Latest Movie

Monday, June 29, 2015

এগৰাকী মহিলাৰ একাধিক স্বামী কিয় থাকিব নোৱাৰে?

প্রশ্নঃ কিছুমানৰ প্ৰশ্ন যে- এজন পুৰুষে যদি একাধিক স্ত্রী ৰখাৰ অনুমতি পায়, তেনে স্থলত ইছলামে এগৰাকী নাৰীক কিয় একাধিক স্বামী ৰখাৰ অনুমতি নিদিয়ে?

 

উত্তৰঃ

          বহুত অমুছলমানৰ লগতে মুছলমানও প্রশ্ন কৰে যে মুছলিম পুৰুষে যদি একাধিক স্ত্রী ৰখাৰ অনুমতি পাইছে তেন্তে নাৰীৰ ক্ষেত্রত সেই অধিকাৰ কিয় অস্বীকাৰ কৰা হৈছে? ইয়াৰ যুক্তিযুক্ততা ক'ত? খুবেই পৰিষ্কাৰভাবে যি কথাটো প্রথমতেই কোৱা ভাল হ'ব, সেইটো হ'ল ভাৰসাম্যপূর্ণ ন্যায় বিচাৰ ও সমতাৰ ভিত্তিৰ ওপৰতেই এটি ইছলামী সমাজ প্রতিষ্ঠিত। মানুহ হিচাপে আল্লাহ তা’আলাই নাৰী ও পুৰুষক সমান মান দিয়েই সৃষ্টি কৰিছে, কিন্তু লগতে সামর্থ ও যোগ্যতাৰ ভিন্নতা আৰু সেই অনুযায়ী দায়িত্ব কর্তব্যৰ বিভিন্নতা দিও সৃষ্টি কৰিছে। শাৰিৰীক আৰু মানসিক ভাবে নাৰী-পুৰুষ সম্পূর্ন ভিন্ন। জীৱনৰ ক্ষেত্রতো নাৰী-পুৰুষৰ ভূমিকা আৰু দায়িত্ব-কর্তব্যও বিভিন্ন। ইছলামত নাৰী আৰু পুৰুষ সমান কিন্তু একেই নিচিনা নহয়।


            ছূৰা নিছাৰ ২২ ৰ পৰা ২৪ লৈ আয়াতত এটি তালিকা দিয়া হৈছে যে, মুছলিম পুৰুষে কোন কোন নাৰীক বিবাহ কৰিব নোৱাৰে। ইয়াৰ পিছত ২৪ নং আয়াতত বেলেগকৈ কোৱা হৈছে সেই সকলো নাৰীও (নিষিদ্ধ) যিসকলে অন্যৰ বিবাহ বান্ধোনত আবদ্ধ আছে- অর্থাৎ বেলেগৰ ঘৈণীয়েক। ইছলামত নাৰীৰ বাবে বহু-স্বামী গ্রহণ নিষিদ্ধ কিয়? নিম্নোদ্ধৃত বিষয়সমূহে পৰিষ্কাৰ কৰি দিব।  


ক) এজন পুৰুষৰ একধিক স্ত্রী থকাৰ সত্ত্বেও তেওঁৰ পৰিয়ালত জন্মগ্রহণকাৰী শিশুসকলৰ মাতা-পিতাৰ পৰিচয় খুব সহজেই পোৱা যায়, পোৱা যায় শিশুৰ পিতা কোন আৰু মাতা কোন। অন্যদিশত এগৰাকী নাৰীৰ যদি একাধিক স্বামী থাকে তেতিয়া সেই পৰিয়ালত জন্ম লোৱা শিশুৰ মাত্র মাকৰ হে পৰিচয় পোৱা যাব- দেউতাৰ নহয়। পিতা ও মাতাৰ সুস্পষ্ট পৰিচয়ৰ ক্ষেত্রত ইছলাম আপোচহীন। আধুনিক মনোবিজ্ঞানিসকলে কয়, যি শিশু তাৰ মাতা-পিতাৰ পৰিচয় নাজানে, বিশেষকৈ পিতাৰ সেই শিশু তীব্র মানসিক জটিলতা ও হীনমন্যতাত ভোগে, এই শিশুসকলৰ শৈশৱ হয় নিকৃষ্টতৰ আৰু আনন্দহীন। দেহপসাৰিণী বা বেশ্যাসকলৰ সন্তানসকল ইয়াৰ জলন্ত প্রমাণ। সিহঁতৰ শিশুকাল ও কৈশোৰ হয় মর্মান্তিক। বহু স্বামী গ্রহণকাৰী পৰিয়ালত জন্ম পোৱা শিশুক লৈ কোনো স্কুলত ভর্তি কৰিবলৈ গ'লে যদি মাকক প্রশ্ন কৰা হয় শিশুৰ পিতাৰ নাম তেতিয়া হ'লে সেই মাকে দু’জন অথবা তাতকৈ বেছি পুৰুষৰ নাম ক'ব লাগিব। বিজ্ঞানৰ অগ্রগতি এতিয়া জেনেটিক পৰীক্ষাৰ মাধ্যমত মাতা ও পিতা উভয়ক চিনাক্ত কৰাৰ কৌশল আৱিষ্কাৰ কৰিছে, সেয়ে যি বিষয়টো অতীতত অসম্ভৱ আছিল বর্তমানে তাক খুব সহজেই হ'ব পাৰে।  


খ) প্রকৃতি প্রদত্ত যোগ্যতা ও বৈশিষ্ট, বহুগামীতা নাৰীতকৈ পুৰুষৰ বেছি।  


গ) শাৰীৰিক যোগ্যতাত এজন পুৰুষৰ পক্ষত কেইবাজনী স্ত্রীৰ দায়িত্ব আৰু ভূমিকা পালন সহজ। এজনী নাৰী সেই একেই অৱস্থানত, অর্থাৎ যাৰ কেইবাজন স্বামী আছে, সিহঁতৰ স্ত্রী হিচাপে যি দায়িত্ব ও কর্তব্য তাৰ ওপৰত বর্তায় তাক পালন কৰা তাইৰ পক্ষত কোনোভাবেই সম্ভৱ নহয়। কিয়নো মাহেকীয়া ঋতুচক্রৰ বিভিন্ন পর্যায়ত মানসিক ও আচৰণগত বিভিন্ন পৰিবর্তনত মাজত তাই পৰিবলগীয়া হয়।


ঘ) এজনী নাৰী যাৰ একাধিক স্বামী থাকিব-তাই একে লগে কেইবাজনৰো যৌন-সঙ্গী হ'ব লাগিব। এই ক্ষেত্রত সম্ভাৱনা থাকিব যৌন ৰোগৰ আৰু যৌনতাৰ মাধ্যমেৰে বিয়পি পৰিব অন্যান্য মাৰাত্মক ব্যাধি। এনেদৰে তাৰ মাধ্যমেই সেই সকলো ৰোগে তেঁওৰ স্বামীক আক্রান্ত কৰিব যদিও তেঁওৰ স্বামীসকলৰ অন্য কোনো নাৰীৰ লগত বিবাহ যৌন সম্পর্ক নাথাকে। পক্ষান্তৰে এজন পুৰুষ- যাৰ একাধিক স্ত্রী আছে, স্ত্রীসকলৰ কাৰোবাৰ যদি বিবাহ বহির্ভূত অন্য কাৰোবাৰ লগত যৌন সম্পর্ক নাথাকে তেতিয়াহলে যৌনতা সংক্রান্ত কোনো ৰোগত আক্রান্ত হোৱাৰ আদৌ কোনো সম্ভাবনা নাই


উপৰোল্লেখিত কাৰণসমূহ এনেকুৱা- যি যিকোনো পক্ষত চিনি পোৱা আৰু বুজি লোৱা সম্ভব। ইয়াৰ উপৰিও হয়তো আৰু অসংখ্য কাৰণ থাকিব পাৰে যি কাৰণত অন্তহীন জ্ঞানৰ আধাৰ সৃষ্টিকর্তা বিধাতা প্রতিপালক আল্লাহ তা‘আলা নাৰীসকলৰ বাবে বহু স্বামী গ্রহণ নিষিদ্ধ কৰিছে    

সংগৃহীত

 

 

No comments:

Post a Comment