“ছাহাবা” আৰবি ভাষাৰ শব্দ। ইয়াৰ একবচন ছাহাবী। ছাহাবীৰ অৰ্থ- সঙ্গী
বা স্বাথী বা সহচৰ। যিসকলে ৰাছূল মুহাম্মদ(ছাল্লাহুআলাইহিৱাছাল্লাম)ৰ প্ৰতি ঈমান আনিছে(বিশ্বাস স্থাপন কৰিছে), তেখেতক নিজ চকুৰে দেখিছে আৰু ঈমানৰ
সৈতেই পৃথিৱীৰ পৰা বিদায় লৈছে সেইসকলেই ছাহাবী নামেৰে পৰিচিত।
মানৱ জাতিৰ মাজত ৰছূল ও নবী সকল সকলোতকৈ বেছি সন্মান, ভক্তি ও
শ্ৰদ্ধা পোৱাৰ যোগ্য। সিহঁতৰ পিছতেই ছাহাবা সকলেই চবতকৈ শ্ৰেষ্ঠ মানুহ। সেয়েহে
ছাহাবা শব্দৰ পিছত “কেৰাম” শব্দ ব্যৱহাৰ কৰা হয়। কেৰাম মানে- সন্মানিত। “ছাহাবায়ে
কেৰাম” মানে সন্মানিত ছাহাবাসকল। শেষ ৰছূল ও নবী মুহাম্মদ (ছাল্লাহুআলাইহিৱাছাল্লাম) ৰছূল ও নবী
সকলৰ মাজত শ্ৰেষ্ঠ, তেনেকৈয়েই তেখেতৰ ছাহাবা সকলেও আনসকলো ৰছূল ও নবীৰ ছাহাবা সকলতকৈ বেছি
মৰ্যদাৰ অধিকাৰী।
কোনো ছাহাবীৰ নাম ল’লে নামৰ শেষত “ৰাদিআল্লাহু আনহু” ক’ব লাগে।
এই কথাৰ অৰ্থ হ’ল- “আল্লাহ তাৰ ওপৰত সন্তুষ্ট হৈছে”। আল্লাহে কোৰআনতেই এইকথা
ঘোষনা কৰিছে যে, “আল্লাহ সিহঁতৰ ওপৰত সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ ওপৰত
সন্তুষ্ট”।
ভাবি আচৰিত লাগে যে,
সেইসকল আৰবৰ মানুহ অসভ্য ও বৰ্বৰ আছিল বুলি ইতিহাসত লিখা আছে অথচ সিহঁতৰ মাজত
যিসকলেই ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম)ৰ প্ৰতি ঈমান আনিছে, তেখেতৰ স্বাথী হৈছে সিহঁতে ইমান উন্নত
কেনেকৈ হ’ব পাৰিলে? কোন যাদুৰ পৰশত এটা অসভ্য সমাজৰ লোকসকল মানৱজাতিৰ মাজত শ্ৰেষ্ঠ
বুলি গণ্য হ’ল। ইছলামেই সেই যাদু যি মানি চলাৰ কাৰণে অসভ্য মানুহেও এনেকৈ সভ্য হ’ব
পাৰে। ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম) নিজে ইছলাম মানি চলিছিল আৰু ছাহাবায়ে কেৰামে মনে-প্ৰাণে
ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম)ক অনুসৰণ কৰিছিল। ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম) নিজে মানৱজাতিৰ চবতকৈ ডাঙৰ আদৰ্শ আৰু
ৰাছূল(ছাল্লাহুআলাইহিৱাছাল্লাম)ক কেনেকৈ মানি চলিব লাগিব সেই সকলো বিষয়ে ছাহাবায়ে কেৰামেই কিয়ামত
পৰ্যন্ত মানৱজাতিৰ বাবে সকলোতকৈ ডাঙৰ আদৰ্শ।


No comments:
Post a Comment