সনাতন (হিন্দু) ধৰ্মগ্ৰন্থত মুহাম্মাদ (ছাঃ)ৰ নামঃ
১) অথর্ববেদত মুহাম্মাদ (ছাঃ) সম্পর্কে ভবিষ্যৎবাণী পোৱা যায়।
২০নং গ্রন্থৰ ২১নং অনুচ্ছেদৰ ৬নং মন্ত্রত কোৱা হৈছে- ইয়াত আহযাবৰ যুদ্ধৰ কথা কোৱা হৈছে। ইয়াত কোৱা হৈছে যে, এই ঋষিক ৰক্ষা কৰা হ'ব দশ হাজাৰ শত্রুৰ কবলৰ পৰা আৰু তেখেত এই যুদ্ধত বিজয়ী হ'ব যুদ্ধ নকৰিয়েই। তেখেত এজন কাৰু। সংস্কৃত ‘কাৰু’ শব্দৰ অর্থ যিজন ব্যক্তিয়ে প্রশংসা কৰে। আৰবী অর্থ কৰিলে হ'ব ‘আহমাদ’, যিটা নবী মুহাম্মাদ (ছাঃ)ৰ অন্য এটা নাম। কোৱা হৈছে, তেখেত যুদ্ধ নকৰিয়েই এই যুদ্ধত জিকিব। আহযাবৰ যুদ্ধত যুদ্ধ নকৰিয়েই মুছলিম সকলে জয় লাভ কৰিছিল। আমি জানো যে, আহযাবৰ যুদ্ধত শত্রু পক্ষৰ সৈন্য আছিল প্রায় দশ হাজাৰ।
অথর্ববেদৰ ২০নং গ্রন্থেৰ ২১ অনুচ্ছেদৰ ৭নং মন্ত্রত কোৱা হৈছে- মহান ঈশ্বৰে ক্ষমতাচ্যুত কৰিব ২০ জন ৰজাক আৰু তেখেতে ৰক্ষা কৰিব আবান্দুকক ৬০ হাজাৰ ৯০জন সেনাৰ কবলৰ পৰা। সংস্কৃত ‘আবান্দু’ৰ অর্থ মাউৰা। ‘আবান্দু’ শব্দৰ আৰু এটা অৰ্থ প্রশংসনীয়। আমি সকলোৱে জানো যে নবী মুহাম্মদ (ছাঃ) মাউৰা আছিল। আকৌ ‘মুহাম্মদ’ শব্দটোৰ অর্থ হ'ল প্রশংসনীয়। গতিকে ‘আবান্দু’ শব্দৰ আৰবী কৰিলে হৈ পৰিব ‘মোহাম্মদ’ (ছাঃ)। কোৱা হৈছে, ঈশ্বৰে ক্ষমতাচ্যুত কৰিব ২০ জন ৰজাক। আৰু আমি জানো যে তেতিয়াৰ দিনত মক্কাত আনুমানিকভাবে ২০টা বেলেগ বেলেগ গোত্র আছিল। হজৰত মুহাম্মাদ (ছাঃ)য়ে সকলোতে জয় কৰিছিল। আৰু সেই সময়ত যিসকলে নবী (ছাঃ)ৰ সৈতে বিৰোধীতা কৰিছিল সিহঁতৰ সংখ্যা আছিল প্রায় ৬০ হাজাৰ।
(২) একেদৰে ভবিষ্যদ্বাণীটো ঋগবেদতো কৰা হৈছে।
১নং গ্রন্থৰ ৫৩নং অনুচ্ছেদৰ ৯নং মন্ত্রত কোৱা হৈছে- ইয়াত তেখেতক কোৱা হৈছে ‘সুষৰামা’। ‘সুষৰামা’ শব্দৰ অর্থ যিজন ব্যক্তি প্রশংসনীয়। যিটো আমাৰ নবী মুহাম্মাদ (ছাঃ)ৰ নামৰ অর্থ।
নবী মুহাম্মাদ (ছাঃ) ৰ কথা ভবিষ্যদ্বাণী কৰিছে অগ্নিৰ ৬৪নং মন্ত্রত, কোৱা হৈছে যে, এইজন ঋষি, তেখেত তেখেতৰ মাতৃৰ গাখীৰ পান নকৰিব। আমি জানো যে নবী মুহাম্মাদ (ছাঃ)য়ে তেখেতৰ মাতৃৰ গাখীৰ পান কৰা নাছিল। বিবি হালিমাই তেখেতক গাখীৰ পান কৰাইছিল। ইয়াৰ উপৰিও নবী মুহাম্মাদ (ছাঃ) ক কোৱা হৈছে ‘আহমাদ’। অর্থাৎ যিজনে প্রশংসা কৰে।


No comments:
Post a Comment