Latest Movie

Sunday, July 26, 2015

7/26/2015 12:36:00 PM

সেই অভিশপ্ত ধুমুহাজাক আৰু নৱবিবাহিত দম্পতি


এজন লোকে বিয়া কৰোৱাই নকইনাক লগত লৈ ঘৰলৈ উভতি আহি আছিল। কইনা ঘৰ আৰু দৰা ঘৰৰ মাজত আছিল এখন বিশাল সাগৰ । সিহঁতে যেতিয়া নৌকা দি সাগৰ পাৰ হৈ আহি আছিল, তেতিয়া হঠাৎ এটি ডাঙৰ ধুমুহা কবলত পৰিল। দৰাজন আছিল এজন সাহসী যোদ্ধা, কিন্তু তেঁওৰ স্ত্রী সেইসময়ত যথেষ্ট ভয় খাই উঠে যিহেতু নাওখন সৰু আছিল আৰু যি কোনো মুহূর্ততেই সিহঁত পানীত ডুবি যোৱাৰ আকংশা আছিল। প্ৰাণ হেৰুৱাৰ ভয়ত তাই অতি নিৰাশ হৈ পৰিলে। কিন্তু তাইৰ স্বামী সেই অৱস্থাতো নীৰব আৰু শান্ত আছিল যেনিবা একোৱেই ঘটা নাই।
 
মহিলাজনীয়ে আতঙ্কগ্রস্ত ৰু কম্পিত কন্ঠত প্রশ্ন কৰিলে,''আপোনাৰ ভয় লগা নাই নিকি? এইয়া আমা জী শেষ মুহূর্ত হ'ব পাৰে! একমাত্র কিবা অলৌকিকতাইহে আমাক ৰক্ষা কৰিব পাৰে; অন্যথা আমাৰ মৃত্যু নিশ্চিত।''

লোকজনে হাঁহি হাঁহি আত্মৰক্ষাৰ বাবে থকা তৰোৱালখন উলিয়াই আনিলে। নকইনা আতঙ্কিত হৈ পৰিল আৰু ভাবিবলৈ ধৰিলে আচলতে তেঁওৰ স্বামীয়ে এইয়া কি কৰিব খুজিছে? তাৰপিছত স্বামীয়ে খোলা ত
ৰোৱালখন পত্নীৰ ডিঙিত স্পর্শ কৰিৰি ৰাখিলে। নপত্নীক আচৰিত হোৱা নেদেখি সি কলে, “তোমাৰ ভয় লগা নাই?” তাকে শুনি স্ত্রীয়ে হাঁহিব ধৰিলে আৰু কলে, “মই কিয় ভয় খাম নু? তৰোৱাল খন আপোনা হাততহে আছে। মই জানো যে আপুনি মোক বহুত ভালপায়।”

ইয়াৰ পাচত তেঁও তৰোৱালখন খোলৰ ভিত
ৰাখি ক'লে, “তুমি মোৰ উত্ত পাই গৈছা। মই জানো আল্লাহে আমাক ভালপাই আৰু বিপদ তেঁওৰেই হাতত। সেয়ে যি হ'ব গৈ আছে ভালেই হ'ব। যদি আমি জীয়াই থাকো ভাল আৰু জীয়াই নাথাকিলেও ভাল; কাণ সকলো তেঁওৰ হাততেই আৰু তেখেতে নিশ্চয় কোনো অলপো ভুল কৰিব নোৱাৰে

অনুপ্রে
ণা_গল্পঃ সৃষ্টিকর্তা প্রতি বিশ্বাস বৃদ্ধি কৰাৰু তেঁওৰ প্রতি বিশ্বাস খা যিজনে তোমা জীৱনক সম্পূৰ্ণ সললি কৰিবলৈ সক্ষম। সকলো ঘটনা যিকোনো এটা কাণ লৈয়ে ঘটে।


Monday, July 20, 2015

7/20/2015 11:37:00 AM

যুৱক, যৌনতা, যিনাঃ এটা শিক্ষণীয় ঘটনা



এদিন এক মজলিছত এজন যুৱক আহি নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক ক'লে,

‘ইয়া ৰাছূলুল্লাহ,মোক যিনা (বিবাহ বন্ধন অবিহনে অবৈধ পন্থাত যৌন তৃপ্তি লাভ কৰা) কৰাৰ অনুমতি দিয়ক।’ এই কথা শুনি উপস্থিত সকলোৱেই আচঁৰিত হৈ উঠিলে আৰু তাক তিৰস্কাৰ কৰিবলৈ ধৰিলে, কিন্তু নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক'লে,

(আদৰ সহকাৰে) মোৰ ওচৰত আঁহা, সি ওচৰত আহিল। ক'লে, বহাঁ, সি বহিলে। ইয়াৰ পিছত (তাৰ ঊৰুত হাত ৰাখি) ক'লে, 
‘তুমি কি তোমাৰ মাৰ বাবে এইটো পছন্দ কৰিবা?’
সি ক'লে, নহয় ইয়া ৰাছূলুল্লাহ। আল্লাহে মোক আপোনাৰ প্রতি উৎসর্গিত কৰক। কোনো মানুহেই তাৰ মাৰ বাবে এইটো পছন্দ নকৰিব।’

নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক'লে, ‘তেতিয়াহ'লে তোমাৰ কণ্যাৰ বাবে?’
যুৱকজনে ক'লে, নহয়, ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ কণ্যাৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, তেতিয়াহ'লে তোমাৰ ভগ্নিৰ বাবে?’
যুৱকজনে ক'লে, ‘নহয় ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ ভগ্নিৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, ‘তেতিয়াহ'লে তোমাৰ পেহীৰ বাবে?’
যুৱকজনে ক'লে,‘নহয় ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ পেহীৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, তেতিয়াহ'লে তোমাৰ মাহিৰ বাবে?’
যুৱকজনে ক'লে, নহয় কেতিয়াও নহয়। আল্লাহে মোক আপোনাৰ বাবে উৎসর্গিত কৰক। কোনো মানুহেই তাৰ মাহিৰ বাবে এইটো পছন্দ নকৰিব।’

ইয়াৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে তাৰ শৰীৰত হাত ৰাখিলে আৰু দুআ কৰিলে- ইয়া আল্লাহ তাৰ পাপ ক্ষমা কৰক, তাৰ অন্তৰ পৱিত্র কৰক আৰু তাৰ চৰিত্র ৰক্ষা কৰক। বর্ণনাকাৰীয়ে কয়, নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম-ৰ শিক্ষাৰ ফলাফল এই হ'ল যে, পৰবর্তী জীৱনে সি (ৰাস্তা দি গ'লে) কোনো দিশে চকু তুলিও চোৱা নাছিল।
- [মুছনাদে আহমদ ৫/২৫৬-২৫৭ ]

* এই হাদীছে শিক্ষা দিয়ে যে, এজন পুৰুষে যাৰ লগত যিনা কৰিব সি নিশ্চই অন্যএজনৰ মা, কণ্যা, ভগ্নি, পেহী নাইবা মাহি হ'ব... সেয়ে সি যেনেকৈ নিজৰ মা, কণ্যা, ভগ্নি, পেহী, মাহি ক সম্মানৰ চকুৰে দেখে তেনেকৈ যদি বেলেগৰ মা, কণ্যা, ভগ্নি, পেহী, মাহিকোও সম্মানৰ সৈতে দেখে তেতিয়াহ'লে সি এই অপৰাধ কৰিব নোৱাৰিব !

-চাওঁক কেনেকোৱা আছিল বিশ্ব মানৱতাৰ দূত নবী মুহাম্মাদ ছাল্লালাহু আলাইহি অয়াছাল্ললামৰ শিক্ষাদানৰ পদ্ধতি !
(( ছুবহানআল্লাহ...))

Wednesday, July 15, 2015

7/15/2015 01:43:00 AM

ইছলাম যে প্ৰকৃত সত্য ধর্ম তাৰ প্রমাণ কি?

প্রশ্নঃ সকলো ধর্মৰ মানুহেই দাবী কৰে যে তেঁওৰ ধর্মটো সত্য। তেনেস্থলত ইছলাম যে প্ৰকৃত সত্য ধর্ম তাৰ প্রমাণ কি?



উত্তৰঃ


কোৰআনে কয়,

''আৰু সিহঁতক যেতিয়া কোৱা হয় ‘আল্লাহে যি অৱতীর্ণ কৰিছে সেইয়া তোমালোকে অনুসৰণ কৰা, তেতিয়া সিহঁতে কয়, ‘নহয়, নহয়, আমাৰ পূর্বপুৰুষসকলক যেনেকৈ দেখিছো আমি তাৰেই অনুসৰণ কৰিম’। যদি চয়তানে সিহঁতক জ্বলন্ত জুইৰ দিশে মাতে, তেতিয়াও কি?'' 
– ছূৰা লুক্বমান (৩১:২১) 

          আপোনাৰ ওচৰত কোনোবাই যদি আহি কয়, ২ আৰু ২ যোগ কৰিলে ৩ হয়, কোনোবাই যদি আহি কয় ৪ হয় আৰু কোনোবাই যদি কয় ৫ হয় – তেতিয়া আপুনি সিহঁতৰ বিবাদ আঁতৰ কৰিবলৈ কি কৰিব? আপুনি আপোনাৰ যুক্তি ও বুদ্ধি প্রয়োগ কৰিব, আৰু যি উত্তৰটোক আপুনি প্রমাণ কৰিব পাৰিব সেইটোকেই সত্য বুলি গ্রহণ কৰিব। পৃথিৱীৰ সকলো ক্ষেত্ৰতেই যিহেতু যুক্তি দি, বুদ্ধি দি আমি বিচাৰ কৰো, তেতিয়াহ'লে কোনটো ধর্ম সত্য তাক বুজাবৰ বাবেও আমি কিয় যুক্তি আৰু বুদ্ধি ব্যৱহাৰ কৰিব নোৱাৰো? 

কোৱা, যদি তোমালোক সত্যবাদী হোৱা, তেতিয়াহ'লে প্রমাণ উপস্থাপন কৰা। – (ছূৰা বাক্বাৰাহ্ ২:১১১)

      আপুনি যদি কোনো অমুছলিমক প্ৰশ্ন কৰে – তুমি কিভাবে প্রমাণ কৰিবা যে তোমাৰ ধর্ম সত্য? বেছিভাগৰ ক্ষেত্রতেই আপুনি যি উত্তৰ পাব সেইটো হ'ল – মই মোৰ ঈশ্বৰক মাতি প্রার্থনা কৰিলে সেইয়া কবুল হয়, সেয়েহে মোৰ ধর্মই সত্য ধর্ম। আচলতে এইটো কোনো প্রমান নহ'ল। যদি প্রার্থনা কবুল হোৱাই কোনো ধর্ম সত্য হয় নে নহয় তাক প্রমাণ কৰিব পাৰে তেতিয়াহ'লে পৃথিৱীৰ সকলো ধর্মই সত্য, কাৰণ সকলো ধর্মৰ মানুহৰেই বিভিন্ন প্রার্থনা কবুল হৈ থাকে কিন্তু, বিভিন্ন ধর্মসমূহৰ মাজত তাৰতম্য থকাৰ কাৰণে সকলো ধর্মই সত্য হ'ব নোৱাৰে।
          কোনো ধর্ম সত্য নে মিছাঁ তাক প্রমান কৰাৰ বাবে আমি সেই ধর্মৰ গ্রন্থসমূহৰ দিশে ঘূৰি যা'ব লাগিব। যিহেতু সকলো ধর্মৰ মানুহেই দাবী কৰে সিহঁতৰ ধর্মগ্রন্থ সিহঁতৰ ঈশ্বৰৰ পৰা আহিছে , সেয়েই সেই ধর্মৰ গ্রন্থত সৃষ্টিকর্তা অৱশ্যেই এনেকুৱা কিবা দি দিব যাৰ দ্বাৰা মানুহে বুজিব পাৰিব যে সেই ধর্মটো সন্দেহাতীতভাৱে সত্য। 

          ইছলামত ধর্মৰ সত্যতাৰ অসংখ্য প্রমান আছে, যেনেকৈ স্রষ্টাৰ সংজ্ঞা ও বৈশিষ্ট্য (তাওহীদ), কোৰআনৰ কাব্যিক, বৈজ্ঞানিক, সংৰক্ষণ সহ বিবিধ আশ্চর্য বিষয়, ৰাছূলুল্লাহ(ছাঃ)ৰ জীৱনৰ বিভিন্ন ঘটনা ইত্যাদি। কিন্তু, এই লেখাত মই মাথো এটি প্রমানৰ কথাই কম – সেইটো হ'ল তাওহীদ।

         যি কোনো ধর্মৰেই সকলোতকৈ গুৰুত্বপূর্ন অংশ হৈছে স্রষ্টা ও তাঁৰ বৈশিষ্ট্য। সেয়েই, কোনো ধর্মই স্রষ্টাৰ সংজ্ঞাই যদি ঠিক মতে দিব নোৱাৰে তেতিয়াহ'লে সেয়া অৱশ্যেই গ্রহণযোগ্য ধর্ম হ'ব নোৱাৰে। আপুনি ইছলামক এৰি পৃথিৱীৰ অন্য যি কোনো ধর্ম লৈ পড়াশুনা কৰিব যাওঁক, আপোনাক সেই ধর্মৰ প্রচাৰকসকলে ক'ব যে স্রষ্টাৰ অস্তিত্ব এটা আবেগীয় কথা; এইটো প্রমান কৰা সম্ভৱ নহয়, এইটো তর্ক-বিতর্কৰ বিষয় নহয়, অথবা সিহঁতে স্রষ্টাৰ এনেকোৱা সকলো বৈশিষ্ট্যৰ কথা ক'ব – যি আপুনি অৱশ্যেই কনফিউজড হৈ পৰিব । স্রষ্টাৰ সংজ্ঞাৰ ক্ষেত্ৰত একমাত্র ইছলাম ধর্মই ব্যতিক্রম। ছূৰা ইখলাছত আল্লাহ্ ছুবহানাহু তা’আলাৰ বৈশিষ্ট্য ইমান সুন্দৰ কৈ বর্ণনা কৰা হৈছে, যে ইয়াৰ পিছত স্রষ্টা সম্পর্কে আৰু কোনো দ্বিধা-দ্বন্দৰ অৱকাশ নাথাকে।

কোৱা – তেখেতেই আল্লাহ্‌, এক ও অদ্বিতীয়। সকলোৱেই তাৰ মুখাপেক্ষী, তেখেত কাৰোৰেই মুখাপেক্ষী নহয়। তেখেত কাকো জন্ম দিয়া নাই আৰু তেখেতকোও জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়। – ছূৰা ইখলাছ (১১২:১-৪)

         মোৰ আগৰ লিখনীত যুক্তি দি আল্লাহৰ অস্তিত্বৰ যি প্রমান দিয়া হৈছে ( islam-assamese.blogspot.in/2015/07/blog-post_52.html ), আল্লাহৰ যি বৈশিষ্ট্যসমূহৰ কথা কোৱা হৈছে সেইদৰে পৃথিৱীৰ আৰু কোনো ধর্মই প্ৰভূৰ সম্পর্কে আপোনাক ইমান যুক্তিসম্পন্ন ও সৰল উত্তৰ দিব নোৱাৰিব। আল্লাহ্ এক, তেখেতৰ লগত কাৰো তুলনা কৰা নাযায়, তেখেত সর্বশক্তিমান, সেয়ে সকলো মাধ্যম এৰি পোন-পোটিয়াকৈ তেখেতৰ উপসনা কৰিব লাগিব – ইয়াতকৈ আৰু সহজ আৰু একোৱেই হ'ব নোৱাৰে? তাওহিদৰ বাণী ইমানেই সৰল ও সহজাত যে কোনো মানুহ – সি শিক্ষিতই হওঁক বা অশিক্ষিতই হওঁক, তৰুণেই হওঁক বা বৃদ্ধই হওঁক – অতি সহজেই এইটো তেঁওৰ হৃদয়ত স্থান লাভ কৰে। 

        আল্লাহে মানুহক এক স্রষ্টাত বিশ্বাসৰ সহজাত প্রবৃত্তি দি পৃথিৱীত পঠিয়েছে (http://www.telegraph.co.uk/news/religion/3512686/Children-are-born-believers-in-God-academic-claims.html )। ইছলামৰ ভাষাত ইয়াক ফিতৰা বোলে। পৃথিৱীৰ ২০তকৈয়ো বেছি দেশত অন্য ধৰ্মৰ পৰা ইছলামে ঘূৰি অহা মানুহসকলৰ মাজত জৰিপ চলাই দেখা গৈছে, সিহতে মুছলিম হোৱাৰ পিছে সকলোতকৈ বেছি যিয়ে সিহঁতক প্রভাৱিত কৰিছে সেইটো হ'ল – আল্লাহ এক (তাওহীদ) [সূত্র: Contemporary Issues – Dr. Bilal Philips]। 

তুমি একনিষ্ঠভাবে নিজক ধর্মত প্রতিষ্ঠিত ৰাখা। তুমি ফিতৰাহ্ ৰ অনুসৰণ কৰা, যাৰ বাবে তেখেতে মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিত কোনো পৰিৱর্তন কৰা নহওঁক। এইটোৱেই সৰল ধর্ম; কিন্তু অধিকাংশ মানুহে সেয়া নাজানে। -ছূৰা ৰুম (৩০:৩০) 

       আল্লাহৰ ইচ্ছাত এক ইছলামক এৰি পৃথিৱীৰ আন সকলো ধর্মতেই God ৰ ধাৰণা কনফিউজিং। হিন্দু ধর্মত ঈশ্বৰৰ ধাৰণা বেচ জটিল। হিন্দুসকলে এক ব্রাক্ষ্মণ-ত বিশ্বাস কৰিলেও তেঁওলোকৰ চাৰিটি ভাগ (saivism, shaktism, vaishnavism, smartism) ৰ ভিন্ন ভিন্ন দেৱতা আছে। এই চাৰি ভাগে ঈশ্বৰক ভিন্ন ভিন্ন নামেৰে মাতে, ভিন্ন ভিন্ন মূর্তি বনায় আৰু সিহঁতৰ ঈশ্বৰ সংক্রান্ত ধাৰণাও ভিন্ন। কিন্তু, সকলো চেক্টেই প্যান্থেইছম-ত বিশ্বাস কৰে। যাৰ অর্থ হৈছে – স্রষ্টা আৰু সৃষ্টিৰ মাজত কোনো পার্থক্য নাই, যি অলপ আমি দেখো তাৰ সকলোই স্রষ্টা আৰু সকলোই সৃষ্টি। এই বিশ্বাসৰ ফলতে হিন্দুসকলে মূর্তি, পাথৰ, গছ, আনকি কোনোবাই কোনোবাই শিশ্ন আৰু যোনিকোও পূজা কৰে ( http://en.wikipedia.org/wiki/Lingam ), বেছিৰভাগ হিন্দুয়ে গোমূত্র আৰু গোবৰক পূজাৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰে। হিন্দু ধর্মৰ ঈশ্বৰ পৃথিৱীত দেৱতা ৰূপে আহি ধর্ষণ, পৰকীয়াসহ এনেকোৱা সকলো কাম কৰে যি কেতিয়াও সৃষ্টিকর্তাৰ কাম হ'ব নোৱাৰে। 

         অন্যদিশে, খ্রীষ্টানসকলে কয় ঈশ্বৰৰ লৰা যীশুক এই পৃথিৱীত পঠিয়াইছিল আৰু মানুহৰ পাপৰ প্রায়শ্চিত্ত হিচাপে ছ্যেক্রিফাইছ পর্যন্ত কৰিছে। কিন্তু মানুহৰ সন্তান যেনেকৈ মাছ হ'ব নোৱাৰে, তেনেকৈ অসীম ক্ষমতাবান ঈশ্বৰৰ সন্তান কিদৰে সসীম মানুহ হ'ব পাৰে সেয়া বোধগম্য নহয়। নিজে ‘ঈশ্বৰ’ হোৱা সত্ত্বেও তেখেত মানুহৰ নিচিনাই খোৱা-বোৱা কৰিছিল, শুইছিল, ঈশ্বৰৰ ওচৰত চিজদাহ কৰিছিল, তেঁওৰ সাহায্য বিছাৰিছিল, আনকি সাধাৰণ মানুহসকলে মিলি এই ‘ঈশ্বৰ’ক হত্যা পর্যন্ত কৰি পেলাইছে! মাত্ৰ সেয়াই নহয়, খ্রীষ্টানসকলৰ ঈশ্বৰ গোটেই মহাবিশ্বৰ পালনকর্তা হ'লেও তেঁওৰ ক্ষমতা ইমানেই সীমিত যে স্বর্গত আদমে তেঁওক ফাঁকি দি লুকায় থাকিব পাৰে! বাইবেলত ইব্রাহিম(আঃ) ক নবী বুলি কোৱা হৈছে, বাইবেলৰ ইব্রাহিম(আঃ) কিন্তু ট্রিনিটি (তিনি ঈশ্বৰৰ ধাৰণা) প্রচাৰ কৰা নাই, তেখেত এক ঈশ্বৰৰ ওচৰতেই মানুহক আত্মসমর্পণ কৰিব কৈছে অর্থাৎ তেখেত ইছলাম ধর্মই প্রচাৰ কৰিছিল। 

        অন্যদিশে ইহুদীসকলে কয় সিঁহতে আল্লাহৰ Chosen People. ইহুদী হৈ জন্মিব লাগে, ইহুদীত ধর্মান্তৰিত হোৱা নাযায়। ইহুদীসকলে কয় ঈশ্বৰ নিষ্ঠুৰ, সিহঁতে ঈশ্বৰক অভিশাপ দিয়াৰ কাৰণ- সিহঁতৰ উপৰত এটাৰ পিছত এটা গজব নামি আহিছিল। আৰু, বৌদ্ধ ধর্মই তো স্রষ্টা সম্পর্কে কোনো স্বচ্ছ ধাৰণাই দিয়া নাই। 

       মুঠ কথা, পৃথিৱীৰ বাকী সকলো ধর্মত সৃষ্টিকর্তাৰ সংজ্ঞাত ইমান কনফিউজিং, কোনো চিন্তাশীল মানুহেই সহজেই বুজিব পাৰিব যে ইছলামক এৰি অন্য কোনো ধর্ম সত্য ধর্ম হ'ব নোৱাৰে।

কিন্তু কি সিঁহতে কোৰআন সম্বন্ধে মন দি চিন্তা নকৰে? নে কি সিহঁতৰ অন্তৰত তলা লাগিছে? – ছূৰা মুহাম্মাদ(ছাঃ) (৪৭:২৪)



ৰেফাৰেন্সঃ
১। Islam: The Religion Of Truth by Abdur Raheem Green (http://youtu.be/bCgj6p3JTLg)
২। Concept of God in Hinduism (http://youtu.be/W9Fezg2Ss5E) – Hindu Students Association
৩। Krishna on Hinduism, Lot in Bible – Dr. Zakir Naik (http://youtu.be/w5ClHfou2uY)
৪। How the Bible led me to Islam – Yusha Evans (http://youtu.be/IYMKQKSV0bY)



Thursday, July 9, 2015

7/09/2015 11:06:00 PM

প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ


(১) “বেলেগৰ কষ্ট দূৰ কৰাৰ বাবে, কষ্ট কৰাৰ মাজত আছে মহত্বৰ প্রকৃত নির্যাস।”
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(২) "মানুহে পৃথিৱীৰ(দুনিয়াৰ) সুখত বসবাস কৰাৰ উপযোগী সাজ সৰঞ্জাম সংগ্রহত ব্যস্ত থাকে৷
কিন্তু
পৃথিৱীৱে সকলো সময়তেই তাক ইয়াৰ পৰা বাহিৰ কৰি দিবৰ বাবে ব্যস্ত থাকে ৷"
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৩) "এদিন কান্দিব, যেতিয়া উপলব্ধি কৰিব জীবন শেষ হৈ আহিল অথচ কোনোও ভাল(নেক) কাম কৰা নহ'ল।”
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৪) "যিয়ে তোমাৰ লগত শত্রুতা কৰে, তাকো ভালপোৱা। যিয়ে তুমাক কষ্ট দিয়ে তাৰ বাবেও দু'আ কৰা।
চকু মেলি চোৱা-সৃষ্টিকর্তাই সূর্যৰ পোহৰ ভাল-বেয়া সকলোৰৰ বাবেই অৱধাৰিত ৰাখিছে। পাপী ও পূণ্যবান সকলোৰৰ বাবেই তেখেতে বৰষুণ বর্ষিত কৰিছে।"
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৫) "যৌৱনৰ ইবাদত বৃদ্ধ বয়সৰ ইবাদত তকৈ বহুত বেছি দামী আৰু বৃদ্ধ বয়সৰ পাপ যৌৱনৰ পাপতকৈ বহুত বেছি জগন্য।"
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৬) ''যিসকলে মুহাম্মাদ(ছাঃ) ক পুজা কৰে সিহঁতে জানি ৰাখক, মুহাম্মাদ(ছাঃ) মৃত্যুবৰণ কৰিছে আৰু যিসকলে আল্লাহৰ ইবাদত কৰে সিহঁতে জানি ৰাখক নিশ্চয়ই আল্লাহ চিৰঞ্জীৱ।''
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৭) "এজন বান্দাৰ বাবে সবতকৈ জঘন্য পাপসমূহৰ এটা হ'ল তাৰ নিজৰ পাপ কাম সমূহক সৰু কৰি দেখা।”
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)
[আল-মুজালাছাহ, পৃ ৩৯৮]


7/09/2015 01:11:00 AM

ঈশ্বৰ বিশ্বাস কি আচলতেই এটা আবেগীয় অনুভতি? ঈশ্বৰৰ অস্তিত্বৰ যুক্তিযুক্ততা আছে নে?

[ Note: এই লিখনীত আল্লাহ / ঈশ্বৰ / সৃষ্টিকৰ্তা / God সমাৰ্থকৰূপে ব্যৱহাৰ কৰা হৈছে ]
প্রশ্ন ১। বিভিন্ন সময়ত নাস্তিকসকলে কওঁতে শুনা যায় যে আল্লাহৰ অস্তিতত্ব বিশ্বাস কৰা অন্ধবিশ্বাস মাথো। ঈশ্বৰ বিশ্বাস কি আচলতেই এটা আবেগীয় অনুভতি? ঈশ্বৰৰ অস্তিত্বৰ যুক্তিযুক্ততা আছে নে?



উত্তৰঃ       নাস্তিকসকলে কয় থাকে সৃষ্টিকর্তাত বিশ্বাস ৰখা এটি অন্ধবিশ্বাস মাাথো। সিহঁতে কয়, যিহেতু আল্লাহক দেখা নাযায়, ধৰিব পৰা নাযায়, শুনিব পৰা নাযায়, যুক্তিৰে প্রমাণ কৰিব পৰা নাযায় – সেয়েহে আল্লাহ বুলিবলৈ একোৱেই নাই। কিন্তু বাস্তৱতে সৃষ্টিকর্তাৰ প্রতি বিশ্বাস আৰু সৃষ্টিকর্তাৰ উপসনা কৰা মানুহৰ জন্মগত স্বভাৱ। আৰু যদিও নাস্তিকসকলে নিজকে যুক্তিবাদী বুলি দাবী কৰে, কিন্তু প্ৰকৃততে সৃষ্টিকর্তাৰ অস্তিত্ব যুক্তিসহকাৰে প্রাচীন কালৰ পৰাই প্রমাণিত হৈ আহিছে।

       বর্তমান আমি যি লজিক বা যুক্তিবিদ্যা পঢ়ো, তাৰ আৱিষ্কাৰক হ'ল প্রাচীন গ্রীকৰ পণ্ডিতসকল। গ্রীক ইতিহাসৰ সবাতোকৈ বিখ্যাত লজিছিয়ান বা যুক্তিবিজ্ঞানী আছিল প্লেটো আৰু তেঁওৰ ছাত্র এৰিস্টোটল, যিসকলে লজিকক formal discipline হিচাপে প্রতিষ্ঠিত কৰি গৈছে। আপুনি জানে নে এই দুজনেই সৃষ্টিকর্তাৰ অস্তিত্ব (সিহঁতৰ ভাষাত ‘unmoved mover’) বিশ্বাস কৰিছিল? এই দু’জনেই যুক্তি দিয়েই সৃষ্টিকর্তাৰ অস্তিত্ব প্রমাণ কৰি গৈছে। ইয়াৰ মাধ্যমে এইখিনি বুজিব পৰা গ'ল, যুক্তিবাদী(?) নাস্তিকসকলে যুক্তিবিদ্যাৰ পিতা / পিতাতুল্যসকলক নিজেই বিশ্বাস নকৰে।

       এবাৰ আহঁক চাই লওঁ প্লেটোৰ যুক্তি কি আছিল। প্লেটো যি যুক্তিটো ব্যৱহাৰ কৰিছিল সেইটো হ'ল, Design Indicates Designer, অর্থাৎ – প্রতিটি নকস্কাৰেই নকস্কাকাৰী আছে। মহাগ্রন্থ কোৰআনত আল্লাহ ছুবহানাহু ওয়া তা’আলাই এই একেই যুক্তিৰেই বাৰে বাৰে অবিশ্বাসীসকলৰ ওচৰত স্রষ্টাৰ অস্তিত্ব প্রমাণ কৰিছে (যেনেকৈঃ ছূৰা আন’আম ৬:৯৯, ছূৰা ৰুম ৩০:২০-২৭)। উদাহৰণ দি বুজোৱা যাওঁক, আপুনি যদি সমুদ্র পাৰত এটা বালিৰ ঘৰ দেখে, আপুনি কি চিন্তা কৰিব? – বাহঃ কি সুন্দৰ এটা ঢৌ আহিছিল যিটোয়ে এটা বালিৰ ঘৰ তৈয়াৰী কৰি গুচি গ'ল? নে এইটো চিন্তা কৰিব যে নিশ্চয়ই ইয়াত কোনোবা মানুহ আহি এইটো বনাইছিল? কাক আপুনি যুক্তিবাদী ভাবে? এইটো সম্পূর্ণই অযৌক্তিক হ'ব যদি কোনোবাই কয়, যে সেই বালিৰ ঘৰ ভাগ্যক্রমে বা হাজাৰ হাজাৰ ঢৌৰ মিশ্রণত হৈছে। বৰঞ্চ সাধাৰণ বিচাৰ-বুদ্ধি সম্পন্ন যিকোনো মানুহে ক'ব যে সেই বালিৰ ঘৰটো নিশ্চয়ই কোনোবা নহয় কোনোবাই তৈয়াৰী কৰিছে। কাৰণ, প্রতিটো সৃষ্টিৰ পিছফালেই এজন স্রষ্টা থাকে। ঠিক একেইভাবে, এই মহাবিশ্ব আৰু ইয়াৰ ভিতৰৰ সকলো বস্তুৰ অৱশ্যেই এজন স্রষ্টা আছে বা থাকিবই।

      এটা কলম নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, ফেচবুক নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, আইফেল টাওয়াৰৰ পৰা আৰম্ভ কৰি মনালিচা কোনো একোৱেই নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, তেতিয়াহ'লে ইমান নিয়মতান্ত্রিক, নিঁখুত মহাবিশ্ব ও মানৱজাতি কেনেকৈ নিজে নিজে তৈয়াৰী হ'ব পাৰে? এটা অণুৰ ভিতৰত চাওঁক আপুনি ডিজাইন দেখিবলৈ পাব, মহাকাশৰ ফালে চাওঁক আপুনি ডিজাইন দেখিবলৈ পাব। সূর্য যদি পৃথিৱীৰ আৰু ওচৰত থাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱী বহুত বেছি গৰম হৈ গ'ল হয়, পৃথিৱীৰ পৰা সূর্য অধিক দূৰত থাকিলে পৃথিৱী ঠাণ্ডা হৈ বসবাসৰ অনুপযুক্ত হৈ গ'ল হয়, সূর্য পৃথিৱীৰ পৰা ঠিক সিমানখিনি দূৰত্তত আছে যিমানখিনি দূৰত থাকিলে পৃথিৱীটো প্রাণী জীয়াই থকাৰ উপযুক্ত হ'ব, সৃষ্টিজগতৰ এই নিঁখুত স্থাপত্যই এইটো প্রমাণ কৰে যে এই সৃষ্টি জগত নিজে নিজেই সৃষ্টি হ'ব নোৱাৰে, নিশ্চয় ইয়াৰ পিছফালে এজন প্রবল পৰাক্রমশালী, অসীম ক্ষমতাধৰ, প্রজ্ঞাময় স্রষ্টা আছে। আল্লাহ্ ছুবহানাহু ওয়া তা’আলায়ে কোৰআন মজিদত প্রশ্ন কৰিছেঃ
সিহঁতে কি স্রষ্টাহীন সৃষ্টি? নে সিহঁতে নিজেই নিজক সৃষ্টি কৰিছে? নে সিহঁতে আকাশ ও পৃথিৱী সৃষ্টি কৰিছে? বৰঞ্চ সিহঁত নিশ্চিত বিশ্বাস নাৰাখে। – ছূৰা তুৰ (৫২:৩৫-৩৬)
       প্রত্যেকটো মানুহেই এক আল্লাহৰ অস্তিত্বৰ স্বাভাৱিক অনুভূতি লৈ জন্ম লয়, জন্মৰ পৰাই মানুহে জানে যে আল্লাহ এক আৰু আল্লাহে বিচাৰে আমি তেখেতক ইবাদত কৰো – ইছলামৰ ভাষাত এই অনুভূতিক ‘ফিতৰাহ’ বুলে।

কি?, ‘ফিতৰাহ’ৰ ব্যাপাৰটো বিশ্বাস হোৱা নাই ন? বৈজ্ঞানিক প্রমান লাগিব? তেতিয়াহ'লে শুনক। University of Oxford ৰ Centre for Anthropology and Mind বিভাগৰ চিনিয়ৰ ৰিছার্চাৰ Dr. Justin Berrett য়ে দীর্ঘ ১০ বছৰ শিশুসকলৰ উপৰত বৈজ্ঞানিক গবেষনা কৰি কৈছেঃ  (http://www.telegraph.co.uk/news/religion/3512686/Children-are-born-believers-in-God-academic-claims.html)

    “Young people have a predisposition to believe in a supreme being because they assume that everything in the world was created with a purpose.”
    “If we threw a handful (of babies) on an island and they raised themselves I think they would believe in God.”





প্রশ্ন ২। আচ্ছা বুজিলো এই সৃষ্টিজগত এজন স্রষ্টায়ে তৈয়াৰী কৰিছে, কিন্তু তেতিয়াহ'লে সেই স্রষ্টাৰ স্রষ্টা কোন?

উত্তৰঃ স্রষ্টাক কোনোবাই সৃষ্টি কৰিব পাৰে নে নাই– আহঁক এই বিষয়ে বিশ্লেষণ কৰো ।
উদাহৰণ-১
          এই ছবিখন কোনে আঁকিছে? ইয়াৰ উত্তৰত এজন চিত্রশিল্পীৰ অস্তিত্ব থকা আৱশ্যক, কিন্তু “চিত্রশিল্পীক কোনে আঁকিছে?” এই প্রশ্নটো অবান্তৰ কিয়নো চিত্রশিল্পীৰ ক্ষেত্রত “আঁকা” নামক ক্রিয়াটো প্রযোজ্য নহয় ৷ সেয়ে চিত্রশিল্পীৰ অংকিত হোৱাৰ প্রয়োজন নাই, অন্য কথাত “অংকিত নহয়”, এনেকোৱা এজন অংকনকাৰী থকা সম্ভৱ৷ একেইভাবে “সৃষ্ট নহয়" এনেকোৱা এজন স্রষ্টা থকা সম্ভৱ, সেয়ে বার্ট্রান্ড ৰাছেলৰ “হু ক্রিয়েটেড গড মাম?” এই প্রশ্ন কৰা অযৌক্তিক, অবান্তৰ, মুর্খামী (বোকামী) । 
আৰু এটা উদাহৰণ দিয়া যাওঁক-

উদাহৰণ-২
             কেতিয়াবা ডমিনোৰ খেলা দেখিছে? ডমিনোবোৰক এটাৰ পিছত এটা সজাই বাহিৰৰ পৰা ধাক্কা দিয়া হয় আৰু তাৰ effect আৰম্ভ হয়, এটাৰ পিছত এটাকৈ ডমিনো পৰি থাকে। সৃষ্টিৰ ক্ষেত্ৰতোও একেই কথা । এটা সৃষ্টিয়ে আনএটা সৃষ্টিৰ কাৰক়। এতিয়া, মই যদি আপোনাক কওঁ, কোনো বতাহ নাছিল, কোনেও ধাক্কাই দিয়া নাই, বহুতকেইটা ডমিনো সজাৱা আছিল আৰু কোনো বাহ্যিক বল অবিহনে এনেই এনেই ডমিনো এটাৰ উপৰত আৰুএটা পৰিবলৈ আৰম্ভ কৰিলে, আপুনি কি বিশ্বাস কৰিব? নকৰিব (নিউটনৰ ১ম সূত্র) । আৰু যিয়ে এই বাহ্যিক বল প্রয়োগ কৰিব সি অৱশ্যই ডমিনো হ'ব নোৱাৰে। কাৰণ সি ডমিনো হ'লে, অর্থাৎ সি process of creation ৰ অন্তর্ভুক্ত হ'লে তাক push কৰাৰ বাবে, অন্য কৰবাত তাক সৃষ্টি কৰাৰ বাবে অন্য কাৰোবাক লাগিব। অর্থাৎ, এই বাহ্যিক বল প্রয়োগকাৰী স্রষ্টাক সৃষ্টিৰ পৰা ভিন্ন প্রকৃতিৰ হ'ব লাগিব। সৃষ্টি যদি সসীম হয়, স্রষ্টা হ'ব অসীম; সৃষ্টি যদি অন্য সৃষ্টিৰ প্রয়োজন অনুভৱ কৰে, স্রষ্টা হ'ব চাহিদাৰ উর্দ্ধত; সৃষ্টি যদি ভুল প্রবণ হয়, স্রষ্টা হ'ব ভুলৰ উর্দ্ধত; সৃষ্টি যদি ক্ষণস্থায়ী হয়, স্রষ্টা হ'ব চিৰস্থায়ী। আৰু এই স্রষ্টা যিহেতু অসীম ক্ষমতাশীল, অনাদি, অনন্ত, সেয়েই এই নিচিনা স্রষ্টা মাত্র এজনেই থাকিব। কাৰণ, একাধিক অসীম ক্ষমতাশীল, অনাদি, অনন্ত স্রষ্টাৰ সহাৱস্থান অসম্ভৱ।
কওঁক তেখেতেই আল্লাহ্, এক ও অদ্বিতীয়। সকলোৱেই তেখেতৰ মুখাপেক্ষী, তেখেত কাৰোৰ মুখাপেক্ষী নহয়। তেখেতে কাকো জন্ম দিয়া নাই আৰু তেখেতকো জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়।
– ছূৰা ইখলাছ (১১২:১-৪)
         বাস্তৱতে, মহাবিশ্বৰ অস্তিত্বই প্রমাণ কৰে যে স্রষ্টাক কোনেও সৃষ্টি কৰা নাই। কাৰণ, মহাবিশ্বক যি স্রষ্টায়ে সৃষ্টি কৰিছে সেই স্রষ্টাক সৃষ্টি কৰিবলৈ যদি স্রষ্টা লাগে তেনেহলে আকৌ তাক সৃষ্টি কৰিবলৈ স্রষ্টা লাগিব, আকৌ সেই স্রষ্টাক সৃষ্টি কৰিবলৈ আন এজন স্রষ্টা লাগিব.. –আৰু এই প্রক্রিয়া চলিয়েই থাকিব আৰু যদি এয়াই সত্য তেতিয়াহ'লে কোনোদিনেই মহাবিশ্বৰ সৃষ্টি নহলেহেঁঁতেন। এই সুত্ৰৰ একমাত্র সমাধান হলঃ স্রষ্টাক কোনেও সৃষ্টি কৰা নাই, আৰু তেখেত সকলো সময়তেই আছিল। এই কথাই মহাগ্রন্থ কোৰআনত উল্লেখ আছে:
আল্লাহ্ – তেখেত অবিহনে আৰু কোনো উপাস্য নাই। তেখেত চিৰঞ্জীৱ, অনাদি। তেখেতক তন্দ্রা বা নিদ্রাই স্পর্শ নকৰে। আকাশ ও পৃথিৱীত যি আছে সকলোবোৰ তেখেতৰ। কোন আছে যে তেখেতৰ অনুমতি অবিহনে তেখেতৰ দৰবাৰত ওকালতি কৰিব? সিহঁতৰ (মানুহৰ) সন্মুখত ও পিছফালে যি-কিছু আছে তেখেতে জানে। তেখেতৰ অবিহনে তেখেতৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে, অৱশ্যে কোনো বিষয়ে তেখেতে নিজেই যদি কাৰোবাক জনাব বিচাৰে(সেয়া সুকিয়া কথা)। আকাশ ও পৃথিৱীব্যাপী তেখেতৰ শাসনৰ নিয়ন্ত্ৰাধীন, আৰু ৰক্ষণাবেক্ষণত তেখেত ক্লান্ত নহয়। তেখেত অত্যুচ্চ মহামহিম।
- ছূৰা বাক্বাৰাহ্ (২:২৫৫ – আয়াতুল কুৰছী)

উদাহৰণ-৩ 
সৃষ্টিকৰ্তাক কোনে সৃষ্টি কৰিছে? এই প্রশ্নৰ উত্তৰটো সাধাৰণতে অন্যএটা প্রশ্নৰ মাধ্যমেৰে দিব পৰা যায়। এনেকৈ যে, মোৰ বন্ধু "জন", সন্তান জন্ম দিয়াৰ বাবে হস্পিতালত ভর্তি হৈছে, হস্পিতালত এটি সন্তান জন্ম দিলে; আপুনি ক'ব পাৰিবনে সন্তানটো লৰা নে ছোৱালী?
?
?আপুনি কি ভাবিছে? সম্ভাৱনা ৫০% লৰাৰ ক্ষেত্ৰতো আছে একেদৰে ৫০% ছোৱালীৰ ক্ষেত্ৰতো আছে। আচলতে ইয়াত ঘটনাটো হ'ল- "জন" এজন পুৰুষ, তেওঁ কেনেকৈ সন্তান জন্ম দিব! যিহেতু তেওঁ পুৰুষ সেয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰে। সেয়ে এই প্রশ্ন কৰা ঠিক নহ'ব যে তেওঁৰ বাচ্চাটো লৰা নে ছোৱালী, এই প্রশ্নটো কৰাই উচিত নহ'ব!

কিন্তু কোনোবাই যদি প্রশ্ন কৰে আল্লাহক কোনে সৃষ্টি কৰিছে তেতিয়াহ'লে আমি কম, আল্লাহ তায়ালাৰ সংজ্ঞা হ'ল- আল্লাহক কোনেও সৃষ্টি কৰা নাই। তেখেত কাৰোৰ সন্তান নহয়, তেখেতক কোনেও জন্ম দিয়া নাই। যদি কোনো ইশ্বৰ সৃষ্টি হৈ থাকে তেতিয়াহ'লে সি প্রকৃত ইশ্বৰ নহয়। ইয়াৰ বাবেই আমি কওঁ যে ‘লা ইলাহা ইল্লাল্লাহ’। তেখেতৰ বাহিৰে কোনো ইলাহ নাই, তেখেত এক ও অদ্বিতীয়, তেখেত সৃষ্টি হোৱা নাই, তেখেতক কোনেও সৃষ্টিও কৰা নাই, তেখেতৰ আৰম্ভনীও নাই, শেষো নাই। তেখেতে সকলো বস্তুয়েই সৃষ্টি কৰিছে, সকলো বস্তুয়েই তেখেতৰ ওপৰত নির্ভৰ কৰে, তেখেত কাৰোৰ ওপৰত নির্ভৰ নকৰে। 


প্রশ্ন ৩। মোৰ মতে মহাবিশ্ব নিজেই স্রষ্টা। ইয়াত কোনো সমস্যা আছে?

উত্তৰঃ আপুনি নিশ্চয়ই বিগ ব্যাং থিউৰীত বিশ্বাস কৰে। বিগ ব্যাং থিউৰীৰ মতে এই মহাবিশ্বৰ এটা আৰম্ভনী আছে। পৃথিৱীৰ অন্যতম ডাঙৰ পদার্থবিজ্ঞানী স্টিফেন হকিং নিজেও তাৰ ওয়েবচাইটত এই সম্পর্কে লিখেছেঃ (http://www.hawking.org.uk/the-beginning-of-time.html)

    The conclusion of this lecture is that the universe has not existed forever. Rather, the universe, and time itself, had a beginning in the Big Bang, about 15 billion years ago. – The Beginning of Time, Stephen Hawking

যাৰ আৰম্ভনীৰ পৰা তাৰ সৃষ্টি হোৱাৰোও এটা কাল থাকে, আৰু যি সৃষ্টি হয় - তাৰ অৱশ্যেই এজন স্রষ্টা থাকে। সেয়েই মহাবিশ্ব নিজে কেতিয়াও স্রষ্টা হ'ব নোৱাৰে। মহাবিশ্বক সৃষ্টি কৰাৰ বাবে এজন অনন্ত-অসীম, পৰম ক্ষমতাশীল স্রষ্টা লাগিব – আৰু সেই পৰম ক্ষমতাশীল স্রষ্টাই হ'ল- আল্লাহ্ ছুবহানাহু ওয়া তা’আলা।
অবিশ্বাসীসকলে কি ভাবি নাচায় যে, আকাশ ও পৃথিৱী ওতপ্রোতভাৱে লগ হৈ আছিল? তাৰপিছত মই উভয়ক পৃথক কৰি দিলো আৰু প্রাণবান সকলোকিছু পানীৰ পৰা সৃষ্টি কৰিলো। তথাপিও কি সিহঁতে বিশ্বাস নকৰিব?
– ছূৰা আম্বিয়া (২১:৩০)



References:
1. Does God exist? – Abdur Raheem Green(https://www.youtube.com/watch?v=0aCbrGqhoBc)  
2. Who is your Lord? – Dr. Bilal Philips(http://youtu.be/ww9ORhhrGyA)  
3. Fundamentals of Faith – Dr. Yasir Qadhi(http://www.youtube.com/watch?v=Pz1IrqgDhjI&feature=share&list=SPC30F4AE16515F031)


Wednesday, July 1, 2015

7/01/2015 05:11:00 PM

‼ ইছলাম তৰোৱালৰ মাধ্যমেৰে প্রসাৰিত হৈছে ? ‼

প্রশ্নঃ ইছলামক কেনেকৈ শান্তিৰ ধর্ম ক'ব পাৰা যাব যি প্রচাৰ ও প্রসাৰ হৈছে তৰোৱালৰ মাধ্যমেৰে?

উত্তৰঃ


কিছুসংখ্যক অমুছলিমৰ এইটো এটা সাধাৰণ অভিযোগ যে, গোটেই বিশ্বত ইছলামে ইমান কৌটি কৌটি অনুগামী পাব নোৱাৰিলেহেঁতেন, যদি সেইয়া- শক্তি প্রয়োগত বা তৰোৱালৰ দ্বাৰা প্রসাৰিত নহলেহেঁতেন। নিম্ন বর্ণিত বিষয়সমূহে পৰিষ্কাৰ কৰি দিব যে ইছলাম তৰোৱালৰ মাধ্যমে প্রচাৰ হোৱা অভিযোগটো মিছাঁ অভিযোগ। এইটো আছিল সত্য সহজাত শক্তি, সঙ্গত কাৰণ ও মানৱ প্রকৃতি সম্মত যৌক্তিকতা যি বহন কৰিছে এক দ্রুত ইছলামৰ প্রচাৰ ও প্রসাৰৰ বাহন হিচাপে।


ক. ইছলাম মানে শান্তিঃ

ইছলাম আহিছে মূল শব্দ ‘ছালাম’ৰ পৰা। যাৰ অর্থ শান্তি। ইয়াৰ আৰু এটা অর্থ হ'ল নিজৰ সম্পূর্ণ ইচ্ছা-শক্তিক আল্লাহৰ প্রতি সমর্পিত কৰা। এনেকৈ ইছলাম এটি শান্তিৰ ধর্ম, যি অর্জন কৰা যায় সৃষ্টিকর্তা বিধাতা প্রতিপালক আল্লাহ তা’আলাৰ ইচ্ছাৰ ওচৰত নিজৰ ইচ্ছাক আন্তৰিক নিষ্ঠাৰ লগত সমর্পিত কৰি দিলে।


খ. শান্তি বজায় ৰাখিবলৈ কেতিয়াবা কেতিয়াবা শক্তি প্রয়োগ কৰিব লগা হয়ঃ

পৃথিৱীৰ প্রতিজন মানুহ শান্তি-শৃঙ্খলা বজায় ৰখাৰ অনুকুলত নহয়। আনকি অসংখ্য মানুহ আছে যিসঁকলে সিহঁতৰ নিজৰ হীন স্বার্থ চৰিতার্থ কৰাৰ বাবে ইয়াৰ বিঘ্ন ঘটায়। এইবিলাক ক্ষেত্রত শান্তি-শৃঙ্খলা বজায় ৰাখিবৰ বাবে শক্তি ব্যৱহাৰ অপৰিহার্য হৈ পৰে। পৃথিৱীৰ প্রতিটো সভ্য দেশত অপৰাধী ও সমাজ বিৰোধদক দমন কৰাৰ বাবে সুনর্দিষ্ট আইন-শৃঙ্খলা ৰক্ষাকাৰী সুসজ্জিত বাহিনী আছে। যিসকলক আমি ‘পুলিচ’ বুলো। ইছলাম শান্তিৰ প্রৱর্তক, একেই লগে লগে তাৰ অনুগামীসকলক উদ্বুদ্ধ কৰে অত্যাচাৰ ও নিপীড়নৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ। অত্যাচাৰীসকলৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ কোনো কোনো সময়ত শক্তিৰ প্রয়োগ অপৰিহার্য হৈ ওঠে। ইছলাম কেৱল মাত্র মানুহৰ সমাজত শান্তি শৃঙ্খলা ৰক্ষা আৰু ভাৰসাম্যপূর্ণ ন্যায়বিচাৰ প্রতিষ্ঠাৰ বাবেই শক্তি প্রয়োগৰ অনুমতি দিয়ে।


গ. ঐতিহাসিক "ডি ল্যাচি ওলেৰী"ৰ মন্তব্যঃ

বিশ্ববৰণ্য ঐতিহাসিক ডি ল্যাচি ওলেৰী’ৰ লিখিত “ইছলাম আট দা ক্রছ ৰোড” গ্রন্থৰ অষ্টম পৃষ্ঠাত তেখেতে মন্তব্য কৰিছে-
“তৰোৱালৰ দ্বাৰা যে ইছলাম প্রসাৰিত হৈছে” এই ভ্রান্ত ধাৰণাত যিসকল নিমজ্জিত-সিহঁতৰ বাবে অৱশেষত ইতিহাসেই এই কথা অত্যন্ত স্পষ্টভাবে প্রমাণ কৰিলে যে, ধর্মান্ধ মুছলমানসকলৰ কাহিনী হ'ল পৃথিবীৰ এক প্রান্ত লৈকে সিহঁতে সাৰিব(চাফা কৰিব) ধৰিছে আৰু বিজিত জাতিসমূহক তৰোৱালৰ অগ্রভাগত ৰাখি ইছলাম গ্রহণত বাধ্য কৰাইছে- ''এই কথাটো এটি কল্পনা প্রসূত, উদ্ভট ও অবাস্তৱ কাহিনী- যি ঐতিহাসিকসকলে খুবেই বেছি পুনৰাবৃত্তি কৰিছে”।


ঘ. মুছলমানসকলে আঠ'শ বছৰ স্পেন শাসন কৰিছেঃ

প্রায় আঠ’শ বছৰ স্পেন শাসন কৰিছে মুছলমানসকলে। য'ত মানুহক ‘তৰোৱালৰ শক্তি প্রয়োগ কৰি ধর্মান্তৰিত কৰিছে’ -এনে কথা চৰম শত্রুও ক'বলৈ লাজ পাব। আৰু খ্রীষ্টান ক্রুছেডাৰসকলে স্পেনত আহি সেই মুছলমানসকলকেই নিশ্চিহ্ন কৰি দিছে। অৱশেষত এনেকুৱা এজন মুছলমান স্পেইনত নাছিল যিয়ে তাৰ নামাজৰ বাবে প্রকাশ্য আযান দিব পাৰিছিল।


ঙ. ১৪ মিলিয়ন আৰব মিচনেৰী খ্রীষ্টানঃ

সমগ্র আৰব ভুখন্ডত এক হাজাৰ চাৰিশ(১৪০০) বছৰ মুছলমান সকলেই আছিল মালিক, মনিক, শাসক। ইয়াৰ মাজত সামান্য কিছু বছৰ ব্রিটিচ আৰু কিছু বছৰ ফৰাছীসকলে দখল দায়িত্ব কৰিছিল। সর্বোপৰি মুছলমান সকলে যদি তৰোৱালৰ ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়াহ'লে এজন খ্রীষ্টানও কি তাত এতিয়া বিচাৰি পোৱাৰ কথা ?


চ. ভাৰতত ৮০%তকৈও বেছি অমুছলিমঃ(Census-2001­ৰ মতে)

মুছলমান সকলে ভাৰত শাসন কৰিছে প্রায় আঠশ বছৰ। যদি সিহঁতে বিচাৰিলেহেঁতেন তেতিয়াহ'লে সিহঁতৰ সেই ৰাজ-শক্তি ও ক্ষমতাৰ বল প্রয়োগ কৰি ভাৰতৰ প্রতিজন অমুছলিমক ধর্মান্তৰিত কৰি ল'ব পাৰিলাহেঁতেন। অথচ শতকৰা প্রায় আশি ভাগ অমুছলিম আজিও ভাৰততেই আছে। সিহঁতৰ প্রতিজন অমুছলিম আজি সুস্পষ্ট সাক্ষী বহন কৰি আছে যে, “ইছলাম তৰোৱালৰ সাহায্যত প্রসাৰিত হোৱা নাই।”


ছ. ইন্দোনেচিয়া ও মালয়েচিয়াঃ

ইন্দোনেচিয়া এটা দেশ, পৃথিবীর সর্বোচ্চ-সংখ্যক মুছলমান য'ত বাস কৰি আছে। মালয়েচিয়াত জনসংখ্যাৰ অধিকাংশ মুছলমান। কোনাবা এজনে প্রশ্ন কৰিব পাৰে, কোন মুছলিম সেনাবাহিনী ইন্দোনেচিয়া ও মালয়েচিয়াত গৈছিল?


জ. আফ্রিকাৰ পূর্বপ্রান্তঃ

একেই ভাবে ইছলাম অত্যন্ত দ্রুততাৰ লগত আফ্রিকাৰ পূর্বতীত বিকাশ লাভ কৰে। কোনোবা এজনে আকৌ প্রশ্ন কৰিব পাৰে, ইছলাম যদি তৰোৱালৰ অগ্রভাগ দিয়েই প্রসাৰিত হৈ থাকে তেতিয়াহ'লে আফ্রিকাৰ পূর্বতীত কোন মুছলিম বাহিনীয়ে তৰোৱাল লৈ গৈছিল?


ঝ. 'থমাচ কাৰলাইল' বিশ্ববৰেণ্য ঐতিহাসিকঃ

'থমাচ কাৰলাই'লে তাৰ ৰচনা ‘হিৰোয এন্ড হিৰো ওৰশ্বিপ’ গ্রন্থত ইছলামৰ বিকশিত হোৱা লৈ ভ্রান্ত ধাৰণা, সেই প্রসঙ্গত কোৱা হৈছে-
“তৰোৱাল, কিন্তু ক'ত পাবা তুমি তোমাৰ তৰোৱাল? প্রত্যকটো নতুন ‘মত’ তাৰ আৰম্ভনীতে সুস্পষ্ট ভাৱে নির্দিষ্ট হয়-এজনৰ সংখ্যালঘুত্বত। মাত্র এজন মানুহৰ মূৰত। তাতেই সি থাকে। গোটেই পৃথিৱীৰ এজন মাত্র মানুহ সেইটো বিশ্বাস কৰে, অর্থাৎ সকলো মানুহৰ বিপক্ষে মাত্র এজন মানুহ। এখন তৰোৱাল সি নিলে আৰু সেইটো দি (তাৰ চিন্তা) প্রচাৰ কৰিবলৈ চেষ্টা কৰিলে। তাত তাৰ কোনো কাম হ'ব কি? তোমাৰ তৰোৱাল তুমিয়েই খুঁজি ল'ব লাগিব! মুঠতে কথা- এটা বস্তু নিজে নিজেই প্রচাৰিত হ'ব যেনেকৈ তাৰ ক্ষমতা আছে।”


ঞ. ধর্মলৈ কোনো জবৰদস্তী নাইঃ

কোন তৰোৱাল লৈ ইছলাম বিকশিত হৈছে? আনকি সেই তৰোৱাল যদি মুছলমান সকলৰ হাতত থাকিলেওহয় তেতিয়াহঁলেও সিহঁতে সেইটো ইছলাম প্রচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলে হয় কাৰণ সিহঁতৰ হৃদয় স্পন্দন আল কুৰআনে কৈছেঃ
ধর্ম লৈ কোনো জবৰদস্তি নাই। সকলো ভ্রান্তি-বিভ্রান্তি ও ভ্রষ্টতাৰ পৰা সৰল-শুদ্ধ সত্য-পথ স্পষ্ট কৰি দিয়া আছে।(২ঃ২৫৬)


ট. জ্ঞান ও প্রজ্ঞাৰ তৰোৱালঃ

সেইটো আছিল চেতনা ও জ্ঞানৰ তৰোৱাল, যি তৰোৱালে মানুহৰ হৃদয় ও মন অন্তৰক জয় কৰিছে। জ্যোতীর্ময় কুৰআনৰ ছূৰা নাহলত কোৱা হৈছেঃ
আহ্বান কৰা সকলোকে তোমাৰ বিধাতা প্রতিপালকৰ পথত-পান্ডিত্যপূর্ণ সুন্দৰতম বাগ্মীতাৰ লগত। আৰু যুক্তি প্রমাণ দি আলোচনা কৰোতাসকলৰ লগত এনেকৈ, যি সর্বোত্তম(আৰু সেই আহ্বান হ'ব লাগিব এনেকোৱা হৃদ্যতাপূর্ণ যাতে কোনো পাষাণহৃদয়ৰ ওচৰতো সেইটো গ্রহণযোগ্য হয়)। (১৬:১২৫)


ঠ. ১৯৩৪ চনৰ পৰা ১৯৮৪ লৈ পৃথিৱীত ধর্ম বর্ধিষ্ণুতাঃ

১৯৮৬ চনৰ ৰীডাৰ্চ ডাইজেস্টেৰ ‘এলমানাক’ সংখ্যাৰ এটি তথ্য সমৃদ্ধ প্রবন্ধত- পূর্বৰ অর্ধ শতাব্দীত প্রধান প্রধান ধর্মসমূহৰ বর্ধিষ্ণুতাৰ হাৰ সম্পর্কে এটি পৰিসংখ্যা দিয়া হৈছে। প্রবন্ধটো “প্লেইন ট্রুথ” মাগ্যাজিনটো প্রকাশিত হয়। সর্বোচ্চ পর্যায়ত আছে ইছলাম- যি বাঢিছে ২৩৫% হাৰত। ইয়াত এজনে প্রশ্ন কৰিব পাৰে, কোন যুদ্ধ অৱস্থান লৈছিল এই শতাব্দীত যি কোটি কোটি মানুহক ধর্মান্তৰীত কৰি মুছলমান বনাইছিল?


ঢ. আমেৰিকা ও ইউৰোপত ‘ইছলাম’ দ্রুততম বর্ধিষ্ণু ধর্মঃ

আজিৰ দিনত আমেৰিকাত দ্রুততম বর্ধিষ্ণু ধর্ম ‘ইছলাম’। মুছলমানৰ সংখ্যা দ্রুত গতিত বাঢ়িয়েই আছে ইউৰোপতো। শক্তি ও বিকশিত সভ্যতাৰ অহংকাৰত দীঘল দি থকা পাশ্চাত্য সভ্যতাৰ এই সকলো সু-সভ্য মানুহক ইমান বিৰাট সংখ্যাত ইছলাম গ্রহণ কৰাবলৈ কোনে তৰোৱালেৰে বাধ্য কৰাইছে?


ড. ডক্টৰ জোচেফ এডাম পিয়াৰচনঃ

ডক্টৰ জোচেফ এডাম পিয়াৰচন যথার্থই কৈছে, যিসকলে আশঙ্কা কৰিছে আনবিক বোমা কোনো এদিন আৰবসকলৰ হাতত আহি পৰিব। সিহঁতে উপলদ্ধি কৰিবলৈ ব্যর্থ হৈছে যে, ইছলামী বোমা ইতিমধ্যেই পেলাই দিয়া হৈছে, এইটো পৰিছে সেইদিনা যিদিনা মুহাম্মদ(ছাঃ) জন্ম লৈছে।



7/01/2015 04:41:00 PM

মুছলিম সকলে কেনেকৈ ক্ষমতাত যাব?

মুছলিম সকলে কেনেকৈ ক্ষমতাত যাব প্রশ্ন নকৰি, আচলতে প্রশ্ন কৰা উচিত বর্তমানৰ মুছলিম সকল কি ক্ষমতা (=আল্লাহৰ সাহায্য) পোৱাৰ যোগ্য? 


 =>    চিৰিয়াত মুছলিম সকলক গণহত্যা কৰা হৈছে, ফিলিস্তিনত বিগত প্রায় ৬৭ বছৰ ধৰিয়েই চলি আছে মুছলিম সকলৰ উপৰত নির্যাতন, ইৰাক, আফগানিস্তান, চোমালিয়া, চেচনিয়া, বচনিয়া, মালি, আফ্রিকান বিভিন্ন দেশত, ভাৰতসহ প্রায় সকলো দেশতেই মুছলিম সকল আজি নির্যাতিত। ইয়াৰ বাহিৰেও মুছলিম সকল আজি আল্লাহৰ অবাধ্য, দ্বীনৰ পৰা বাহিৰহৈ, বহুতে
         কাফেৰ-মুশ্বৰিক সকলৰ লগত মিহলি হৈ গৈ আছে। আপুনি দেখি ধৰিবই নোৱাৰিব কোন গণেশ কার্তিক আৰু কোন হাছান, কোন হুছাইন! কোন স্বৰস্বতী কোন আয়িশ্বাহ, ফাতেমা। নামধাৰী মুছলিম সকলে অমুছলিম সকলৰ নিচিনাকৈ কপালত সিন্দুৰ, তিল চিহ্ন দিয়ে, ধুতি পিন্ধে, মুর্তি-নিষিদ্ধ চবি আঁকে,মদ-চুৰি-ডকাইতত জৰিত, শ্বহীদ মিনাৰ স্মৃতি স্তম্ভ বনাই মুশ্বৰিক সকলৰ নিচিনাকৈ ইটা পাথৰৰ পূজা কৰে, অলি আওলিয়া নাম দি মাযাৰ বনাই পীৰৰ পূজা কৰে। এইসমূহক দেবতাৰ নিচিনাকৈ উপসনা কৰে…

           এনেকোৱা আল্লাহদ্রোহীতাৰ কাৰণে মুছলিম সকলক আল্লাহে বিভিন্ন ভাবে শাস্তি দি আছে। বাংলাদেশৰ ছাভাৰত এটা মাত্র বিন্ডিং ধসি প্রায় ১৫০০ মানুহ মৃত্যুমুখত পৰে, সৌসিদিনা আফগানিস্থানত পাহাৰ ধসি অলপ সময়ৰ ভিতৰতেই গোটেই গাৱৰ ২৫০০ তকৈ বেছি মানুহ নিহত হ'ল – এইবিলাক আল্লাহৰ গজব– কাৰণ মুছলিম সকলৰ মাজত শ্বিৰক,বেদাত, হাৰাম, ফাচেকী সোমাই গৈছে। এনেকৈৱেই আজাব দি মুছলিম সকলক দ্বীনত ঘুৰাই অনাৰ ব্যবস্থা কৰে আল্লাহ তাআ’লাই।

মহান আল্লাহ তাআ’লাই কয়ঃ
“আল্লাহে কোনো জাতিৰ অবস্থা পৰিবর্তন নকৰে, যেতিয়ালৈকে  সিহঁতে সিহঁতৰ নিজৰ অবস্থা পৰিবর্তন নকৰে।”

(ছুৰা ৰা’দঃ আয়াত ১১)

আল্লাহ তাআ’লাই আৰু কয়ঃ
“তোমালোকৰ ভিতৰত যিসকলে ঈমান আনে(বিশ্বাস স্থাপন কৰে) ও ভাল কাম কৰে, আল্লাহে সিহঁতৰ লগত প্রতিচ্যুতি কৰিছে যে, সিহঁতক অবশ্যই পৃথিবীত শাসন কর্তৃত্ব দান কৰিব। যেনেকৈ তেখেতে শাসন কতৃত্ব দান কৰিছিল সিহঁতৰ পূর্বত যিসকলে ঈমানদাৰ(বিশ্বাসী) আছিল সিহঁতক আৰু তেখেতে অবশ্যই সুদৃঢ় কৰিব সিহঁতৰ ধর্মক, যি তেখেতে সিহঁতৰ বাবে পছন্দ কৰিছে আৰু সিহঁতৰ ভয়-ভীতিৰ পৰিবর্তে অবশ্যই সিহঁতক শান্তি দান কৰিব। সিহঁতে অকলমাত্র মোৰেই ইবাদত কৰিব আৰু মোৰ লগত কাকোও শ্বৰিক(সমতুল্য,তুলনা) নকৰিব।”
(আল্ কোৰআনঃ ছুৰা নূৰঃ ৫৫)

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামে কৈছেঃ
“যেতিয়া তোমালোকে ঈনা পদ্ধতিত (ব্যবসায়ৰ নাম দি কৌশলে সুদ খোয়াৰ এটা পদ্ধতি) কিনা-বেচা কৰিবা, গৰুৰ নেজ মজবুতকৈ ধৰি থাকিবা (অর্থাৎ পশু পালনত বেছি মনোযোগী হৈ যাবা), কৃষিকাম লৈয়েই সন্তুষ্ট থাকাবা আৰু জিহাদ পৰিত্যাগ কৰিবা তেতিয়া আল্লাহে তোমালোকৰ উপৰত অপমান জপাই দিব। যেতিয়া লৈকে নহয় তোমালোক তোমালোক “দ্বীনত” প্রত্যাবর্তন কৰিবা তেতিয়ালৈকে তোমালোকৰ উপৰৰ পৰা সেই অপমান উঠাই লোয়া নহ'ব।”
(হাদিছটো ছহীহ, ছিলছিলাতুল আহা’দিছ আছ-ছহীহা’হঃ ১১)

বাস্তবিকতে দেখা যায় যে, বর্তমানে মুছলিম সকলৰ উপৰত বহুত দুঃখ দুর্দশা আহিছে, লাঞ্চনা-গঞ্জনা, কাফেৰ সকলৰ পক্ষৰ পৰা নির্যাতন ও অপমানৰ চিকাৰ হৈছে মুছলিম সকল, বিভিন্ন আকাশী-পৃথিবী মুচীবত আহিছে মুছলিমসকলৰ উপৰত,
যেনেকৈ -
১. ইন্দোনেচিয়াৰ চুনামিত লক্ষাধিক মানুহ পানিত ডুবি নিহত
২. বাংলাদেশৰ ছাভাৰত বিন্ডিং ধ্বসি প্রায় ১৫০০ মানুহ নিহত
৩. আফগানিস্তানত ভূমিধ্বসি খুব কম সময়ৰ ভিতৰতেই প্রায় ২৫০০ মানুহ মাটিৰ চাপত নিহত
৪. বার্মা, ভাৰতৰ গুজৰাট, অসম, আফ্রিকাৰ বিভিন্ন দেশত, মিচৰ, চিৰিয়াসহ বিশ্বৰ বিভিন্ন দেশৰ মুছলিম সকলক গণহত্যা, খুন, ধর্ষণ, ঘৰৰ পৰা উচ্ছেদ ইত্যাদি।

            এই সকলোৱেই হৈছে- মুছলিম সকলৰ পাপৰ ফল। মুছলিম সকলক আল্লাহ তাআ’লাই বিশেষ দায়িত্ব দি পৃথিবীত পঠিয়াইছে (আল্লাহৰ ইবাদত কৰা, মানুহক সেইদিশত আহবান কৰা…) সেইটো সিহঁতে কৰা নাই – ইয়াৰ ফলতেই সিহঁতৰ উপৰত অপমানৰ বোজা চপাই দিছে আল্লাহে। এই অপমানৰ ও আজাবৰ চিকাৰ হৈয়ো যিসকলে নিজক সংশোধন নকৰিব, পাপাচাৰ ও অবাধ্যতাত লিপ্ত থাকিব, আল্লাহে সিহঁতৰ ওপৰৰ পৰা দ্বীনক কাড়ি লৈ সিহঁতৰ পৰিবর্তে অন্য জাতিক আনিব। যেনেকৈ আমি দেখিব পাৰো আন্দালুচ বা স্পেনত। এক সময়ত সেইঠাইত মুছলিমসকলৰ ৰাজত্ব আছিল, কিন্তু সেইঠাইৰ মুছলিমসকলে দ্বীনক পাহৰি দুনিয়াক লৈ ব্যস্ত হৈ পৰিছিল, ইমাম ইবনে হাজম ৰাহিমাহুল্লাহে কৈছে, মুছলিম সমাজৰ অবস্থা ইমানেই বেয়া হৈ গৈছিল যে, ছোৱালীসকলে প্রকাশ্যে সিহঁতৰ কপালত টকাৰ অংক লিখি ৰাখিছিল। এটাৰ পিছত এটা মুছলিম দেশৰ পতন হৈছিল – মুছলিমসকলে আল্লাহৰ দ্বীনত ঘূৰি নাহি পাপাচাৰত লিপ্ত আছিল। সিহঁতৰ আল্লাহদ্রোহীতা ও সীমা লংঘনৰ বাবে চাৱক – আজি স্পেনত স্থানীয় মুছলিম নাই বুলিলেও ভুল নহ'ব, সেইঠাইৰ মছজিদ সমূহ হৈ গৈছে যাদুঘৰ লৈ!

     আজিৰ বিশ্বৰ বিভিন্ন মুছলিম দেশসমূহত লক্ষ্য কৰি চাৱক–
১. কৌটি কৌটি মানুহে কবৰ মাযাৰ পূজা, পীৰ পূজাত লিপ্ত। ছূফীবাদৰ শ্বিৰক, বেদাত ও কুসংস্কাৰত ডুবি আছে সমাজৰ লোকসকলে। আনকি বহুত মুছলমান আছে যিসকলৰ আকীদা আচলতে কাফেৰ মুশ্বৰিকসকলৰ নিচিনাই। যেনেকৈ ৰাছূল(ছাঃ)য়ে কৈছে, আমাৰ উম্মতৰ এটা অংশ মুশ্বৰিক সকলৰ লগত মিহলি হৈ যাব, সিহঁতে মূর্তি পূজা কৰিব।
২. দেশ চলি আছে খ্রীস্টান আব্রাহাম লিংকনৰ গণতন্ত্র, নাইবা নাস্তিক কার্ল মার্ক্স, লেলিনৰ সমাজতন্ত্র, জাতীয়তাবাদ সহ বিভিন্ন ইছলামবিৰোধী মানবৰচিত মতবাদ, আইন ও সংবিধান দি। (আল্লাহৰ আইনৰ বিপৰীতে মানব ৰচিত আইন=কুফুৰী, শ্বিৰক)।
৩. অধিকাংশ মানুহেই হৈছে বেনামাজী ।
৪. ৰাস্তাঘাটত, প্রত্যেক মোড়তেই সুদী ব্যংক বা এনজিওৰ ব্রাঞ্চ, মদৰ দোকান।
৫. ৰাস্তা-ঘাটত প্রকাশ্যে খুন কৰিছে, অত্যাচাৰী, জালেম সম্প্রদায়ৰ কোনো বিচাৰ নাই।
৬. বেহায়া, বেপর্দা, অর্ধনগ্ন নাৰী, সিহঁতে পতিতা শ্রেণী নাৰীসকলক
(দেশি-বিদেশী নায়িকা,গায়িকা) অনুকৰণ কৰে (জীবনযাত্রা, চালচলন, কাপোৰ পৰিধানত)।
৭. স্কুল কলেজ, অফিচ ৰাস্তা-ঘাট সহ গোটেই সমাজ ব্যবস্থাত যিনা ব্যভিচাৰ, পৰকীয়া, অশ্লীলতাৰ ব্যপকতা।

             যিমানদিন লৈকে নহয় মুছলিমসকলে নিজক সংশোধন কৰিব, দ্বীনক প্রতিষ্ঠিত কৰিব সিমানদিন লৈকে সিহঁতৰ সমস্যাৰ সমাধান নহ'ব। আকৌ একশ্রেণীৰ মানুহে যিটো ভাবে, দ্বীন প্রতিষ্ঠা মানে মাত্র ৰাষ্ট্রীয়ভাবে ইছলামী আইন আৰম্ভ কৰা – নহয়, কোৰআন,হাদীচত মাত্র খলিফা, চুলতান, প্রেচিডেন্ট, প্রধানমন্ত্রীক সংশোধন কৰিলেই সমস্যাৰ সমাধান হৈ যাব বুলি কোৱা হোৱা নাই, বৰং কোৱা হৈছে – জাতিৰ পৰিবর্তন, মুছলিম জাতি দ্বীনলৈ অহা।