প্রশ্নঃ ইছলামে কিয় এজন পুৰুষক একাধিক স্ত্রী ৰখাৰ অনুমতি দিয়ে ? অথবা ইছলামত বহু-বিবাহ অনুমোদিত কিয়?
উত্তৰঃ
⬇
(ক) বহু-বিবাহৰ সংজ্ঞাঃ
গ. কোৰআনে বহু বিবাহৰ নিয়ন্ত্রিত ৰূপক অনুমতি দিয়েঃ
উত্তৰঃ
⬇
(ক) বহু-বিবাহৰ সংজ্ঞাঃ
‘বহু-বিবাহ’
মানে এনে এক বিবাহ পদ্ধতি য'ত এজন ব্যক্তিৰ একাধিক স্ত্রী থাকে।
বহু-বিবাহ দুই ধৰণৰ হ’ব পাৰে য’ত এজন পুৰুষে একাধিক নাৰীক বিবাহ কৰে নাইবা
এজনী স্ত্রীয়ে একাধিক পুৰুষক বিবাহ কৰে। ইছলামত পুৰুষৰ বাবে সীমিত সংখ্যক
‘বহু-বিবাহ’ অনুমোদিত। অন্যহাতে নাৰীৰ বাবে একাধিক পুৰুষৰ সৈতে বিবাহ
সম্পূর্ণ নিষিদ্ধ (‘হাৰাম’)।
এতিয়া মূল প্রশ্নত আহো আহক। প্ৰশ্ন হয় কিয় ইছলামত এজন পুৰুষে একাধিক স্ত্রী ৰখাৰ অনুমতি পায়?
(খ) পৃথিৱীত কোৰআ'নেই একমাত্র ধর্ম-গ্রন্থ, যিয়ে কয় “মাত্র এজনীক বিবাহ কৰাঃ”
ভূ-পৃষ্ঠৰ
ওপৰত কোৰআনেই একমাত্র ধর্ম-গ্রন্থ যিয়ে এই বাক্যাংশ ধাৰণ কৰি আছে- “বিবাহ
কৰা মাত্র এজনীক” আৰু কোনো এনে ধর্ম-গ্রন্থ নাই, য'ত পুৰুষক নির্দেশ দিয়ে
যে এজনী স্ত্রীত সন্তুষ্ট থাকিবলৈ। উদাহৰণ হিচাপে বেদ, ৰামায়ন, মহাভাৰত,
গীতা, অন্যদিশত তালমুদ অথবা বাইবেল আদিত এনেধৰণৰ শ্লোক দেখা নাযায়। এই
গ্ৰন্থসমূহত স্ত্রীসকলৰ সংখ্যাৰ ওপৰত থকা বিধি নিষেধ উলিয়াব পাৰিব নেকি
কোনোবাই? বৰঞ্চ এইসকলো ধর্মগ্রন্থ অনুযায়ী এজন পুৰুষে যিমানজনী ইচ্ছা
সিমান বিবাহ কৰিব পাৰে । বহুত পিছত হিন্দু ধর্ম গুৰু আৰু খ্ৰীষ্টান চার্চ
সকলে স্ত্রীৰ সংখ্যা ‘এক’ বুলি নিয়ন্ত্রিত কৰি দিছে।
অসংখ্য
ধর্মীয় ব্যক্তিত্ব তেঁওলোকৰ ধর্মগ্রন্থ অনুযায়ী একাধিক স্ত্রী ৰাখাৰ
উদাহৰণ আছে। যেনে ৰামৰ পিতা ৰজা দশৰথ। ইয়াৰোপৰি ভগৱান শ্রী কৃষ্ণৰ বহুত
স্ত্রী আছিল বুলি জনা যায়!
বাইবেলত যিহেতু স্ত্রীসকলৰ
সংখ্যাৰ ওপৰত কোনো নিষেধেই নাই, সেয়েহে পুৰণি কালৰ খ্রীষ্টান পুৰুষসকলে
যিমান ইচ্ছা সিমান স্ত্রী ৰাখিব পাৰিছিল। মাত্র কেই শতাব্দীৰ আগতে
খ্রীষ্টানৰ চার্চে স্ত্রীৰ সংখ্যা ‘এক’ ৰ মাজত সীমাবদ্ধ কৰি দিয়ে।
ইহুদীবাদত বহু বিবাহ অনুমোদিত। তেঁওলোকৰ তালমুদিয় বিধান অনুযায়ী
আব্রাহামৰ [ইব্রাহীম (আঃ)] তিনিজনী স্ত্রী আছিল আৰু ছলোমনৰ [ছুলাইমান
(আঃ)] -ৰ আছিল শতাধিক স্ত্রী। বহু-বিবাহৰ এই প্রথা চলি আহিছিল তেঁওলোকৰ
“ৰাব্বাঈ” জাৰছম বিন ইয়াহুদাহ্ লৈ। (৯৬০ C.E ৰ পৰা ১০৩০ CE) তেখেতেই ইয়াৰ
বিৰুদ্ধে এটা অনুশাসন জাৰি কৰে। ইহুদীসকলৰ ‘ছেফাৰডিক’ সমাজ, যিসকলে
প্রধানত মুছলমানসকলৰ দেশসমূহত বসবাস কৰিছিল তেঁওলোকে এই প্রথাক প্রায় ১৯৫০
চনলৈকে ধৰি ৰাখিছিল। তাৰ পিছত ইছৰাঈলৰ প্রধান ৰাব্বাঈয়ে একাধিক স্ত্রী
ৰখাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি দিয়ে।
এটা লক্ষণীয় বিষয়ঃ
১৯৭৫ চনৰ আদম-শুমাৰী অনুযায়ী ভাৰতীয় হিন্দুসকলে বহু বিবাহৰ ক্ষেত্রত
মুছলমান সকলতকৈও অগ্রগামী আছিল । কমিটি অফ দি স্টাটাচ অফ ওমেন ইন ইছলাম
(ইছলামত নাৰীৰ মর্যাদা কমিটি) নামৰ এই কিতাপত প্রকাশিত হৈছে ১৯৭৫ চনত।
কিতাপখনৰ ৬৬ আৰু ৬৭ পৃষ্ঠাত উল্লেখ কৰা হৈছে যে, ১৯৫১ ৰ পৰা ১৯৬১ লৈ হোৱা
এটা পৰিসংখ্যাত দেখা যায় একাধিক স্ত্রী গ্রহণ-সংক্রান্ত বিবাহ হিন্দুসকলৰ
মাজত শতকৰা পাঁচ দশমিক শূন্য ছয় শতাংশ (৫.০৬% ) আৰু মুছলমানসকলৰ মাজত
চাৰি দশমিক তিনি এক শতাংশ (৪.৩১% )। ভাৰতীয় আইন অনুযায়ী একাধিক স্ত্রী
গ্রহণত অনুমোদন একমাত্র মুছলমান সকলৰ বাবে নির্ধাৰিত। ভাৰতত যিকোনো
অমুছলিমৰ বাবে একাধিক স্ত্রী ৰখা অবৈধ। এইটো অবৈধ হোৱা সত্ত্বেও মুছলমান
সকলৰ তুলনাত হিন্দুসকলেই একাধিক স্ত্রী বেছি ৰখাৰ উদাহৰণ আছে। ইয়াৰ আগতে
কোনো বিধিনিষেধেই নাছিল। আনকি হিন্দু পুৰুষসকলৰ ক্ষেত্রেতো একাধিক স্ত্রী
ৰখা অনুমোদন আছিল। সৌ সেইদিনা ১৯৫৮ চনত হিন্দু বিবাহ-বিধি অনুমোদিত হয় আৰু
এইদৰেই এজন হিন্দুৰ বাবে একাধিক স্ত্রী ৰখা অবৈধ হৈ পৰে। বর্তমান এইটো
এটা ভাৰতীয় ৰাষ্ট্রীয় আইন, যিয়ে এজন হিন্দু পুৰুষে একাধিক স্ত্রী ৰাখাটো
নিয়ন্ত্রিত কৰিছে- “হিন্দু ধর্ম-গ্রন্থই” নহয়।
গ. কোৰআনে বহু বিবাহৰ নিয়ন্ত্রিত ৰূপক অনুমতি দিয়েঃ
আমি
আগতে যেনেকৈ কয় আহিছো ভূ-পৃষ্ঠৰ ওপৰত কোৰআনেই একমাত্র ধর্মীয় গ্রন্থ
যিয়ে কয় ‘বিবাহ কৰা মাত্র এজনীক’। কথাটো জ্যোতির্ময় কোৰআনৰ ছূৰা নিছাৰ
নিম্নোদ্ধৃত আয়াতৰ অংশ।
বিবাহ কৰা তোমালোকৰ পছন্দৰ নাৰী- দু’জনী অথবা তিনিজনী অথবা চাৰিজনী কিন্তু যদি আশঙ্কা থাকে যে, তোমালোকে (সিহঁতৰ লগত) ভাৰসাম্যপূর্ণ আচৰণ কৰিব নোৱাৰা- তেতিয়াহ'লে মাত্র একজনী বিবাহ কৰোৱা। (৪:৩)
কোৰআন
অবতীর্ণ হোৱাৰ পূৰ্বে বহু-বিবাহৰ কোনো মাত্রা নির্ধাৰিত নাছিল আৰু
ক্ষমতাবান প্রায় প্রতিটো মানুহ ইয়াত অভ্যস্ত আছিল। কোনোবাই কোনোবাই শ’ৰ
মাত্রা পাৰ কৰিও ক্ষান্ত হোৱা নাছিল। কোৰআনে সর্বোচ্চ চাৰি জনীৰ এটা মাত্রা
নির্ধাৰণ কৰি দিছে। ইছলামে এজন পুৰুষক দুজনী, তিনিজনী অথবা চাৰিজনীৰ যি
অনুমতি দিছে সি কঠিন চর্তৰ মাজত আবদ্ধ যে, কেৱলমাত্র তেতিয়াই সেইটো সম্ভৱ
যেতিয়া সিহঁতৰ মাজত ভাৰসাম্যপূর্ণ সুবিচাৰমূলক আচৰণ কৰিব পাৰিব।
একেটা ছূৰাৰ ১২৯ নম্বৰ আয়াতত কোৱা হৈছে,
তুমি কষ্মিকালতো পাৰি উঠিব নোৱাৰা স্ত্রীসকলৰ মাজত ভাৰসাম্যপূর্ণ সঙ্গত আচৰণ বজায় ৰাখিবলৈ। (৪:১২৯)
সেয়েহে
ইছলামত বহু-বিবাহ কোনো বিধান নহয় বৰঞ্চ ব্যতিক্রম। বহু মানুহে এই ভুল
ধাৰণাত নিমজ্জিত যে, এজন মুছলিম পুৰুষৰ বাবে একাধিক স্ত্রী ৰখা
বাধ্যতামূলক।
কৰা আৰু নকৰাৰ ক্ষেত্রত ইছলামৰ পাঁচটা শ্রেণী-বিন্যাস কৰা আছে।
১. ফৰজ- অবশ্যই কৰণীয় বা বাধ্যতামূলক।
২.মুস্তাহাব- অনুমোদিত অথবা উৎসাহিত।
৩.মুবাহ- অনুমোদন যোগ্য বা গ্রহণ যোগ্য।
৪.মাকৰুহ- অনুমোদিত নহয় বা নিৰুৎসাহিত।
৫.হাৰাম- বে-আইনী বা নিষিদ্ধ।
ইয়াৰ
মাজত বহু-বিবাহ মধ্যম শ্রেণীত পৰে। অর্থাৎ অনুমোদন যোগ্য আৰু কোনো ভাবে
এনোকোৱা কথা ক'ব পৰা নাযাব যে, এজন মুছলিম, যাৰ দুজনী, তিনিজনী অথবা
চাৰিজনী স্ত্রী আছে, সি যাৰ মাত্র এজনী স্ত্রী তাৰ তুলননাত অধিক ভাল
মুছলিম।
ঘ. গড় আয়ুসকাল পুৰুষৰ তুলনাত নাৰীৰ বেছিঃ
প্রাকৃতিকভাবে
নাৰী আৰু পুৰুষৰ জন্মহাৰ প্রায় সমান। এটি নাৰী শিশুৰ ৰোগ প্রতিৰোধ
ক্ষমতা পুৰুষ শিশুতকৈ বেছি। এটি নাৰী শিশুৱে ৰোগ-জীবানু ও ৰোগ-ব্যাধিৰ
বিৰুদ্ধে পুৰুষ শিশুতকৈ বেছি যুদ্ধ কৰিব পাৰে। এই কাৰণে শিশুকালত নাৰীৰ
তুলনাত পুৰুষৰ মুত্যু হাৰ বেছি।
যি কোনো যুদ্ধৰ সময়ত
নাৰীৰ তুলনাত পুৰুষ বেছি মৰা যায়। সাধাৰণ দুর্ঘটনা ও ৰোগ-ব্যাধিত নাৰীৰ
তুলনাত পুৰুষ বেছি মৰা যায়। নাৰীৰ গড় আয়ুসকাল পুৰুষতকৈ বেছি। মহাকালত
যি কোনো যুগত বিচাৰি চালে দেখা যাব যে পত্নীহিনতাতকৈ বিধবাৰ পৰিমাণ বহুত
বেছি।
ঙ. ভাৰতত পুৰুষৰ জন্ম-সংখ্যা নাৰীৰ তুলনাত বেছি। ইয়াৰ কাৰণ নাৰী শিশুৰ ভ্রুণ-হত্যা ও নাৰী শিশু হত্যাঃ
প্রতিবেশি
কেইবাটাও দেশৰ মাজত তুলনামুলক ভাবে ভাৰতীয় পুৰুষৰ জনসংখ্যা নাৰীৰ
জনসংখ্যাতকৈ বেছি। ইয়াৰ নেপথ্য কাৰণ, নাৰী শিশু হত্যাৰ উচ্চ হাৰ। প্রতি
বছৰ নিন্মতম দশলাখ ‘নাৰী-ভ্রূণৰ’ গর্ভপাত ঘটোৱা হয় । যদি এই অভিশপ্ত
চর্চা বন্ধ কৰা যায় তেতিয়াহলে ভাৰততো পুৰুষৰ তুলনাত নাৰীৰ সংখ্যা বেছি হৈ
যাব।
চ. বিশ্বব্যাপী নাৰী জনসংখ্যা পুৰুষতকৈ অধিকঃ
আমেৰিকাত
পুৰুষতকৈ সত্তৰ লাখ আশী হাজাৰ নাৰী বেছি। মাত্ৰ নিউইয়র্কতেই পুৰুষতকৈ দহ
লাখ বেছি নাৰী। ইয়াৰ উপৰিও নিউইয়র্কৰ এক তৃতীয়াংশ পুৰুষ সমকামী। অর্থাৎ
এই লোকসকলৰ কোনা নাৰী-সঙ্গি নাই বা বিবাহ কৰিবলৈ আকৌ আগ্রহী নহয়।
ইংলেন্ডত পুৰুষ জনসংখ্যাৰ সমসংখ্যক নাৰী বাদ দিলে চল্লিশ লাখ অতিৰিক্ত
নাৰী থাকি যায়। একেধৰণে জার্মানীত থাকি যায় পঞ্চাশ লাখ অতিৰিক্ত নাৰী,
ৰাচিয়াত নব্বই লাখ। ইয়াৰ পাছত মাত্ৰ আল্লাহেই ক’ব পাৰিব গোটেই পৃথিৱীত
এজন পুৰুষৰ বিপৰীতে এজনী নাৰী ধৰি নিলে তাৰপিছত কিমান নাৰী অতিৰিক্ত থাকি
যাব। (বৰ্তমাৰ সংখ্যাৰ লগত সামান্য তাৰতম্য আহিব পাৰে)
ছ. প্রতিটো পুৰুষৰ বাবে মাত্র এজনী স্ত্রী- এই নিয়ন্ত্রণ বাস্তৱতা বিপর্জিতঃ
আমেৰিকাত
প্রতিটো পুৰুষ যদি এজনী কৈ নাৰীক বিবাহ কৰে তাৰ পিছতেও তিনি কৌটিৰ বেছি
নাৰী থাকি যাব আনকি, সিহঁতে নিজৰ বাবে কোনো স্বামীয়েই নাপাব। লগতে মনত
ৰাখিব লাগিব, গোটেই আমেৰিকাত সমকামী পুৰুষৰ সংখ্যা দুই কৌটি পঞ্চাশ লাখতকৈ
বেছি। এনেকৈ চল্লিশ লাখতকৈ বেছি নাৰী ইংল্যান্ডত, পঞ্চাশ লাখতকৈ বেছি
জার্মানিত আৰু প্রায় এক কৌটি নাৰী ৰাচিয়াত- যিসকলে কোনো স্বামীয়েই
নাপাব। (বৰ্তমানৰ সংখ্যাৰ লগত সামান্য তাৰতম্য আহিব পাৰে)
ধৰা
যাওঁক, মোৰ ভগ্নী আমেৰিকা নিবাসী এজনী অবিবাহিতা মহিলা অথবা আপোনাৰ ভগ্নী
আমেৰিকাত বসবাসকাৰী এজনী অবিবাহিতা নাৰী। সেইঠাইত তাইৰ বাবে দুটি বিকল্প
পথ খোলা আছে- হয় তাই এনে এজন পুৰুষক বিবাহ কৰিব লাগিব যাৰ ইতিমধ্যেই এজনী
স্ত্রী আছে অথবা তাইক হ'ব লাগিব “জনগণৰ সম্পত্তি”- অন্য একোৱেই হোৱা
সম্ভৱ নহয়। তেতিয়াহ'লে যিসকলে ৰুচিশীলা সিহঁতে প্রথমটোয়েই বাচি ল'ব।
অধিকাংশ
নাৰীয়েই অন্য নাৰীৰ লগত তাইৰ স্বামীক ভগাভাগি(ভাগ-বটৰা) কৰি লবলৈ ৰাজি
নহ'ব। কিন্তু ইছলামত পৰিস্থিতি বিবেচনাত সেইটোৱেই অপৰিহার্য হৈ উঠে-
“মুছলিম নাৰী তাৰ যথার্থ ঈমানৰ কাৰণে এই সামান্য ক্ষতিৰ বিনিময়ত বহুত
ডাঙৰ ক্ষতিৰ সমাধানৰ দ্বাৰা আৰু এজনী মুছলিম ভগ্নীক জনগণৰ সম্পত্তি হোৱাৰ
হাতৰ পৰা ৰক্ষা কৰিব পাৰে”।
জ. জনগনৰ সম্পত্তি হোৱাতকৈ এজন বিবাহিতা পুৰুষক বিয়া কৰোৱাই শ্রেয়ঃ
পশ্চিমা
সমাজৰ এজন পুৰুষৰ ‘ছোৱালী-বন্ধু(B.F)’ থকাটো খুবেই স্বাভাবিক ঘটনা অথবা
একাধিক বিবাহ বহির্ভূত সম্পর্ক। এইক্ষেত্রত নাৰীসকলে যাপন কৰে মর্যাদাহীন
এক অনিশ্চিত-অসুৰক্ষিত জীৱন। অথচ সেই একেই সমাজে এজন পুৰুষৰ বাবে একাধিক
স্ত্রী গ্রহণ কৰিবলৈ ৰাজি নহয়। য'ত নাৰী হ'ব পাৰিলে হয়- এজনী সম্মানিতা,
মর্যাদাময় অৱস্থানৰ অধিকাৰিণী আৰু যাপন কৰিলা হয় নিৰাপত্তাপূর্ণ নিৰাপদ
জীৱন।
য'ত নাৰীৰ সন্মুখত দুটা পথ খোলা আছে। যিয়ে
স্বাভাৱিকভাবে কোনো স্বামী নাপায় তাইক হয় এজন বিবাহিত পুৰুষকেই বিয়া
কৰিব লাগিব নতুবা হ'ব লাগিব জনগনৰ সম্পত্তি। ইছলামে পছন্দ কৰে নাৰীক
সম্মানজনক অৱস্থান দিবলৈ, প্রথম পথৰ অনুমোদন দি আৰু ঘৃণাৰ লগত
প্রত্যাখ্যান কৰে দ্বিতীয়টোক।
আৰু আছে যি সকলোৰে বাবে ইছলামে নিয়ন্ত্রিত বহু-বিবাহ অনুমোদন কৰে, কিন্তু প্রধানত নাৰীৰ সম্মান-মর্যাদা ও সম্ভ্রম সুৰক্ষাই লক্ষ্য।
- মুল- ড' জাকিৰ নাইক
No comments:
Post a Comment