Latest Movie

Thursday, September 3, 2015

সমালোচক সকলে অপ্ৰাসংগিকভাবে দাঙি ধৰা এটা শ্লোক (আয়াত)

কোৰআনত অমুছলিমক হত্যা কৰিব কোৱা হৈছে নেকি?


          সমালোচক সকলে সঘনাই ইচলামক বদনাম কৰিবলৈ কোৰআনৰ কিছুমান শ্লোক অপ্ৰাসংগিকভাবে দাঙি ধৰে আৰু তাৰ ভিতৰত অন্যতম হৈছে চুৰা তৌবা অধ্যায় নং ৯ শ্লোক নং ৫ তাত কোৱা হৈছে "যতে অমুছলমানক পাবা তাতে সিহঁতক হত্যা কৰিবা" আৰু সঁচাকৈ যদি আপুনি কোৰআনখন মেলি চায় এই শ্লোকটো দেখা পাবকিন্তু এই শ্লোকটো অপ্ৰাসংগিক আৰু বিভ্ৰান্তিমূলক ভাবে উপস্থাপন কৰা হৈছে কাৰণ এই শ্লোকটো সম্পূৰ্ণ শ্লোক নহয় ইয়াৰ লগত অন্যান্য আগৰ আৰু পিছৰ শ্লোকসমূহ জড়িত হৈ আছেউদাহৰণস্বৰুপে 
"কোৰআনত আছে নামাজ নপঢ়িবা"(অধ্যায় নং-4 ,শ্লোক নং-43 )কোনোবাই অকল সেই শ্লোকটো দি ক'ব পাৰে যে কোৰআনত নামাজ নপঢ়িবা বুলি লিখা আছে কিন্তু শ্লোকটো সম্পূৰ্ণ হ'ব তেতিয়া যেতিয়া এইদৰে গোটেইখিনি উল্লেখ কৰা হ'ব "নামাজ নপঢ়িবা,যেতিয়া তুমি নিচাসক্ত অৱস্থাত থাকা"
         এতিয়া আমি উল্লেখ কৰা বিতৰ্কিত শ্লোকটো লৈ আহো য'ত পূৰ্ব আৰু পাছত উল্লেখ কৰা শ্লোকসমূহৰ মাজত ইয়াৰ সংগতি আছে এই প্ৰসংগটো আৰম্ভ হৈছে পূৰ্বৰ শ্লোক নং ১ৰ পৰা য'ত উল্লেখ আছে সেইসময়ত মুছলমান আৰু অমুছলমান সকলৰ মাজত এখন শান্তি চুক্তি হৈছিল আৰু এই শান্তি চুক্তিখন সেইসময়ৰ আৰবৰ অমুছলমানসকলে ভংগ কৰিছিল আৰু তাৰ ক্ষতিপূৰণ কৰিবলৈ অমুছলমানসকলক চাৰি মাহৰ সময় দিয়া হয় অন্যথা তেঁওলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হ'বআৰু যুদ্ধক্ষেত্ৰত ভয় নাখাবলৈ আল্লাহে মুছলমানসকলক আদেশ দিছে লগতে কৈছে যুদ্ধক্ষেত্ৰত য'তেই শক্ৰ (যিসকল অমুছলমানে শান্তি চুক্তি ভংগ কৰিছিল)ক পোৱা তাতেই হত্যা কৰা এতিয়া মই যদি উদাহৰণ হিচাপে কও এখন যুদ্ধত এজন আৰ্মি জেনেৰেলে উৎসাহ বঢ়াবলৈ কয় যতে শক্ৰ পোৱা তাতেই হত্যা কৰা, তাৰ মানে এইটো নহয় যে যুদ্ধ শেষ হোৱাৰ পাছতো যেতিয়াই শক্ৰুক লগ পোৱা তেতিয়াই হত্যা কৰা ইয়াৰ উপৰিও আৰ্মি জেনেৰেলে তেঁওৰ নিজৰ সৈন্যক কেতিয়াও নকয় যে শক্ৰৰ হাতত গৈ তুমি মৃত্যু হোৱা গতিকে কোৰআনত যিটো শ্লোক উল্লেখ কৰা হৈছে সেইয়া যুদ্ধৰ প্ৰসংগত হে উল্লেখ কৰা হৈছে
       অৰুণ শ্বোৰী নামৰ সমালোচক জনে তেঁওৰ কিতাপ "ৱৰ্ল্ড অৱ ফাতৱাছ"ত ওপৰত উল্লেখ কৰা চুৰা তৌবা অধ্যায় নং ৯ শ্লোক নং ৫ টো উল্লেখ কৰিছে আৰু এই শ্লোকটো উল্লেখ কৰিয়েই তেঁও শ্লোক নং ৬ উল্লেখ নকৰি শ্লোক নং ৭ লৈ জাপি মাৰিছে কাৰণ তেঁও জানে শ্লোক নং ৬ ত তেঁও কোৰআনৰ বিপক্ষে যি অভিযোগ আনিছিল তাৰ উত্তৰ আছে
অধ্যায় নং ৯ শ্লোক নং ৬ ত কোৱা হৈছে যদি কোনো অমুছলমানে তোমাৰ আশ্ৰয় বিচাৰে তেন্তে সিঁহতক অকল আশ্ৰয় দিয়াই নহয় যি ঠাইত সিঁহত নিৰাপদ তালৈ সুৰক্ষা সহকাৰে তালৈ পঠিয়াই দিয়াএতিয়া সমসাময়িক কালছোৱাত, যদি শক্ৰপক্ষৰ কোনোবাই শান্তি বিচাৰি যুদ্ধক্ষেত্ৰত আত্মসমৰ্পন কৰে তেন্তে কোন আৰ্মি জেনেৰেলে তেঁওৰ সৈন্যবাহিনীক ক'ব যে যদি কোনো শক্ৰয়ে শান্তি বিচাৰে তেন্তে সিঁহতক অকল এৰি দিয়াই নহয় যি ঠাইত সিঁহত নিৰাপদ তালৈ সুৰক্ষা সহকাৰে তালৈ পঠিয়াই দিয়া ?
          কিন্তু ইয়াৰ উদাহৰণ পৰম কৰুণাময় আল্লাহেই মুছলমানক দিছে
গতিকে কোৰআনত অমুছলমানক হত্যা কৰিব কোৱা কথাষাৰ বিভ্ৰান্তিমূলক তথা মিছা
((জাকিৰ নাইকৰ প্ৰশ্নোত্তৰৰ আধাৰত ৰচিত আৰু কিছু আমাৰ সংযোজন))

2 comments:

  1. আল্লাৰ জন্ম কেতিয়া হৈছিল....! যুদ্ধ পৰিচালনা কৰিব পাৰিছিল জানো...! নে আল্লাৰ নামত আন কোনোবাই বিভ্ৰান্তিমূলক ভাৱে ইছলাম ধৰ্মটো পৰিচালনা কৰি আছে...!
    কোৰানটো চাগে গোটেই পৃথিৱীখন ইছলাম ধৰ্মলম্বী হব লাগিব বুলি লিখি থৈ যোৱা নাই চাগে....! আৰু অমুছলমান সকলক হত্যা কৰিবলৈ যি আল্লাৰ আদেশ আছিল সেই আদেশে
    ISISIS সকলে পালন কৰি আছে নেকিন...? আফগানিস্তান, পাকিস্তান আদি দেশত দেখোন মুছলমানে মুছলমানক হত্যা কৰি আছে...। কিয়....?

    ReplyDelete
    Replies
    1. ((প্রশ্ন কৰাৰ বাবে ধন্যবাদ))

      আপোনাৰ প্রশ্ন -আল্লাৰ জন্ম কেতিয়া হৈছিল....!
      .
      আল্লাহে কোৰআনত কৈছে,
      কোৱা – তেখেতেই আল্লাহ্‌, এক ও অদ্বিতীয়। সকলোৱেই তাৰ মুখাপেক্ষী(নির্ভৰশীল­), তেখেত কাৰোৰেই মুখাপেক্ষী নহয়। তেখেত কাকো জন্ম দিয়া নাই আৰু তেখেতকোও জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়। –
      কোৰআনঃ
      ছূৰা ইখলাছ (১১২:১-৪)

      আল্লাহ্ – তেখেত অবিহনে আৰু কোনো উপাস্য নাই। তেখেত চিৰঞ্জীৱ, অনাদি। তেখেতক তন্দ্রা বা নিদ্রাই স্পর্শ নকৰে। আকাশ ও পৃথিৱীত যি আছে সকলোবোৰ তেখেতৰ। কোন আছে যে তেখেতৰ অনুমতি অবিহনে তেখেতৰ দৰবাৰত ওকালতি কৰিব? সিহঁতৰ (মানুহৰ) সন্মুখত ও পিছফালে যি-কিছু আছে তেখেতে জানে। তেখেতৰ অবিহনে তেখেতৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে, অৱশ্যে কোনো বিষয়ে তেখেতে নিজেই যদি কাৰোবাক জনাব বিচাৰে(সেয়া সুকিয়া কথা)। আকাশ ও পৃথিৱীব্যাপী তেখেতৰ শাসনৰ নিয়ন্ত্ৰাধীন, আৰু ৰক্ষণাবেক্ষণত তেখেত ক্লান্ত নহয়। তেখেত অত্যুচ্চ মহামহিম।

      - ছূৰা বাক্বাৰাহ্ (২:২৫৫
      .
      .((আল্লাহ্ এক, তেখেতৰ লগত কাৰো তুলনা কৰা নাযায়, তেখেত সর্বশক্তিমান, সেয়ে সকলো মাধ্যম এৰি পোন-পোটিয়াকৈ তেখেতৰ উপসনা কৰিব লাগিব –))
      ইয়াৰ উপৰিও আৰু বহুত ঠাইত আল্লাহৰ সম্পর্কে আয়াত(শ্লোক) আছে।
      .
      .
      আল্লাহে সকলো বস্তুয়েই পৰিচালনা কৰি আছে।
      আল্লাহ(THE TRUE GOD), এজন যে প্রভু আছে তাৰ যুক্তি এইটোত দাঙি ধৰা হৈছে- http://­islam-assamese.blogsp­ot.in/2015/07/­blog-post_52.html
      .
      গোটেই পৃথিৱীখন ইছলাম ধৰ্মলম্বী হ'ব লাগিব বুলি কতো লিখা নাই। কিন্তু এইটো সচাঁ যে কোৰআনখন গোটেই মানৱজাতিৰ বাবে পঠিওৱা হৈছে।
      .
      সেই আদেশে ISISIS সকলে পালন কৰি আছে নেকি? সেই প্রশ্ন উত্তৰ ইতিমধ্যেই মোৰ লিখনীটোত প্রকাশ পাইছে এনেদৰে--
      "...উদাহৰণ হিচাপে কও এখন যুদ্ধত এজন আৰ্মি জেনেৰেলে উৎসাহ বঢ়াবলৈ কয় যতে শক্ৰ পোৱা তাতেই হত্যা কৰা, তাৰ মানে এইটো নহয় যে যুদ্ধ শেষ হোৱাৰ পাছতো যেতিয়াই শক্ৰুক লগ পোৱা তেতিয়াই হত্যা কৰা।..."
      .
      আনকি বহুতৰে দাবি এইসকল সন্ত্রাসী মুছলিমেই নহয়, কিয়নো সিহঁতৰ কর্ম-কান্ড ইছলাম বিৰুধি, আকৌ এনে নিউজও ওলাইছে যে ভুক্তভুগিয়ে দাবি কৰিছে এইসকলে বৰঞ্চ উপকাৰহে কৰিছে। m.youtube.com/­watch?v=9UfOmcGW1ik আৰু এইটো প্রমাণিত যে ISIS আমেৰিকাৰ দ্বাৰাহে গঠিত হৈছে, প্রমাণ হিচাপে এই বাতৰিটো পঢ়ক-
      http://­www.indiatvnews.com/­news/world/­islamic-state-is-a-us­creation-25872.html

      আফগানিস্তান, পাকিস্তান, ইৰাক...ৰ বিষয়ে মোৰ ইমান জ্ঞান নাই। অনুমান লগাব পৰা যায় এই ঘটনা বিলাকৰ মুলতেই আছে ক্ষমতাৰ লোভ, ইছলামৰ সঠিক জ্ঞানৰ অভাৱ। আৰু এই বিষয় লক্ষ্য কৰিলে দেখা যায় এইকেইটা দেশত পৰোক্ষ বা প্রতক্ষ্যভাবে আমেৰিকাৰ নাম জড়িত হৈ আছে।
      .
      এনে একাংশ দেশো আছে য'ত মুছলিমৰ উপৰিও অমুছলিমেও শান্তিপ্রিয়ভাবে থকাৰ অধিকাৰ পায়, UAE(Dubai, Abu dhabi) এখন মুছলিম ৰাষ্ট্র তাত অকল ভাৰতীয়মুলৰ নাগৰিকেই প্রায় ২৬ লাখ জনে বসবাস কৰি আছে, ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে ইছলামিক দেশ এখনতো মুছলিম এজনে যেনেকৈ স্বাধীনতা হিচাপে বসবাস কৰিব পাৰে ঠিক তেনেকৈ অমুছলিম এজনেও বসবাস কৰাৰ অধিকাৰ লাভ কৰে। কোৰানৰ চুৰা মায়িদাৰ ৩২ নং আয়াতত- এজন মানুহক হত্যা কৰা মানে সমগ্ৰ মানব জাতিক হত্যা কৰা বুলি কৈছে, সমগ্র মানব জাতি বুলি কোৱাৰ লগে লগে সকলো ধৰ্মৰ মানুহক বুজায়, কোনো এক বিশেষ ধৰ্মৰ মানুহক নুবুজায় ।
      .
      যুদ্ধৰ ক্ষেত্ৰতো সীমা উলংঘন কৰিব মানা কৰিছে অৰ্থাৎ যুদ্ধৰ নীতি নিয়ম মানিহে যুদ্ধ কৰিব কৈছে । যেনে ধৰক উপাসনা কৰি থাকোতে, মহিলা বা শিশুক হত্যা কৰিব নালাগে ইত্যাদি ।

      Delete