প্রশ্নঃ সকলো ধর্মৰ মানুহেই দাবী কৰে যে তেঁওৰ ধর্মটো সত্য। তেনেস্থলত ইছলাম যে প্ৰকৃত সত্য ধর্ম তাৰ প্রমাণ কি?
উত্তৰঃ
কোৰআনে কয়,
''আৰু সিহঁতক যেতিয়া কোৱা হয় ‘আল্লাহে যি অৱতীর্ণ কৰিছে সেইয়া তোমালোকে অনুসৰণ কৰা, তেতিয়া সিহঁতে কয়, ‘নহয়, নহয়, আমাৰ পূর্বপুৰুষসকলক যেনেকৈ দেখিছো আমি তাৰেই অনুসৰণ কৰিম’। যদি চয়তানে সিহঁতক জ্বলন্ত জুইৰ দিশে মাতে, তেতিয়াও কি?''
– ছূৰা লুক্বমান (৩১:২১)
আপোনাৰ
ওচৰত কোনোবাই যদি আহি কয়, ২ আৰু ২ যোগ কৰিলে ৩ হয়, কোনোবাই যদি আহি কয় ৪
হয় আৰু কোনোবাই যদি কয় ৫ হয় – তেতিয়া আপুনি সিহঁতৰ বিবাদ আঁতৰ কৰিবলৈ কি
কৰিব? আপুনি আপোনাৰ যুক্তি ও বুদ্ধি প্রয়োগ কৰিব, আৰু যি উত্তৰটোক আপুনি
প্রমাণ কৰিব পাৰিব সেইটোকেই সত্য বুলি গ্রহণ কৰিব। পৃথিৱীৰ সকলো ক্ষেত্ৰতেই
যিহেতু যুক্তি দি, বুদ্ধি দি আমি বিচাৰ কৰো, তেতিয়াহ'লে কোনটো ধর্ম
সত্য তাক বুজাবৰ বাবেও আমি কিয় যুক্তি আৰু বুদ্ধি ব্যৱহাৰ কৰিব নোৱাৰো?
কোৱা, যদি তোমালোক সত্যবাদী হোৱা, তেতিয়াহ'লে প্রমাণ উপস্থাপন কৰা। – (ছূৰা বাক্বাৰাহ্ ২:১১১)
আপুনি যদি কোনো অমুছলিমক প্ৰশ্ন কৰে – তুমি কিভাবে প্রমাণ কৰিবা যে তোমাৰ ধর্ম সত্য? বেছিভাগৰ ক্ষেত্রতেই আপুনি যি উত্তৰ পাব সেইটো হ'ল – মই মোৰ ঈশ্বৰক মাতি প্রার্থনা কৰিলে সেইয়া কবুল হয়, সেয়েহে মোৰ ধর্মই সত্য ধর্ম। আচলতে এইটো কোনো প্রমান নহ'ল। যদি প্রার্থনা কবুল হোৱাই কোনো ধর্ম সত্য হয় নে নহয় তাক প্রমাণ কৰিব পাৰে তেতিয়াহ'লে পৃথিৱীৰ সকলো ধর্মই সত্য, কাৰণ সকলো ধর্মৰ মানুহৰেই বিভিন্ন প্রার্থনা কবুল হৈ থাকে কিন্তু, বিভিন্ন ধর্মসমূহৰ মাজত তাৰতম্য থকাৰ কাৰণে সকলো ধর্মই সত্য হ'ব নোৱাৰে।
কোনো ধর্ম সত্য নে মিছাঁ তাক প্রমান কৰাৰ বাবে আমি সেই ধর্মৰ
গ্রন্থসমূহৰ দিশে ঘূৰি যা'ব লাগিব। যিহেতু সকলো ধর্মৰ মানুহেই দাবী কৰে
সিহঁতৰ ধর্মগ্রন্থ সিহঁতৰ ঈশ্বৰৰ পৰা আহিছে , সেয়েই সেই ধর্মৰ গ্রন্থত
সৃষ্টিকর্তা অৱশ্যেই এনেকুৱা কিবা দি দিব যাৰ দ্বাৰা মানুহে বুজিব পাৰিব
যে সেই ধর্মটো সন্দেহাতীতভাৱে সত্য।
ইছলামত ধর্মৰ সত্যতাৰ অসংখ্য প্রমান আছে, যেনেকৈ স্রষ্টাৰ সংজ্ঞা ও
বৈশিষ্ট্য (তাওহীদ), কোৰআনৰ কাব্যিক, বৈজ্ঞানিক, সংৰক্ষণ সহ বিবিধ আশ্চর্য
বিষয়, ৰাছূলুল্লাহ(ছাঃ)ৰ জীৱনৰ বিভিন্ন ঘটনা ইত্যাদি। কিন্তু, এই লেখাত
মই মাথো এটি প্রমানৰ কথাই কম – সেইটো হ'ল তাওহীদ।
যি কোনো ধর্মৰেই সকলোতকৈ গুৰুত্বপূর্ন অংশ হৈছে স্রষ্টা ও তাঁৰ
বৈশিষ্ট্য। সেয়েই, কোনো ধর্মই স্রষ্টাৰ সংজ্ঞাই যদি ঠিক মতে দিব নোৱাৰে
তেতিয়াহ'লে সেয়া অৱশ্যেই গ্রহণযোগ্য ধর্ম হ'ব নোৱাৰে। আপুনি ইছলামক এৰি
পৃথিৱীৰ অন্য যি কোনো ধর্ম লৈ পড়াশুনা কৰিব যাওঁক, আপোনাক সেই ধর্মৰ
প্রচাৰকসকলে ক'ব যে স্রষ্টাৰ অস্তিত্ব এটা আবেগীয় কথা; এইটো প্রমান কৰা
সম্ভৱ নহয়, এইটো তর্ক-বিতর্কৰ বিষয় নহয়, অথবা সিহঁতে স্রষ্টাৰ এনেকোৱা
সকলো বৈশিষ্ট্যৰ কথা ক'ব – যি আপুনি অৱশ্যেই কনফিউজড হৈ পৰিব । স্রষ্টাৰ
সংজ্ঞাৰ ক্ষেত্ৰত একমাত্র ইছলাম ধর্মই ব্যতিক্রম। ছূৰা ইখলাছত আল্লাহ্
ছুবহানাহু তা’আলাৰ বৈশিষ্ট্য ইমান সুন্দৰ কৈ বর্ণনা কৰা হৈছে, যে ইয়াৰ
পিছত স্রষ্টা সম্পর্কে আৰু কোনো দ্বিধা-দ্বন্দৰ অৱকাশ নাথাকে।
কোৱা – তেখেতেই আল্লাহ্, এক ও অদ্বিতীয়। সকলোৱেই তাৰ মুখাপেক্ষী, তেখেত কাৰোৰেই মুখাপেক্ষী নহয়। তেখেত কাকো জন্ম দিয়া নাই আৰু তেখেতকোও জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়। – ছূৰা ইখলাছ (১১২:১-৪)
মোৰ আগৰ লিখনীত যুক্তি দি আল্লাহৰ অস্তিত্বৰ যি প্রমান দিয়া হৈছে ( islam-assamese.blogspot.in/2015/07/blog-post_52.html
), আল্লাহৰ যি বৈশিষ্ট্যসমূহৰ কথা কোৱা হৈছে সেইদৰে পৃথিৱীৰ আৰু কোনো
ধর্মই প্ৰভূৰ সম্পর্কে আপোনাক ইমান যুক্তিসম্পন্ন ও সৰল উত্তৰ দিব
নোৱাৰিব। আল্লাহ্ এক, তেখেতৰ লগত কাৰো তুলনা কৰা নাযায়, তেখেত
সর্বশক্তিমান, সেয়ে সকলো মাধ্যম এৰি পোন-পোটিয়াকৈ তেখেতৰ উপসনা কৰিব লাগিব
– ইয়াতকৈ আৰু সহজ আৰু একোৱেই হ'ব নোৱাৰে? তাওহিদৰ বাণী ইমানেই সৰল ও
সহজাত যে কোনো মানুহ – সি শিক্ষিতই হওঁক বা অশিক্ষিতই হওঁক, তৰুণেই হওঁক
বা বৃদ্ধই হওঁক – অতি সহজেই এইটো তেঁওৰ হৃদয়ত স্থান লাভ কৰে।
আল্লাহে মানুহক এক স্রষ্টাত বিশ্বাসৰ সহজাত প্রবৃত্তি দি পৃথিৱীত পঠিয়েছে (http://www.telegraph.co.uk/news/religion/3512686/Children-are-born-believers-in-God-academic-claims.html )। ইছলামৰ ভাষাত ইয়াক ফিতৰা বোলে। পৃথিৱীৰ ২০তকৈয়ো বেছি দেশত অন্য ধৰ্মৰ
পৰা ইছলামে ঘূৰি অহা মানুহসকলৰ মাজত জৰিপ চলাই দেখা গৈছে, সিহতে মুছলিম
হোৱাৰ পিছে সকলোতকৈ বেছি যিয়ে সিহঁতক প্রভাৱিত কৰিছে সেইটো হ'ল – আল্লাহ এক
(তাওহীদ) [সূত্র: Contemporary Issues – Dr. Bilal Philips]।
তুমি একনিষ্ঠভাবে নিজক ধর্মত প্রতিষ্ঠিত ৰাখা। তুমি ফিতৰাহ্ ৰ অনুসৰণ কৰা, যাৰ বাবে তেখেতে মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিত কোনো পৰিৱর্তন কৰা নহওঁক। এইটোৱেই সৰল ধর্ম; কিন্তু অধিকাংশ মানুহে সেয়া নাজানে। -ছূৰা ৰুম (৩০:৩০)
আল্লাহৰ
ইচ্ছাত এক ইছলামক এৰি পৃথিৱীৰ আন সকলো ধর্মতেই God ৰ ধাৰণা কনফিউজিং।
হিন্দু ধর্মত ঈশ্বৰৰ ধাৰণা বেচ জটিল। হিন্দুসকলে এক ব্রাক্ষ্মণ-ত বিশ্বাস
কৰিলেও তেঁওলোকৰ চাৰিটি ভাগ (saivism, shaktism, vaishnavism, smartism) ৰ
ভিন্ন ভিন্ন দেৱতা আছে। এই চাৰি ভাগে ঈশ্বৰক ভিন্ন ভিন্ন নামেৰে মাতে,
ভিন্ন ভিন্ন মূর্তি বনায় আৰু সিহঁতৰ ঈশ্বৰ সংক্রান্ত ধাৰণাও ভিন্ন। কিন্তু,
সকলো চেক্টেই প্যান্থেইছম-ত বিশ্বাস কৰে। যাৰ অর্থ হৈছে – স্রষ্টা আৰু
সৃষ্টিৰ মাজত কোনো পার্থক্য নাই, যি অলপ আমি দেখো তাৰ সকলোই স্রষ্টা আৰু
সকলোই সৃষ্টি। এই বিশ্বাসৰ ফলতে হিন্দুসকলে মূর্তি, পাথৰ, গছ, আনকি কোনোবাই
কোনোবাই শিশ্ন আৰু যোনিকোও পূজা কৰে ( http://en.wikipedia.org/wiki/Lingam
), বেছিৰভাগ হিন্দুয়ে গোমূত্র আৰু গোবৰক পূজাৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰে।
হিন্দু ধর্মৰ ঈশ্বৰ পৃথিৱীত দেৱতা ৰূপে আহি ধর্ষণ, পৰকীয়াসহ এনেকোৱা সকলো
কাম কৰে যি কেতিয়াও সৃষ্টিকর্তাৰ কাম হ'ব নোৱাৰে।
অন্যদিশে, খ্রীষ্টানসকলে কয় ঈশ্বৰৰ লৰা যীশুক এই পৃথিৱীত পঠিয়াইছিল আৰু
মানুহৰ পাপৰ প্রায়শ্চিত্ত হিচাপে ছ্যেক্রিফাইছ পর্যন্ত কৰিছে। কিন্তু
মানুহৰ সন্তান যেনেকৈ মাছ হ'ব নোৱাৰে, তেনেকৈ অসীম ক্ষমতাবান ঈশ্বৰৰ
সন্তান কিদৰে সসীম মানুহ হ'ব পাৰে সেয়া বোধগম্য নহয়। নিজে ‘ঈশ্বৰ’ হোৱা
সত্ত্বেও তেখেত মানুহৰ নিচিনাই খোৱা-বোৱা কৰিছিল, শুইছিল, ঈশ্বৰৰ ওচৰত
চিজদাহ কৰিছিল, তেঁওৰ সাহায্য বিছাৰিছিল, আনকি সাধাৰণ মানুহসকলে মিলি এই
‘ঈশ্বৰ’ক হত্যা পর্যন্ত কৰি পেলাইছে! মাত্ৰ সেয়াই নহয়, খ্রীষ্টানসকলৰ
ঈশ্বৰ গোটেই মহাবিশ্বৰ পালনকর্তা হ'লেও তেঁওৰ ক্ষমতা ইমানেই সীমিত যে
স্বর্গত আদমে তেঁওক ফাঁকি দি লুকায় থাকিব পাৰে! বাইবেলত ইব্রাহিম(আঃ) ক
নবী বুলি কোৱা হৈছে, বাইবেলৰ ইব্রাহিম(আঃ) কিন্তু ট্রিনিটি (তিনি ঈশ্বৰৰ
ধাৰণা) প্রচাৰ কৰা নাই, তেখেত এক ঈশ্বৰৰ ওচৰতেই মানুহক আত্মসমর্পণ কৰিব
কৈছে অর্থাৎ তেখেত ইছলাম ধর্মই প্রচাৰ কৰিছিল।
অন্যদিশে ইহুদীসকলে কয় সিঁহতে আল্লাহৰ Chosen People. ইহুদী হৈ জন্মিব
লাগে, ইহুদীত ধর্মান্তৰিত হোৱা নাযায়। ইহুদীসকলে কয় ঈশ্বৰ নিষ্ঠুৰ, সিহঁতে
ঈশ্বৰক অভিশাপ দিয়াৰ কাৰণ- সিহঁতৰ উপৰত এটাৰ পিছত এটা গজব নামি আহিছিল।
আৰু, বৌদ্ধ ধর্মই তো স্রষ্টা সম্পর্কে কোনো স্বচ্ছ ধাৰণাই দিয়া নাই।
মুঠ কথা, পৃথিৱীৰ
বাকী সকলো ধর্মত সৃষ্টিকর্তাৰ সংজ্ঞাত ইমান কনফিউজিং, কোনো চিন্তাশীল
মানুহেই সহজেই বুজিব পাৰিব যে ইছলামক এৰি অন্য কোনো ধর্ম সত্য ধর্ম হ'ব
নোৱাৰে।
কিন্তু কি সিঁহতে কোৰআন সম্বন্ধে মন দি চিন্তা নকৰে? নে কি সিহঁতৰ অন্তৰত তলা লাগিছে? – ছূৰা মুহাম্মাদ(ছাঃ) (৪৭:২৪)
ৰেফাৰেন্সঃ
১। Islam: The Religion Of Truth by Abdur Raheem Green (http://youtu.be/bCgj6p3JTLg)
২। Concept of God in Hinduism (http://youtu.be/W9Fezg2Ss5E) – Hindu Students Association
৩। Krishna on Hinduism, Lot in Bible – Dr. Zakir Naik (http://youtu.be/w5ClHfou2uY)
৪। How the Bible led me to Islam – Yusha Evans (http://youtu.be/IYMKQKSV0bY)

No comments:
Post a Comment