মুছলিম নে
মুছলমান?
আল্লহৰ মনোনীত সত্যধৰ্মৰ নাম ইছলাম আৰু এই ধৰ্মৰ অনুসাৰীৰ নাম মুছলিম। আদম (‘আলাইহিছ ছালাম)ৰ পৰা মুহাম্মদ (ছাল্লাল্লাহু‘আলাইহি ওয়াছাল্লাম) পৰ্যন্ত সকলো ৰাছূল ও নাবী য়ে নিজক মুছলিম হিচাপেই পৰিচয় দিছিল।
নূহ (‘আলাইহিছ ছালাম)য়ে কৈছেঃ
“মই তো মুছলিমসকলৰ
মাজত (আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী) অন্তৰ্ভুক্ত হৈ আদিষ্ট হৈছো। (কোৰ’আনঃ ছূৰা য়ুনূছ, আয়াঃ ৭২)
ইব্ৰাহিম(‘আলাইহিছ ছালাম)’ৰ বাবে কোৰ’আনত উল্লেখিতঃ
“আৰু ইব্ৰাহিম ও
ইয়াকুব য়ে এই সমন্ধে তাৰ পুত্ৰসকলক নিৰ্দেশ দি কৈছে,
হে পুত্ৰগণ! আল্লাহ তোমালোকৰ বাবে এই দ্বীন(ধৰ্ম)ক মনোনীত
কৰিছে, সেয়েহে তোমালোক মুছলিম নোহৱালৈকে মৃত্যুবৰণ নকৰিবা।(কোৰ’আনঃ ছূৰা আল-বাকাৰা, আয়াঃ ১৩২)
য়ুছূ’ফ(‘আলাইহিছ ছালাম) য়ে কৈছেঃ
“আৰু তুমিয়ে(আল্লাহ)
মোৰ ইহকাল পৰকালৰ অভিভাৱক; তুমি মোক মুছলিম হিচাপে মৃত্যু দিয়া আৰু সত্ কৰ্মপৰায়ণ
সকলৰ অন্তৰ্ভুক্ত কৰা।(কোৰ’আনঃ ছূৰা য়ুছূ’ফ, আয়াঃ ১০১)
ইয়াৰ উপৰিও কোৰআন শ্বৰীফৰ বহুত আয়াতত সকলো নাবীসকলৰ পৰিচয় হ’ল
মুছলিম। ‘আৰাবী ভাষাৰ ব্যাকৰণ অনুযায়ী মুছলিম শব্দটো মুছলিমূন, মুছলেমীন ইত্যাদি
ৰূপ গ্ৰহণ কৰিব পাৰে। মুছলিম- শব্দটো কৰ্তৃকাৰক্ত একবচন (ফা‘য়েল মুফৰাদ); মুছলিমূন
সেই কাৰকত বহুবচন (ফা‘য়েল জাম্‘য়া); মুছলেমীন কৰ্মকাৰকত বহুবচন(মাফয়ূল
জাম্‘য়া) অথবা সম্বন্ধপদৰ বহুবচন; কিন্তু সেই সকলোৰ মূল হৈছে মুছলিম। মুছলিম শব্দৰ
দ্বিবচন মুছলিমান বা মুছলিমাইন। ‘আৰাবী ভাষাত মুছলমান শব্দটোৰ ব্যৱহাৰ কতোও নাই।
মুছলমান শব্দটো ফাৰ্চী বা তুৰ্কিকৰণৰ দ্বাৰা ভাৰতবৰ্ষত সোমাইছে মুছলিমান বা
মুছলিমাইন শব্দৰ বিকৃতৰূপে। ‘আৰাবী আমাৰ ধৰ্মীয় ভাষা, এই ভাষাতেই আল্লাহে কোৰ’আন
অৱতীৰ্ণ (নাযিল) কৰিছে আৰু এই ভাষাতেই মুছলিম শব্দটো ব্যৱহূত হৈছে। ‘আৰাবী ভাষাত
প্ৰয়োগৰীতি অনুসৰণ নকৰি ফাৰ্চী বা তুৰ্কীসকলৰ কায়দাত গ্ৰহণ কৰাক সুবিবেচিত হয় বুলি
নাভাবো। বিশেষকৈ শব্দটো যেতিয়া কোৰ’আনীয় লাফ্জ শব্দ।
তেন্তে কিয় আমি কোৰ’আনৰ ভাষাৰ প্ৰয়োগৰীতি অগ্ৰাহ্য কৰি অন্য
ভাষাৰ মাধ্যমেৰে সেইয়া গ্ৰহণ কৰিম?

Very nice and too much good post..
ReplyDeleteধন্যবাদ। জাজাকাল্লাহু খাইৰ(আল্লাহে আপোনাক উত্তম প্ৰতিদান দিয়ক)।
Deleteইছলাম আহিছে মূল শব্দ ‘ছালাম’ৰ পৰা। যাৰ অর্থ শান্তি। ইয়াৰ আৰু এটা অর্থ হ'ল নিজৰ সম্পূর্ণ ইচ্ছা-শক্তিক আল্লাহৰ প্রতি সমর্পিত কৰা। এনেকৈ ইছলাম এটি শান্তিৰ ধর্ম, যি অর্জন কৰা যায় সৃষ্টিকর্তা বিধাতা প্রতিপালক আল্লাহ তা’আলাৰ ইচ্ছাৰ ওচৰত নিজৰ ইচ্ছাক আন্তৰিক নিষ্ঠাৰ লগত সমর্পিত কৰি দিলে।
ReplyDeleteislam
ReplyDelete