যাব যি প্রচাৰ ও প্রসাৰ হৈছে তৰোৱালৰ মাধ্যমেৰে?

উত্তৰঃ


কিছুসংখ্যক অমুছলিমৰ এইটো এটা সাধাৰণ অভিযোগ যে, গোটেই বিশ্বত ইছলামে ইমান কৌটি কৌটি অনুগামী পাব নোৱাৰিলেহেঁতেন, যদি সেইয়া- শক্তি প্রয়োগত বা তৰোৱালৰ দ্বাৰা প্রসাৰিত নহলেহেঁতেন। নিম্ন বর্ণিত বিষয়সমূহে পৰিষ্কাৰ কৰি দিব যে ইছলাম তৰোৱালৰ মাধ্যমে প্রচাৰ হোৱা অভিযোগটো মিছাঁ অভিযোগ। এইটো আছিল সত্য সহজাত শক্তি, সঙ্গত কাৰণ ও মানৱ প্রকৃতি সম্মত যৌক্তিকতা যি বহন কৰিছে এক দ্রুত ইছলামৰ প্রচাৰ ও প্রসাৰৰ বাহন হিচাপে।


ক. ইছলাম মানে শান্তিঃ

ইছলাম আহিছে মূল শব্দ ‘ছালাম’ৰ পৰা। যাৰ অর্থ শান্তি। ইয়াৰ আৰু এটা অর্থ হ'ল নিজৰ সম্পূর্ণ ইচ্ছা-শক্তিক আল্লাহৰ প্রতি সমর্পিত কৰা। এনেকৈ ইছলাম এটি শান্তিৰ ধর্ম, যি অর্জন কৰা যায় সৃষ্টিকর্তা বিধাতা প্রতিপালক আল্লাহ তা’আলাৰ ইচ্ছাৰ ওচৰত নিজৰ ইচ্ছাক আন্তৰিক নিষ্ঠাৰ লগত সমর্পিত কৰি দিলে।


খ. শান্তি বজায় ৰাখিবলৈ কেতিয়াবা কেতিয়াবা শক্তি প্রয়োগ কৰিব লগা হয়ঃ

পৃথিৱীৰ প্রতিজন মানুহ শান্তি-শৃঙ্খলা বজায় ৰখাৰ অনুকুলত নহয়। আনকি অসংখ্য মানুহ আছে যিসঁকলে সিহঁতৰ নিজৰ হীন স্বার্থ চৰিতার্থ কৰাৰ বাবে ইয়াৰ বিঘ্ন ঘটায়। এইবিলাক ক্ষেত্রত শান্তি-শৃঙ্খলা বজায় ৰাখিবৰ বাবে শক্তি ব্যৱহাৰ অপৰিহার্য হৈ পৰে। পৃথিৱীৰ প্রতিটো সভ্য দেশত অপৰাধী ও সমাজ বিৰোধদক দমন কৰাৰ বাবে সুনর্দিষ্ট আইন-শৃঙ্খলা ৰক্ষাকাৰী সুসজ্জিত বাহিনী আছে। যিসকলক আমি ‘পুলিচ’ বুলো। ইছলাম শান্তিৰ প্রৱর্তক, একেই লগে লগে তাৰ অনুগামীসকলক উদ্বুদ্ধ কৰে অত্যাচাৰ ও নিপীড়নৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ। অত্যাচাৰীসকলৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ কোনো কোনো সময়ত শক্তিৰ প্রয়োগ অপৰিহার্য হৈ ওঠে। ইছলাম কেৱল মাত্র মানুহৰ সমাজত শান্তি শৃঙ্খলা ৰক্ষা আৰু ভাৰসাম্যপূর্ণ ন্যায়বিচাৰ প্রতিষ্ঠাৰ বাবেই শক্তি প্রয়োগৰ অনুমতি দিয়ে।


গ. ঐতিহাসিক "ডি ল্যাচি ওলেৰী"ৰ মন্তব্যঃ

বিশ্ববৰণ্য ঐতিহাসিক ডি ল্যাচি ওলেৰী’ৰ লিখিত “ইছলাম আট দা ক্রছ ৰোড” গ্রন্থৰ অষ্টম পৃষ্ঠাত তেখেতে মন্তব্য কৰিছে-
“তৰোৱালৰ দ্বাৰা যে ইছলাম প্রসাৰিত হৈছে” এই ভ্রান্ত ধাৰণাত যিসকল নিমজ্জিত-সিহঁতৰ বাবে অৱশেষত ইতিহাসেই এই কথা অত্যন্ত স্পষ্টভাবে প্রমাণ কৰিলে যে, ধর্মান্ধ মুছলমানসকলৰ কাহিনী হ'ল পৃথিবীৰ এক প্রান্ত লৈকে সিহঁতে সাৰিব(চাফা কৰিব) ধৰিছে আৰু বিজিত জাতিসমূহক তৰোৱালৰ অগ্রভাগত ৰাখি ইছলাম গ্রহণত বাধ্য কৰাইছে- ''এই কথাটো এটি কল্পনা প্রসূত, উদ্ভট ও অবাস্তৱ কাহিনী- যি ঐতিহাসিকসকলে খুবেই বেছি পুনৰাবৃত্তি কৰিছে”।


ঘ. মুছলমানসকলে আঠ'শ বছৰ স্পেন শাসন কৰিছেঃ

প্রায় আঠ’শ বছৰ স্পেন শাসন কৰিছে মুছলমানসকলে। য'ত মানুহক ‘তৰোৱালৰ শক্তি প্রয়োগ কৰি ধর্মান্তৰিত কৰিছে’ -এনে কথা চৰম শত্রুও ক'বলৈ লাজ পাব। আৰু খ্রীষ্টান ক্রুছেডাৰসকলে স্পেনত আহি সেই মুছলমানসকলকেই নিশ্চিহ্ন কৰি দিছে। অৱশেষত এনেকুৱা এজন মুছলমান স্পেইনত নাছিল যিয়ে তাৰ নামাজৰ বাবে প্রকাশ্য আযান দিব পাৰিছিল।


ঙ. ১৪ মিলিয়ন আৰব মিচনেৰী খ্রীষ্টানঃ

সমগ্র আৰব ভুখন্ডত এক হাজাৰ চাৰিশ(১৪০০) বছৰ মুছলমান সকলেই আছিল মালিক, মনিক, শাসক। ইয়াৰ মাজত সামান্য কিছু বছৰ ব্রিটিচ আৰু কিছু বছৰ ফৰাছীসকলে দখল দায়িত্ব কৰিছিল। সর্বোপৰি মুছলমান সকলে যদি তৰোৱালৰ ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়াহ'লে এজন খ্রীষ্টানও কি তাত এতিয়া বিচাৰি পোৱাৰ কথা ?


চ. ভাৰতত ৮০%তকৈও বেছি অমুছলিমঃ(Census-2001­ৰ মতে)

মুছলমান সকলে ভাৰত শাসন কৰিছে প্রায় আঠশ বছৰ। যদি সিহঁতে বিচাৰিলেহেঁতেন তেতিয়াহ'লে সিহঁতৰ সেই ৰাজ-শক্তি ও ক্ষমতাৰ বল প্রয়োগ কৰি ভাৰতৰ প্রতিজন অমুছলিমক ধর্মান্তৰিত কৰি ল'ব পাৰিলাহেঁতেন। অথচ শতকৰা প্রায় আশি ভাগ অমুছলিম আজিও ভাৰততেই আছে। সিহঁতৰ প্রতিজন অমুছলিম আজি সুস্পষ্ট সাক্ষী বহন কৰি আছে যে, “ইছলাম তৰোৱালৰ সাহায্যত প্রসাৰিত হোৱা নাই।”


ছ. ইন্দোনেচিয়া ও মালয়েচিয়াঃ

ইন্দোনেচিয়া এটা দেশ, পৃথিবীর সর্বোচ্চ-সংখ্যক মুছলমান য'ত বাস কৰি আছে। মালয়েচিয়াত জনসংখ্যাৰ অধিকাংশ মুছলমান। কোনাবা এজনে প্রশ্ন কৰিব পাৰে, কোন মুছলিম সেনাবাহিনী ইন্দোনেচিয়া ও মালয়েচিয়াত গৈছিল?


জ. আফ্রিকাৰ পূর্বপ্রান্তঃ

একেই ভাবে ইছলাম অত্যন্ত দ্রুততাৰ লগত আফ্রিকাৰ পূর্বতীত বিকাশ লাভ কৰে। কোনোবা এজনে আকৌ প্রশ্ন কৰিব পাৰে, ইছলাম যদি তৰোৱালৰ অগ্রভাগ দিয়েই প্রসাৰিত হৈ থাকে তেতিয়াহ'লে আফ্রিকাৰ পূর্বতীত কোন মুছলিম বাহিনীয়ে তৰোৱাল লৈ গৈছিল?


ঝ. 'থমাচ কাৰলাইল' বিশ্ববৰেণ্য ঐতিহাসিকঃ

'থমাচ কাৰলাই'লে তাৰ ৰচনা ‘হিৰোয এন্ড হিৰো ওৰশ্বিপ’ গ্রন্থত ইছলামৰ বিকশিত হোৱা লৈ ভ্রান্ত ধাৰণা, সেই প্রসঙ্গত কোৱা হৈছে-
“তৰোৱাল, কিন্তু ক'ত পাবা তুমি তোমাৰ তৰোৱাল? প্রত্যকটো নতুন ‘মত’ তাৰ আৰম্ভনীতে সুস্পষ্ট ভাৱে নির্দিষ্ট হয়-এজনৰ সংখ্যালঘুত্বত। মাত্র এজন মানুহৰ মূৰত। তাতেই সি থাকে। গোটেই পৃথিৱীৰ এজন মাত্র মানুহ সেইটো বিশ্বাস কৰে, অর্থাৎ সকলো মানুহৰ বিপক্ষে মাত্র এজন মানুহ। এখন তৰোৱাল সি নিলে আৰু সেইটো দি (তাৰ চিন্তা) প্রচাৰ কৰিবলৈ চেষ্টা কৰিলে। তাত তাৰ কোনো কাম হ'ব কি? তোমাৰ তৰোৱাল তুমিয়েই খুঁজি ল'ব লাগিব! মুঠতে কথা- এটা বস্তু নিজে নিজেই প্রচাৰিত হ'ব যেনেকৈ তাৰ ক্ষমতা আছে।”


ঞ. ধর্মলৈ কোনো জবৰদস্তী নাইঃ

কোন তৰোৱাল লৈ ইছলাম বিকশিত হৈছে? আনকি সেই তৰোৱাল যদি মুছলমান সকলৰ হাতত থাকিলেওহয় তেতিয়াহঁলেও সিহঁতে সেইটো ইছলাম প্রচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলে হয় কাৰণ সিহঁতৰ হৃদয় স্পন্দন আল কুৰআনে কৈছেঃ
ধর্ম লৈ কোনো জবৰদস্তি নাই। সকলো ভ্রান্তি-বিভ্রান্তি ও ভ্রষ্টতাৰ পৰা সৰল-শুদ্ধ সত্য-পথ স্পষ্ট কৰি দিয়া আছে।(২ঃ২৫৬)


ট. জ্ঞান ও প্রজ্ঞাৰ তৰোৱালঃ

সেইটো আছিল চেতনা ও জ্ঞানৰ তৰোৱাল, যি তৰোৱালে মানুহৰ হৃদয় ও মন অন্তৰক জয় কৰিছে। জ্যোতীর্ময় কুৰআনৰ ছূৰা নাহলত কোৱা হৈছেঃ
আহ্বান কৰা সকলোকে তোমাৰ বিধাতা প্রতিপালকৰ পথত-পান্ডিত্যপূর্ণ সুন্দৰতম বাগ্মীতাৰ লগত। আৰু যুক্তি প্রমাণ দি আলোচনা কৰোতাসকলৰ লগত এনেকৈ, যি সর্বোত্তম(আৰু সেই আহ্বান হ'ব লাগিব এনেকোৱা হৃদ্যতাপূর্ণ যাতে কোনো পাষাণহৃদয়ৰ ওচৰতো সেইটো গ্রহণযোগ্য হয়)। (১৬:১২৫)


ঠ. ১৯৩৪ চনৰ পৰা ১৯৮৪ লৈ পৃথিৱীত ধর্ম বর্ধিষ্ণুতাঃ

১৯৮৬ চনৰ ৰীডাৰ্চ ডাইজেস্টেৰ ‘এলমানাক’ সংখ্যাৰ এটি তথ্য সমৃদ্ধ প্রবন্ধত- পূর্বৰ অর্ধ শতাব্দীত প্রধান প্রধান ধর্মসমূহৰ বর্ধিষ্ণুতাৰ হাৰ সম্পর্কে এটি পৰিসংখ্যা দিয়া হৈছে। প্রবন্ধটো “প্লেইন ট্রুথ” মাগ্যাজিনটো প্রকাশিত হয়। সর্বোচ্চ পর্যায়ত আছে ইছলাম- যি বাঢিছে ২৩৫% হাৰত। ইয়াত এজনে প্রশ্ন কৰিব পাৰে, কোন যুদ্ধ অৱস্থান লৈছিল এই শতাব্দীত যি কোটি কোটি মানুহক ধর্মান্তৰীত কৰি মুছলমান বনাইছিল?


ঢ. আমেৰিকা ও ইউৰোপত ‘ইছলাম’ দ্রুততম বর্ধিষ্ণু ধর্মঃ

আজিৰ দিনত আমেৰিকাত দ্রুততম বর্ধিষ্ণু ধর্ম ‘ইছলাম’। মুছলমানৰ সংখ্যা দ্রুত গতিত বাঢ়িয়েই আছে ইউৰোপতো। শক্তি ও বিকশিত সভ্যতাৰ অহংকাৰত দীঘল দি থকা পাশ্চাত্য সভ্যতাৰ এই সকলো সু-সভ্য মানুহক ইমান বিৰাট সংখ্যাত ইছলাম গ্রহণ কৰাবলৈ কোনে তৰোৱালেৰে বাধ্য কৰাইছে?


ড. ডক্টৰ জোচেফ এডাম পিয়াৰচনঃ

ডক্টৰ জোচেফ এডাম পিয়াৰচন যথার্থই কৈছে, যিসকলে আশঙ্কা কৰিছে আনবিক বোমা কোনো এদিন আৰবসকলৰ হাতত আহি পৰিব। সিহঁতে উপলদ্ধি কৰিবলৈ ব্যর্থ হৈছে যে, ইছলামী বোমা ইতিমধ্যেই পেলাই দিয়া হৈছে, এইটো পৰিছে সেইদিনা যিদিনা মুহাম্মদ(ছাঃ) জন্ম লৈছে।